ভাৰতত মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতিক…আমেৰিকাত কাক এই দায়িত্ব দিয়া হয় ?

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে ড’নাল্ড ট্ৰাম্প । আজি অৰ্থাৎ ২০২৫ চনৰ ২০ জানুৱাৰী, সোমবাৰে ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠান । কিন্তু আমেৰিকাত ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰোৱাই জানেনে ?

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প-
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি শপত গ্ৰহণ কৰিবলৈ ওলাইছে । ইয়াৰ লগে লগে জো বাইডেনৰ কাৰ্যকালৰো অন্ত পৰিল । উল্লেখ্য যে ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ ওলাইছে । সহজ ভাষাত ক’ব পাৰি যে হোৱাইট হাউছ এৰাৰ প্ৰায় ৪ বছৰ পিছত ট্ৰাম্পে পুনৰ প্ৰৱেশ কৰিব হোৱাইট হাউছত ।

কোনে শপত গ্ৰহণ কৰোৱাই ?
আমেৰিকাৰ ৱাশ্বিংটনত বৰ্তমান অত্যন্ত ঠাণ্ডা । যাৰ বাবে ড’নাল্ড ট্ৰাম্পে শপতগ্ৰহণৰ সময়ত দিয়া উদ্বোধনী ভাষণ মুকলিকৈ অনুষ্ঠিত নহ’ব । আমেৰিকাৰ কেপিটেলৰ ৰটাণ্ডাৰ ভিতৰতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে । মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱাব । আমেৰিকাৰ যিকোনো ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৩৫ শব্দৰ শপত ?
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৩৫ টা শব্দত শপত লয় । এই শব্দবোৰ আমেৰিকাৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ অংশ, যাক সংবিধানৰ মৌলিক আত্মা বুলি কোৱা হয় ।
“I do solemnly swear (or affirm) that I will faithfully execute the Office of President of the United States, and will to the best of my ability, preserve, protect and defend the Constitution of the United States.”

মই দৃঢ়তাৰে শপত খাওঁ (বা প্ৰতিজ্ঞা কৰোঁ) যে মই বিশ্বস্ততাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ নিষ্ঠাৰে পালন কৰিম, আৰু মোৰ সম্পূৰ্ণ সামৰ্থ্যৰে আমেৰিকাৰ সংবিধান সংৰক্ষণ, সুৰক্ষা আৰু ৰক্ষা কৰিম ।”

দুখন বাইবেল লৈ শপত গ্ৰহণ কৰিব ট্ৰাম্পে-
উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত ড’নাল্ড ট্ৰাম্পে দুখন বাইবেল ব্যৱহাৰ কৰিব । ইয়াৰে এখন তেওঁক মাতৃয়ে উপহাৰ হিচাপে দিছিল, আনহাতে আনখন হৈছে লিংকন বাইবেল ।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব এইসকল অতিথি-
ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলি, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানী ভাৰতৰ অতিথি হিচাপে উপস্থিত আছে । একে সময়তে টেছলা আৰু স্পেচএক্সৰ চি ই অ’ ইলন মাস্ক, আমাজনৰ কাৰ্যবাহী অধ্যক্ষ জেফ বেজোছ আৰু মেটা প্লেটফৰ্মছৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।

শপতগ্ৰহণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ নৈশ ভোজত অংশ ল’লে মুকেশ আৰু নীতা আম্বানীয়ে…

ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে । এই বিশেষ অনুষ্ঠানত বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতি, বিশ্ব ব্যৱসায়িক নেতা আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাৰ মনোনীত সদস্য উপস্থিত থাকে ।

ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত আম্বানী পৰিয়ালক আন ভাৰতীয় উদ্যোগী, যেনে এম থ্ৰী এম ডেভেলপাৰ্ছৰ পৰিচালন সঞ্চালক পংকজ বানছাল, ট্ৰাইবেকা ডেভেলপাৰ্ছৰ প্ৰতিষ্ঠাপক কল্পেশ মেহতাৰ সৈতে দেখা যায় । ভাৰতত ট্ৰাম্প টাৱাৰ স্থাপনৰ মূল অংশীদাৰ কল্পেশ মেহতা । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিসমূহত মেহতাই মুকেশ আৰু নীতা আম্বানীৰ সৈতে প’জ দিয়া দেখা গৈছে ।

