চাঞ্চল্যকৰ; কাৰাগাৰৰ ভিতৰতে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত দীপাংকৰ বৰ্মনক আক্ৰমণ
ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত দীপাংকৰ বৰ্মনক আক্ৰমণ
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।কাৰাগাৰৰ ভিতৰতে ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দীপাংকৰ বৰ্মনক হত্যাৰ চেষ্টা।
কয়দীৰ চুৰীকাঘাতত গুৰুতৰভাৱে আহত DB ষ্টকৰ স্বত্বাধিকাৰী গৰাকী ।বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে তেওঁ।
জানিব পৰা মতে দীপাংকৰক পৰিকল্পিতভাৱে হত্যা কৰাৰ চেষ্টা কৰিছিল কয়দীগৰাকীয়ে।গৰু চুৰিৰ গোচৰত জে’ললৈ যোৱা আচামীয়ে আক্ৰমণ কৰিছিল দীপাংকৰক।
অৱশ্যে কি কাৰণত দীপাংকৰক হত্যা চেষ্টা চলাইছিল সেই কথা জানিব পৰা নাই।কিন্তু এই ঘটনাৰ পিছতেই কাৰাগাৰৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাঃ কেতিয়া দাখিল কৰা হ’ব অভিযোগনামা ?