ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৯০.১১ টকালৈ হ্রাস

আশংকাই সঁচা হ’ল ৷ নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ ৷

অৱশেষত আশংকাই সঁচা হ’ল ৷ বিশ্বৰ বিনিয়োগকাৰীসকলে দেশৰ বজাৰৰ পৰা জমা পুঁজি প্রত্যাহাৰ কৰাৰ পৰিণতিত নজিৰবিহীনভাৱে হ্রাস পাইছে ভাৰতীয় মুদ্রাৰ দৰ ৷ ডলাৰৰ নিৰিখত ধাৰাবাহিকভাৱে পতন অব্যাহত থকাত বুধবাৰে ভাৰতীয় মুদ্রাৰ দাম কমি হয়গৈ ৯০.১১ টকা ৷ যিটো টকাৰ মূল্য পতনৰ ক্ষেত্রত সর্বকালৰ অভিলেখ হিচাপে চিহ্ণিত হৈছে ৷

আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে বৈদেশিক মুদ্রাৰ বজাৰত স্থিতিশীল হোৱাৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই টকাৰ ৷

উল্লেখ্য যে পৰহি টকাৰ দৰ এক ডলাৰৰ বিপৰীতে ৪২ পইচা হ্রাস পাই ৮৯.৯৫ টকা হৈছিল ৷ এই ধাৰাবাহিকতা অব্যাহত থাকি কালি বজাৰ খোলাৰ পাছতে পুৱা ১০ বজাত ডলাৰৰ তুলনাত পুনৰ ১৫ পইচা হ্রাস পায়৷ এক কথাত ক’বলৈ গ’লে কালি টকাৰ দৰ সর্বকালৰ সর্বনিম্ন হৈ পৰে ৷

ইয়াতে প্রশ্ন উঠিছে– ভাৰতীয় মুদ্রাৰ মূল্য কিয় এনেদৰে নিম্নগামী হৈ পৰিছে ?  শ্বেয়াৰ বজাৰত একাংশ বিশেষজ্ঞৰ মতে, বাণিজ্য–অর্থনীতিসহ বিভিন্ন কাৰণত কোনেও দীর্ঘদিন বিনিয়োগ কৰিবলৈ সাহস কৰিব পৰা নাই ৷

ইয়াতে আকৌ ৰামটাঙোন শোধাইছে বিশ্ব বজাৰৰ অস্থিৰতাই ৷ একাংশ অর্থনীতিবিদৰ মতে, আকৌ টকাৰ পতন কোনো আশ্চর্যকৰ ঘটনা নহয় ৷ কিন্তু যি হাৰত পতন ঘটিছে, সেয়া অপ্রত্যাশিত৷ মন কৰিবলগীয়া কথাটো হ’ল– দুর্বল টকাৰ কাৰণে হ্রাস পাইছে ৰপ্তানি আয় ৷ ইয়াৰ বিপৰীতে আমদানি ব্যয় বৃদ্ধি হৈছে ৷

বিশেষকৈ অপৰিশোধিত তেল, ইলেক্ট্র’নিকছ আৰু শিল্প পণ্যৰ ক্ষেত্রত ৷ সেইদৰে বিদেশী ঋণপ্রাপ্ত সংস্থাসমূহৰ ঋণৰ খৰচ ক্রমশঃ বাঢ়ি গৈছে ৷ যাৰ বিৰূপ প্রভাৱ পৰিব পাৰে দেশৰ অর্থনীতিত ৷ ইতিমধ্যে আর্থিক ক্ষেত্রত সাংঘাতিক ধৰণে অনিশ্চয়তাৰ প্রভাৱ পৰিছে শ্বেয়াৰ আৰু মুদ্রাত ৷ তদুপৰি ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি সন্দর্ভত কোনো ঘোষণা নোহোৱাৰ বাবেও টকাৰ মূল্য হ্রাস পোৱা বুলি কোৱা হৈছে ৷