বিশেষ পোছাক পৰিধান কৰা দেখা গ’ল আম্বানী পৰিয়ালক-

এই অনুষ্ঠানত মুকেশ আম্বানীয়ে ক’লা চ্যুট, আনহাতে নীতা আম্বানীয়ে ৰেচমৰ শাৰীৰ সৈতে দীঘল অভাৰকোট পিন্ধা দেখা গৈছিল । আন বহু বৃহৎ উদ্যোগপতিও এই অনুষ্ঠানত অংশ লৈছিল । ইয়াৰ উপৰিও এই উপলক্ষে আমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজোছ আৰু মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গকো দেখা গৈছিল ।

৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সলনি কৰিবলগীয়া হ’ল স্থান; ক’ত শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে

২০ জানুৱাৰীত আমেৰিকাৰ ওপৰত দৃষ্টি থাকিব সমগ্ৰ বিশ্বৰ । কাৰণ ২০ জানুৱাৰীত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । খবৰ অনুসৰি ট্ৰাম্পে শপত গ্ৰহণ অনুষ্ঠানত দুখন বাইবেল ব্যৱহাৰ কৰিব । এই বাইবেলখন ট্ৰাম্পক তেওঁৰ মাতৃয়ে দিছিল । ১৯৫৫ চনত নিউয়ৰ্কৰ জামাইকাৰ ছাণ্ডে চাৰ্চ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত এই বাইবেল লাভ কৰিছিল ট্ৰাম্পে । বাইবেলখন ১৯৫৩ চনৰ সংশোধিত সংস্কৰণ আৰু ইয়াৰ বেটুপাতত ট্ৰাম্পৰ নাম লিখা আছে ।

লগতে দ্বিতীয়খন বাইবেলৰ কথা কবলৈ গ’লে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব লগা দ্বিতীয়খন বাইবেলক লিংকন বাইবেল বুলিও কোৱা হয়, যিখন ১৮৬১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে শপত গ্ৰহণ অনুষ্ঠানত ব্যৱহাৰ কৰিছিল । এই বাইবেলখন এতিয়ালৈকে মাত্ৰ তিনিবাৰহে ব্যৱহাৰ কৰা হৈছে । ইয়াৰ ওপৰত দুবাৰকৈ শপত গ্ৰহণ কৰিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই । তৃতীয়বাৰৰ বাবে ২০১৭ চনত ড’নাল্ড ট্ৰাম্পে নিজেই এই বাইবেলখন ব্যৱহাৰ কৰি শপত গ্ৰহণ কৰিছিল ।

জে ডি ভেন্সেও তেওঁৰ পৰিয়ালৰ বাইবেল ব্যৱহাৰ কৰিব-

ড’নাল্ড ট্ৰাম্পৰ পিছত যদি আমি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জে ডি ভেন্সৰ কথা কওঁ, তেন্তে তেওঁও শপত গ্ৰহণ অনুষ্ঠানত মাতৃয়ে দিয়া বাইবেল ব্যৱহাৰ কৰিব । তেওঁৰ আইতাকে সেই সময়ত মাতৃক দিয়াৰ বাবে ইয়াক তেওঁৰ পৰিয়ালৰ বাইবেল বুলিও কোৱা হয় । তাৰ পিছত ২০০৩ চনৰ ২২ ছেপ্টেম্বৰত মেৰিন কৰ্পছত ভৰ্তি হ’বলৈ ওলোৱাৰ সময়ত মাতৃ বনিয়ে তেওঁক এই বাইবেল দিছিল । এই বাইবেলখন হৈছে কিং জেমছ সংস্কৰণ ।

