নতুন দিল্লীৰ পৰা কেজৰিৱাল..কলকাজীৰ পৰা আতিশী, আপৰ ৩৮ গৰাকী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে প্ৰকাশ কৰিছে চতুৰ্থ আৰু চূড়ান্ত তালিকা, য’ত ৩৮ জন প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট কৰা হৈছে । নতুন দিল্লীৰ আসনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অৰবিন্দ কেজৰিৱাল । কলকাজীৰ পৰা অতিশী আৰু বৃহত্তৰ কৈলাশৰ পৰা সৌৰভ ভৰদ্বাজ হব প্ৰাৰ্থী । কস্তুৰবা নগৰৰ আসনত বৰ্তমানৰ বিধায়ক মদন লালৰ টিকট বাতিল কৰি দলটোৱে সুযোগ দিছে ৰমেশ পেহলৱানক, যিয়ে নিজৰ কাউন্সিলাৰ পত্নী কুসুম লতাৰ সৈতে বিজেপি ত্যাগ কৰি আপত যোগদান কৰিছে ।

ইফালে দিল্লী বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । আম আদমী পাৰ্টিয়ে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে । ইয়াৰ পূৰ্বে দলটোৱে তিনিখন তালিকা প্ৰকাশ কৰিছিল য’ত ৩২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছিল । নতুন তালিকাৰ জৰিয়তে আপে নিৰ্বাচনী ক্ষেত্ৰখনত নিজৰ দলটো সম্পূৰ্ণ কৰিছে ।

তালিকা প্ৰকাশৰ লগে লগে বিজেপিক লক্ষ্য কৰি ল’লে কেজৰিৱালে-

চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ লগে লগে কেজৰিৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ টুইটাৰত লিখিছে যে আজি আম আদমী পাৰ্টিয়ে আটাইকেইখন (৭০খন) আসনত প্ৰাৰ্থী ঘোষণা কৰে । সম্পূৰ্ণ আস্থা আৰু সম্পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দলটোৱে । বিজেপি সন্ধানহীন হৈ আছে । তেওঁলোকৰ কোনো মুখ্যমন্ত্ৰীৰ মুখ নাই, কোনো দল নাই, কোনো পৰিকল্পনা নাই আৰু দিল্লীৰ বাবে কোনো দৃষ্টিভঙ্গী নাই । তেওঁলোকৰ মাত্ৰ এটা শ্লোগান আছে, কেৱল এটা নীতি আৰু কেৱল এটা মিছন – কেজৰিৱালক আঁতৰাওক”।

আমাৰ দৃষ্টিভংগী আছে…পৰিকল্পনা আছে-

কেৱল এয়াই নহয় কেজৰিৱালে লিখিছে যে আমাৰ দলৰ দৃষ্টিভংগী আছে, দিল্লীৰ জনসাধাৰণৰ উন্নয়নৰ পৰিকল্পনা আছে আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ শিক্ষিত লোকৰ এটা ভাল দল আছে । যোৱা দহ বছৰত কৰা কামৰ এখন দীঘলীয়া তালিকা আছে । দিল্লীৰ ৰাইজে কাম কৰা সকলক ভোট দিব, গালি-গালাজ কৰা সকলক নহয় ।

ঘণ্টাৰ পিছত ঘণ্টা ৰানৱেত ৰখাই থলে এয়াৰ ইণ্ডিয়াৰ বিমান; যাত্ৰীৰ মাজত হাহাকাৰ

মুম্বাইৰ পৰা দিল্লীলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এআই২৯৯৪ বিমানখন বহুতো সমস্যাৰ সন্মুখীন হৈছে। পুৱা ১০.২৫ বজাত বিমানখনে মুম্বাইৰ টাৰ্মিনেল ২ ৰ পৰা দিল্লীলৈ উৰা মাৰিব লগা আছিল।

কিন্তু ২ বাজি যোৱাৰ পিছটো বিমানখন উৰা মৰা নাছিল। বিমানখনৰ ভিতৰত যাত্ৰীসকলৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সামাজিক মাধ্যমত যাত্ৰী সকলৰ এটা ভিডিঅ’ ভাইৰেল হৈছে।

য’ত তেওঁলোকে অভিযোগ কৰিছে যে বিমানখন পলম হোৱা আৰু যাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা সন্দৰ্ভত এয়াৰলাইন কোম্পানী এয়াৰ ইণ্ডিয়াৰ পৰা কোনো বিবৃতি দিয়া হোৱা নাই।

ভোকে-পিয়াহে সকলোৰে অৱস্থা অতি বেয়া হৈ পৰিছিল। পিছত যাত্ৰী সকলক আন এখন বিমানেৰে দিল্লীলৈ প্ৰেৰণ কৰা হয়।    

আজিৰ দিনটোতে দিল্লীয়ে লাভ কৰিছিল ৰাজধানীৰ মৰ্যাদা, জানক কি আছিল ইয়াৰ কাৰণ

আজি দেশৰ ৰাজধানী দিল্লীক সকলোৱে চিনি পায়, দেশৰ সকলো ৰাজ্যৰ মানুহে ইয়াত বসবাস কৰি ইয়াত বসতি স্থাপন কৰিছে । অতি কম সংখ্যক লোকেহে জানে যে দিল্লী পূৰ্বে ভাৰতৰ ৰাজধানী নাছিল ।  দিল্লীয়ে ১১৩ বছৰ পূৰ্বে ১৯১১ চনৰ ১২ ডিচেম্বৰত এই মৰ্যাদা পাইছিল । ইয়াৰ আগতে কলকাতা দেশৰ ৰাজধানী আছিল । সেই সময়ৰ তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড হাৰ্ডিঙে ১৯১১ চনত নতুন ৰাজধানী হ’ব দিল্লী হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু কি ইমান বিশেষ আছিল যে দিল্লীক ৰাজধানী হিচাপে বাছনি কৰা হৈছিল জানক ।

দিল্লী কিয় ৰাজধানী ?