বিদেশী বিনিয়োগকাৰী সংস্থাসমূহে ভাৰতত শ্বেয়াৰ বিক্রী কৰি ডলাৰত বিনিয়োগ কৰিবলৈ উৎসাহী ৷ যাৰ কাৰণে শ্বেয়াৰ বজাৰৰ সূচকো হৈ পৰিছে নিম্নগামী ৷ বিদেশী বিনিয়োগ এইদৰে ভাৰতৰ বজাৰত হ্রাস পাই অহাৰ লগে লগে টকাৰ দৰৰো ক্রমশঃ পতন ঘটিব ধৰিছে ৷

বজাৰৰ এনে অৱস্থালৈ চাই বহু বিশেষজ্ঞই স্পর্শকাতৰ বিষয়টোত ভাৰতীয় ৰিজার্ভ বেংকৰ হস্তক্ষেপ দাবী কৰিছে ৷ তেওঁলোকৰ মতে, পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইক্ষেত্রত ভাৰতীয় ৰিজার্ভ বেংকে হস্তক্ষেপ কৰাটো অতি জৰুৰী ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ডলাৰৰ তুলনাত টকাৰ পতন অব্যাহত থকাৰ মাজতে ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ সঞ্জয় মালহোত্রাই কৈছিল যে বজাৰত যোগান আৰু চাহিদাৰ অংকই ইয়াৰ মূল কাৰণ ৷ কিন্তু ইয়াৰ পাছতো টকাৰ পতনত হস্তক্ষেপ কৰিবলৈ আগ্রহ প্রকাশ কৰা নাছিল ভাৰতীয় ৰিজার্ভ বেংকে ৷

লগতে পঢ়ক : ভাৰতীয় ষ্টেট বেংকে বন্ধ কৰিব এই বিশেষ সেৱা; কি প্ৰভাৱ পৰিব ?

ব্ৰিকছ মুদ্ৰা বনাম ডলাৰঃ ভাৰত, চীন, ৰাছিয়াক সকিয়নী দিলে ট্ৰাম্পে

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প বৰ্তমান শুল্কৰ ভাবুকিৰ বাবে বাতৰিৰ শিৰোনামাত আছে । কেইদিনমান পূৰ্বে, ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে কৈছিল যে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে চীন, কানাডা আৰু মেক্সিকোৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক বৃদ্ধি কৰিব । কিন্তু, এতিয়া তেওঁ ভাৰতকে ধৰি ব্ৰিকছ দেশসমূহক এই শুল্কৰ ভাবুকি দিছে ।

ড’নাল্ড ট্ৰাম্পে ব্ৰিকছ দেশসমূহক সকীয়াই দিছে যে যদি তেওঁলোকে ডলাৰৰ বিকল্প হিচাপে নিজৰ মুদ্ৰা আনে তেন্তে আমেৰিকাই তেওঁলোকৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব । অৰ্থাৎ এই দেশসমূহৰ পৰা আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত ১০০% শুল্ক আৰোপ কৰা হ’ব । ইয়াৰ পিছতে এতিয়া ড’নাল্ড ট্ৰাম্পৰ এই ভাবুকিৰ আঁৰৰ কাৰণ সন্দৰ্ভত চলিছে ব্যাপক চৰ্চা ।

কি ক’লে ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছিল, “আমি নিঃশব্দে ডলাৰৰ পৰা আঁতৰি যাবলৈ ব্ৰিকছ দেশসমূহৰ প্ৰচেষ্টা চাই আছো, এই যুগ এতিয়া শেষ হৈছে । আমাক ব্ৰিকছ দেশসমূহৰ পৰা এক প্ৰতিশ্ৰুতিৰ প্ৰয়োজন যে তেওঁলোকে নতুন ব্ৰিকছ মুদ্ৰা সৃষ্টি নকৰে বা আমেৰিকান ডলাৰৰ সলনি আন কোনো মুদ্ৰা সমৰ্থন নকৰে । যদি তেওঁলোকে এনে কৰে, তেন্তে তেওঁলোকে ১০০ শতাংশ শুল্কৰ সন্মুখীন হ’ব ।”