৪০ বছৰৰ পাছত হ’ব এনে-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ স্থানৰ পৰিৱৰ্তনে ৪০ বছৰৰ আগৰ কথা অৰ্থাৎ ১৯৮৫ চনৰ কথা মনত পেলাই দিয়ে । যেতিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানেও ঠাণ্ডাৰ বাবে ৰটাণ্ডাত ভাষণ দিছিল । উল্লেখ্য যে ইয়াৰ পূৰ্বে এই অনুষ্ঠানটো আমেৰিকাৰ কেপিটেলৰ বাহিৰৰ নেশ্যনেল মলত অনুষ্ঠিত হ’বলগীয়া আছিল । ট্ৰাম্পে আৰু কয় যে ঠাণ্ডাৰ বাবে ১৯৮৫ চনত ৰ’নাল্ড ৰেগানে কৰা ধৰণে ৰটাণ্ডাত শপত গ্ৰহণৰ ভাষণ দিব তেওঁ ।

অভিলেখ সংখ্যক অনুদান, বিশ্ব আগশাৰীৰ নেতাৰ সমাৱেশ, ভি আই পি পাছ…, বিশাল হ’ব ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠান

২০ জানুৱাৰীত আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৃহৎ উদ্যোগপতি আৰু বিশ্বৰ নেতাসকলে সমবেত হ’ব । কিয়নো আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । এই শপত গ্ৰহণ অনুষ্ঠান বহু দিশত বিশেষ হ’ব । শপতগ্ৰহণ অনুষ্ঠানলৈ আমেৰিকাই নিজৰ মিত্ৰ দেশৰ নেতাসকলক আমন্ত্ৰণ জনাইছে । এই নিমন্ত্ৰণ লাভ কৰাসকলৰ ভিতৰত ভাৰতো অন্যতম । একে সময়তে সমগ্ৰ বিশ্বৰ উদ্যোগপতিসকলেও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অপেক্ষা কৰি আছে । বহু চেলিব্ৰিটিয়ে ভি আই পি পাছ ল’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে যাতে তেওঁলোকে নতুন চৰকাৰৰ ওচৰ চাপিবলৈ সুযোগ পায় ।

ভাৰতৰ পৰা উপস্থিত থাকিব বৈদেশিক মন্ত্ৰী ড০ জয়শংকৰ-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই তথ্য দিছে । বৈদেশিক মন্ত্ৰীগৰাকীয়ে আমেৰিকা ভ্ৰমণৰ সময়ত ট্ৰাম্প চৰকাৰৰ আন প্ৰতিনিধিকো সাক্ষাৎ কৰিব পাৰে । অৱশ্যে কোনজন নেতাক সাক্ষাৎ কৰিব সেই সম্পৰ্কে তথ্য দিয়া হোৱা নাই । ভাৰতে নতুন চৰকাৰৰ সৈতেও বছৰ বছৰ ধৰি আমেৰিকাৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ গতি বজাই ৰাখিবলৈ চেষ্টা কৰিছে ।

শপত গ্ৰহণ অনুষ্ঠানত কোন কোন বিশ্ব নেতাই অংশগ্ৰহণ কৰিব-

পৰম্পৰাগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বিশ্বৰ নেতাসকলক নিমন্ত্ৰণ কৰা নহয় যদিও এইবাৰ ট্ৰাম্পে এই পৰম্পৰা ভংগ কৰিছে । ট্ৰাম্পে ব্যক্তিগতভাৱে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে । ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত আমেৰিকা আৰু চীনৰ মাজত প্ৰতিদ্বন্দ্বিতা আছিল বাবেই জিনপিঙক আমন্ত্ৰণ জনোৱাৰ কথা যথেষ্ট চৰ্চা হৈছে । আমেৰিকাই চীনৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰিছিল, যাৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা সৃষ্টি হৈছিল । অৱশ্যে জিনপিঙক দ্বিতীয় কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই ট্ৰাম্পে বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ সাজু বুলি ইংগিত দিছে ।

