ৰাছিয়াৰ ওপৰত পুনৰ ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ; জ্বলি ছাই হ’ল টুৱাপছে বন্দৰ
ৰাছিয়াৰ ওপৰত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ
দেওবাৰে নিশা ইউক্ৰেইনে ৰাছিয়াত বৃহৎ ড্ৰোন আক্ৰমণ চলায় । ইউক্ৰেইনে ৰাছিয়াৰ টুৱাপছে বন্দৰ আৰু এখন তেল টেংকাৰক লক্ষ্য কৰি লয় । নিশাৰ ভিতৰতে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত এই বন্দৰটো জ্বলি চাই হৈ পৰে । এই আক্ৰমণক শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ আক্ৰমণ বুলি গণ্য কৰা হৈছে ।
খবৰ অনুসৰি এই আক্ৰমণ ইমানেই ভয়াৱহ আছিল যে বন্দৰটোৰ এটা অংশত অগ্নিকাণ্ড সংঘটিত হয় আৰু ৰাছিয়াৰ তেল টাৰ্মিনেল প্ৰভাৱিত হয় । ৰাছিয়াৰ এয়াৰ ডিফেন্স ইউনিটে এই আক্ৰমণৰ সময়ত আকাশৰ মাজভাগত ১৬৪খন ইউক্ৰেইনৰ ড্ৰোন ধ্বংস কৰা বুলি দাবী কৰিছে ।
ৰাছিয়াৰ এক সংবাদ সংস্থাৰ মতে, দেওবাৰে নিশা ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ সময়ত ৰাছিয়াৰ এয়াৰ ডিফেন্স ইউনিটে ১৬৪খন ইউক্ৰেইনৰ ড্ৰোন ধ্বংস কৰে । দেওবাৰে ক্ষেত্ৰীয় বিষয়াসকলে কয় যে ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ফলত টুৱাপছেত বন্দৰটোৰ যথেষ্ট ক্ষতিসাধন হয় ।
লগতে পঢ়ক : ড্ৰাগছ মাফিয়া-গেংষ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; এদিনতে নিহত ৬৪