তেওঁ আৰু লিখিছে, “যদি ব্ৰিকছ দেশবোৰে এনে কৰে, তেন্তে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত বিক্ৰী কৰিব নোৱাৰিব । তেওঁলোকে আন ঠাই বিচাৰিব পাৰে । আন্তৰ্জাতিক বাণিজ্যত ব্ৰিকছে আমেৰিকান ডলাৰ সলনি কৰিবলৈ সক্ষম হোৱাৰ কোনো সম্ভাৱনা নাই আৰু এনে কৰা যিকোনো দেশক আমেৰিকাই বিদায় জনাব লাগে ।‘

ব্ৰিকছ দেশসমূহৰ মুদ্ৰাৰ ফলত আমেৰিকাৰ কিমান লোকচান হ’ব ?

ডলাৰৰ চাহিদা হ্ৰাস হোৱাৰ ফলত ইয়াৰ মূল্য হ্ৰাস হ’ব পাৰে, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিত্তীয় বজাৰত অস্থিৰতা বৃদ্ধি কৰিব পাৰে । ইয়াৰ উপৰিও, ডলাৰৰ দুৰ্বলতাই আমদানি ব্যয়বহুল কৰি তুলিব, যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য ঘাটি বৃদ্ধি হ’ব । একে সময়তে, যদি আমেৰিকা যুক্তৰাজ্যই, যি বাৰে বাৰে ডলাৰ ব্যৱহাৰ কৰি অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰে, ডলাৰৰ দখল দুৰ্বল কৰে, তেনেহ’লে আমেৰিকাৰ নিষেধাজ্ঞাৰ প্ৰভাৱো হ্ৰাস পাব ।

ইয়াৰ বাহিৰেও বি বি চিৰ এক প্ৰতিবেদন অনুসৰি বিশ্বজুৰি ব্যৱসায়িক লেনদেন, আন্তঃৰাষ্ট্ৰীয় পেমেণ্ট, ঋণ, আমদানি আৰু ৰপ্তানি কেৱল আমেৰিকান ডলাৰতহে কৰা হয় । যদি আমি বিশ্বব্যাপী মুদ্ৰা মজুতৰ কথা কওঁ তেন্তে ইয়াত ডলাৰৰ অংশ ৫৯ শতাংশ । আনহাতে, বিশ্বৰ মুঠ ঋণৰ ৬৪ শতাংশ কেৱল ডলাৰতহে লেনদেন কৰা হয় । একে সময়তে আন্তঃৰাষ্ট্ৰীয় লেনদেনত ডলাৰৰো ডাঙৰ অংশীদাৰিত্ব আছে, প্ৰায় ৫৮ শতাংশ । বিদেশী পেমেণ্টতো ডলাৰৰ আধিপত্য আছে । ইয়াত ইয়াৰ অংশ ৮৮ শতাংশ । এনে পৰিস্থিতিত যদি ব্ৰিকছ দেশসমূহে ডলাৰৰ বিকল্প হিচাপে নিজৰ মুদ্ৰা আনে, তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমেৰিকা আৰু ইয়াৰ মুদ্ৰা ডলাৰৰ ওপৰত দেখা যাব । এই কাৰণেই আমেৰিকাই ব্ৰিকছ দেশসমূহৰ এই পদক্ষেপক লৈ ভয় খাইছে ।

ব্ৰিকছ দেশসমূহৰ নিজা মুদ্ৰা-

ডলাৰৰ বিকল্প হিচাপে ব্ৰিকছ দেশসমূহৰ মুদ্ৰাক লৈ চিন্তিত ড’নাল্ড ট্ৰাম্প । এই বিষয়ে ২০২৩ চনৰ আগষ্ট মাহত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত আলোচনা কৰা হৈছিল । এই সন্মিলনত ব্ৰিকছ দেশসমূহৰ মাজত পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ বাবে এক উমৈহতীয়া মুদ্ৰা সৃষ্টিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল । এইবাৰো অক্টোবৰ মাহত অনুষ্ঠিত ব্ৰিকছ দেশসমূহৰ শীৰ্ষ সন্মিলনত ৰাছিয়াই এই প্ৰস্তাৱৰ বাবে জোৰদাৰ দাবী জনাইছিল ।