অৱশ্যে জিনপিঙে এতিয়াও ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাটো নিশ্চিত কৰা নাই আৰু তেওঁৰ ঠাইত চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝেং বা চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িও আমেৰিকালৈ যাব পাৰে বুলিও চৰ্চা চলিছে । চীনৰ ৰাষ্ট্ৰপতিৰ উপৰিও এল ছালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলীকো আমন্ত্ৰণ জনোৱা হৈছে । অৱশ্যে আন ৰাষ্ট্ৰপতিৰ তথ্য পোহৰলৈ অহা নাই ।

ট্ৰাম্পে বিচাৰে বিশাল অনুষ্ঠান-

আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ট্ৰাম্পে বিচাৰে যে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানটো বিশাল হওক আৰু সমগ্ৰ বিশ্বৰ নেতাসকলে ইয়াত অংশগ্ৰহণ কৰক । শেহতীয়াকৈ ফ্ৰান্সৰ এটা ঐতিহাসিক গীৰ্জা পুনৰ নিৰ্মাণৰ পিছত উদ্বোধনী অনুষ্ঠানত ট্ৰাম্পে অংশগ্ৰহণ কৰিছিল । সেই কাৰ্যসূচীত প্ৰায় ৮০খন দেশৰ নেতা গোট খাইছিল । এতিয়া ট্ৰাম্পে বিচাৰে যে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানো একেধৰণৰ হওক ।

অভিলেখ সংখ্যক অনুদান-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে লাভ কৰিছে অভিলেখ অনুদান । দৰাচলতে নতুন চৰকাৰখনক সন্তুষ্ট কৰিবলৈ বৃহৎ উদ্যোগপতিসকলে শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বৰঙণি আগবঢ়াইছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়ালৈকে ১৭ কোটি ডলাৰৰ ধন সংগ্ৰহ কৰা হৈছে আৰু ই ২০ কোটি ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । বয়িং, মেটা, মাইক্ৰ’ছফ্ট, গুগল আদি ডাঙৰ ডাঙৰ কোম্পানীয়ে বিপুল অনুদান আগবঢ়াইছে ।

“মই ডনাল্ড ট্ৰাম্পক পৰাজিত কৰিব পাৰিলোহেঁতেন, কিন্তু…” ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ২ মাহ পিছত বাইডেনৰ বিস্ফোৰক মন্তব্য

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদায়ী ৰাষ্ট্ৰপতি জ’ বাইডেনে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰায় দুমাহ পিছত এটা ডাঙৰ মন্তব্য দি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাইডেনে কৈছে যে তেওঁ নৱেম্বৰত হোৱা সাধাৰণ নিৰ্বাচনত ট্ৰাম্পক পৰাজিত কৰিব পাৰিলে হেঁতেন, কিন্তু ডেমক্ৰেটিক পাৰ্টিক একত্ৰিত কৰিবলৈ নিৰ্বাচনৰ মাজভাগত তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনত, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক বাইডেনৰ ঠাইত ডেমক্ৰেটিক পাৰ্টিৰ মনোনীত ব্যক্তি হিচাপে মনোনীত কৰা হৈছিল, যি ডনাল্ড ট্ৰাম্পৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈছিল।

শুকুৰবাৰে হোৱাইট হাউচৰ সংবাদমেলত বাইডেনক সোধা হৈছিল যে, ” নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্তৰ বাবে আপুনি অনুতপ্ত নেকি?” আপুনি ভাবেনে যে ট্ৰাম্পক আপোনাৰ উত্তৰাধিকাৰী হোৱাৰ এটা সহজ সুযোগ দিছিল?”