দিল্লীক ৰাজধানী হিচাপে বাছি লোৱাৰ আঁৰত ব্ৰিটিছৰ এটা সুচিন্তিত কৌশল আছিল । ১৮৫৭ চনৰ বিপ্লৱৰ সময়ত কেৱল দিল্লীতে ব্ৰিটিছ শাসন সুৰক্ষিত হৈছিল । সেই সময়ৰ বিদ্ৰোহ ইয়াত দমন কৰা হৈছিল । ব্ৰিটিছৰ বাবে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা দিল্লী আছিল অন্যতম নিৰাপদ আৰু গুৰুত্বপূৰ্ণ চহৰ । ইয়াৰ বাহিৰেও সেই সময়ৰ ভাইচৰয় ইয়াত বাস কৰিছিল । বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়টো তেতিয়াৰ ভাইচৰয়ৰ বাসগৃহ আছিল ।

ইয়াৰ বাহিৰেও দিল্লী দেশৰ মাজমজিয়াত আছিল, য’ৰ পৰা সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তলৈ সহজে যাব পৰা গৈছিল । ইফালে কলকাতা দেশৰ পশ্চিম প্ৰান্তত অৱস্থিত আছিল, যাৰ বাবে বাকী অংশলৈ যোৱা আৰু নিৰীক্ষণ কৰাত অসুবিধা হৈছিল ।

বংগ বিভাজন দুৰ্বল কৰাৰ চিন্তা-

সেই সময়ত বংগ দেশৰ স্বাধীনতাৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছিল, ইয়াৰ বাহিৰেও ১৯০৫ চনত বংগ বিভাজনৰ পিছত স্বাধীন আন্দোলন আৰু প্ৰতিবাদে নতুন গতি লাভ কৰিছিল । এই কাৰণেই ব্ৰিটিছ চৰকাৰে এই আন্দোলনক কলকাতাৰ পৰা আঁতৰাই দমন কৰিব বিচাৰিছিল ।

কাৰ পৰামৰ্শত দিল্লীত ৰাজধানী নিৰ্মাণ কৰা হৈছিল ?

১৯১১ চনৰ ২৫ আগষ্টত ছিমলাৰ পৰা ভাইচৰয় লৰ্ড হাৰ্ডিঙৰ এখন চিঠি ব্ৰিটিছ চৰকাৰলৈ যায় । য’ত লিখা আছিল যে ‘কলিকতাতকৈ দিল্লীক ৰাজধানী কৰি শাসন কৰাটো ব্ৰিটেইনৰ বাবে উত্তম বিকল্প হ’ব’। ইয়াৰ উপৰিও এই চিঠিত দিল্লীৰ বতৰৰ কথাও উল্লেখ কৰা হৈছিল যি ব্ৰিটিছৰ বাবে উপযোগী আছিল ।

ভাৰতৰ ৰাজধানী হোৱাৰ ২০ বছৰৰ পাছত ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত নতুন দিল্লী উদ্বোধন কৰা হয় । ইয়াক উদ্বোধন কৰে লৰ্ড ইৰউইনে । এই সময়ছোৱাত ডাক টেলিগ্ৰাফ বিভাগে ছটা ডাক টিকট জাৰি কৰিছিল । ইংৰাজৰ এই নতুন ৰাজধানীৰ প্ৰথম ভৱন হিচাপে পুৰণি সচিবালয় নিৰ্মাণ কৰা হৈছিল । ইয়াৰ ডিজাইনাৰ আছিল ই মণ্টেগ থমাছ । ইয়াৰ পিছত দিল্লীৰ মানচিত্ৰখন ধাৰাবাহিকভাৱে সলনি হৈ থাকিল । ১৯৫৬ চনত ই কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয় আৰু ১৯৯১ চনৰ ৬৯ সংখ্যক সংশোধনীত ইয়াক ৰাষ্ট্ৰীয় ৰাজধানীৰ মৰ্যাদা দিয়া হয় ।

এজনে শুধিলে নাম এজনে চলালে গুলি , পুৱা খোজ কাঢ়ি থাকোতেই ৰাজপথতে গুলীয়াই হত্যা ব্যৱসায়ীক

দিল্লীৰ শ্বাহদাৰাত আকৌ এবাৰ গুলীচালনাৰ ঘটনা পোহৰলৈ আহিছে। ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই যাওঁতে গুলীয়াই হত্যা কৰা হ’ল ব্যৱসায়ীক ।

এখন বাইকত অহা দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে বাচনৰ ব্যৱসায়ী গৰাকীক।দুৰ্বৃত্ত দুটাই ৭-৮ ৰাউণ্ড গুলী চালনা কৰিছিল আৰু ৪ টাকৈ গুলি দেহত লাগিছিল ব্যৱসায়ী জনৰ।

জানিব পৰা মতে ৫২ বছৰীয়া সুনীল জৈনে শনিবাৰে পুৱা যমুনা ক্ৰীড়া কমপ্লেক্সত খোজ কাঢ়ি ঘৰলৈ উভতি গৈ আছিল ।

সেই সময়তে বাইকত অহা দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে সুনীল দৈনক। ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।