ডালিমৰ উপকাৰিতাৰ বিষয়ে জানেনে? শতাধিক ৰোগৰ হয় মহৌষধী
ডালিমৰ উপকাৰিতাৰ বিষয়ে জানেনে?
ডালিম এনে এবিধ ফল যিয়ে শৰীৰক সুস্থ কৰি ৰাখে বুলি জনা যায় ৷ ডালিম স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু ইয়াক খালে ৰক্তহীনতাৰ লগতে আন বহুতো ৰোগৰ পৰা আঁতৰি থাকিব পাৰি ৷
ডালিমত উচ্চ পৰিমাণে ফাইবাৰ আৰু পুষ্টি থকাৰ বাবে-ই পচন শক্তি বৃদ্ধি কৰাত সহায় কৰে।যদি আপোনাৰ কোষ্ঠকাঠিন্য বা পেট জ্বলা-পোৰাৰ সমস্যা আছে-তেনেহলে আপোনাৰ বাবে-ডালিম খোৱাটো অতি উপকাৰী।
যদি হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখিব বিচাৰে-তেন্তে আপুনি ডালিম খোৱা আৰম্ভ কৰিব পাৰে।ডালিমৰ ৰস সেৱন কৰি আপুনি হৃদযন্ত্ৰ সম্পৰ্কীয় সকলো ৰোগ পৰিহাৰ কৰিব পাৰে।ই ৰক্ত সঞ্চালনো উন্নত কৰে।
উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলেও ডালিম খাব লাগে।ডালিমে ৰক্তচাপ নিয়ন্ত্ৰণ কযি ৰখাত বহু পৰিমাণে সহায় কৰে।।
ডায়েবেটিচত ভুগি থকা লোকসকলৰ বাবেও ডালিম উপকাৰী।ডালিমৰ ডায়েবেটিক ৰোধী গুণে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
শেহতীয়া এক অধ্যয়নত প্ৰমাণ পোৱা অনুসৰি-ডালিমৰ ৰসৰ সেৱনে স্মৃতিশক্তি বৃদ্ধি কৰে।
অত্যাধিক চাপৰ সন্মুখীন হোৱাসকলে-তেওঁলোকৰ আহাৰত ডালিম অন্তৰ্ভূক্ত কৰাটো খুবেই জৰুৰী।কিয়নো-ডালিমে আমাৰ শৰীৰত চাপ বৃদ্ধি হবলৈ নিদিয়ে।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: উজ্জ্বল ছালৰ বাবে এক অমূল্য উপহাৰ এলোভেৰা; কেনেকৈ কৰিব ব্যৱহাৰ