এই প্ৰশ্নৰ উত্তৰত জ’ বাইডেনে কয় যে “মই ভাবো মই ট্ৰাম্পক পৰাস্ত কৰিব পাৰিলোহেঁতেন। মই ভাবো কমলাই ট্ৰাম্পক পৰাজিত কৰিব পাৰিলেহেঁতেন। দলটোক একত্ৰিত কৰাটো গুৰুত্বপূৰ্ণ আৰু যেতিয়া দলটো এইটো কথাত চিন্তিত আছিল যে মই আগবাঢ়িব পাৰিম নে নোৱাৰো, সেই সময়ত মই ভাবিছিলো যে দলটোক একত্ৰিত কৰাটো ভাল হ’ব” । কিন্তু মই ভাবিছিলো যে মই পুনৰ জিকিব পাৰিম। ’

উল্লেক্য যে জুন মাহত আটলাণ্টাত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীসকলৰ মাজত হোৱা বৈঠকখনত ৮২ বছৰীয়া বাইডেনে ভাল প্ৰদৰ্শন কৰা নাছিল।

বিতৰ্কৰ পিছত, বাইডেনৰ দলৰ লোকসকলে তেওঁৰ প্ৰাৰ্থিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে আৰু শেষত, বাইডেনে ৰাষ্ট্ৰপতিপদৰ দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়।

বাইডেনে ৰাষ্ট্ৰপতি দৌৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ পিছত, উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক ডেমক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হয়।

অৱশ্যে, তেওঁ ট্ৰাম্পৰ হাতত পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। সংবাদমেলত বাইডেনে লগতে কয় যে কমলা হেৰিছে পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সক্ষম।

বাইডেনে লগতে কয় “মই ভাবো এইটো  এনেএটা সিদ্ধান্ত যাৰ বিষয়ে তেওঁ পুনৰ ভাবিব পাৰে। তেওঁ ৪ বছৰৰ পিছত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম। এই সিদ্ধান্তটো তেওঁয়েই ল’ব লাগিব’।

ডেম’ক্ৰেটিক পাৰ্টিৰ নেতা বাইডেনে ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিব।আৰু ডনাল্ড ট্ৰাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ তম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব।

কানাডাৰ পৰা আৰম্ভ কৰি গাজাৰ বন্দীসকলক মুকলি কৰি দিয়ালৈকে… শপত গ্ৰহণৰ পূৰ্বে ট্ৰাম্পে প্ৰকাশ কৰিলে নিজৰ কৰ্মসূচী

২০ জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । ইয়াৰ পূৰ্বে মঙলবাৰে ফ্ল’ৰিডাৰ নিজৰ মাৰ-এ-লাগো বাসগৃহত এখন সংবাদমেল অনুষ্ঠিত কৰি তেওঁ নাটো, গাজাত ইজৰাইলৰ পণবন্দী, গ্ৰীণলেণ্ড ক্ৰয় কৰা আৰু পানামা কেনেল নিয়ন্ত্ৰণকে ধৰি নিজৰ এজেণ্ডা তথা কৰ্মসূচীৰ ৰূপৰেখা দাঙি ধৰে । ইলন মাস্কক লৈও তেওঁ নিজৰ মতামত প্ৰকাশ কৰে আৰু কানাডাক আমেৰিকাৰ ৫১ সংখ্যক ৰাজ্য হিচাপে কৰা জল্পনা-কল্পনাৰ বিষয়েও প্ৰকাশ কৰে ।

কানাডাৰ বিষয়ে কয় ট্ৰাম্পে-

কানাডাৰ বিষয়ে প্ৰশ্ন কৰাত ট্ৰাম্পে কয় যে কানাডা আমেৰিকাৰ এখন ৰাজ্য হ’ব লাগে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে এয়া ভাল হ’ব বুলিও তেওঁ কয় । ট্ৰাম্পে কয় যে মোৰ কানাডাত বহুত বন্ধু আছে, মই কানাডাৰ জনসাধাৰণক ভাল পাওঁ, কিন্তু আমেৰিকাই আৰু কানাডাক অৰ্থনৈতিকভাৱে সহায় কৰিব নোৱাৰে । কানাডাৰ ওপৰত শুল্ক আৰোপ কৰাৰ ইংগিতো দিয়ে তেওঁ । তেওঁ কয় যে আমি কানাডাক আমেৰিকাৰ অংশ হিচাপে গঢ়ি তুলিবলৈ অৰ্থনৈতিক শক্তি ব্যৱহাৰ কৰিম ।

হামাছক সকীয়াই দিলে ট্ৰাম্পে-

গাজাত ইজৰাইলী পণবন্দীক লৈ হামাছক সকীয়াই দিছে ট্ৰাম্পে । তেওঁ কয় যে যদি মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ইজৰাইলী পণবন্দীসকলক ঘূৰাই নিদিয়ে তেন্তে মধ্যপ্ৰাচ্যৰ সকলো ধ্বংস হ’ব । তেওঁ কয় যে এইটো হামাছকে ধৰি কাৰো বাবে ভাল নহ’ব ।

মেক্সিকো উপসাগৰৰ নাম সলনি কৰি কৰা হ’ব আমেৰিকা উপসাগৰ-

সংবাদমেলত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ ঘোষণা কৰে । তেওঁ কয় যে তেওঁ গালফ অৱ মেক্সিকোৰ নাম সলনি কৰি গালফ অৱ আমেৰিকা কৰিবলৈ ওলাইছে । তেওঁ কয়, কি সুন্দৰ নাম এয়া । এইটো যুক্তিসংগতও । অৱশ্যে ইয়াৰ বাবে কোনো সময়সীমা দিয়া নাই তেওঁ ।

পানামা কেনেল-গ্ৰীনলেণ্ড দখলৰ দাবী পুনৰবাৰ উল্লেখ কৰে-

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ পানামা কেনেল আৰু গ্ৰীণলেণ্ড দখল কৰাৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে । এই দুয়োটা অঞ্চলৰ নিয়ন্ত্ৰণ দখল কৰিবলৈ সামৰিক শক্তিৰ ব্যৱহাৰ নুই নকৰে বুলিও তেওঁ কয় । তেওঁ কয় যে এই দুয়োটা ক্ষেত্ৰতে আমেৰিকাৰ নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে গুৰুত্বপূৰ্ণ । তেওঁ কয় যে পানামা কেনেল চীনে চলাই আছে, আনহাতে আমি কেনেলটো পানামাক দিছিলোঁ । তেওঁলোকে ইয়াৰ অপব্যৱহাৰ কৰিছে । এইটো নিৰ্মাণ কৰা কেতিয়াও উচিত নাছিল ।

প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ বাবে নাটো দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ট্ৰাম্পে-

সংবাদমেলৰ সময়ত ড’নাল্ড ট্ৰাম্পে নাটোৰ সদস্যসকলক তেওঁলোকৰ প্ৰতিৰক্ষা ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) পাঁচ শতাংশলৈ বৃদ্ধি কৰিবলৈ হেঁচা প্ৰয়োগ কৰে । তেওঁ কয় যে নাটো দেশসমূহে ইয়াৰ সামৰ্থ্য আছে, কিন্তু সেয়া দুই শতাংশ নহয়, পাঁচ শতাংশ হ’ব লাগে । ট্ৰাম্পে আৰু কয়, ‘আমাৰ হাতত থকা ধনৰ অতি কম অংশহে ইউৰোপে পাব । আমাৰ মাজত এক সাগৰ আছে, ইউৰোপতকৈ ট্ৰিলিয়ন ডলাৰ বেছি টকা খৰচ কৰিম কিয় ?’

বাইডেনৰ পুৰণি সিদ্ধান্তও সলনি হ’ব-

সংবাদমেলৰ সময়ত তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীৰ বহু সিদ্ধান্ত সলনি কৰাৰ ইংগিতো দিয়ে । তেওঁ ঘোষণা কৰে যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁ গেছ আৰু তেলৰ বাবে অফশ্ব’ৰ ড্ৰিলিঙৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’ব । উল্লেখযোগ্য যে জো বাইডেনে বহু অঞ্চলত সাগৰত তেল আৰু গেছ খনন নিষিদ্ধ কৰিছিল । ইয়াৰ আঁৰৰ কাৰণ তেওঁৰ জলবায়ু এজেণ্ডাক অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ কয় । একে সময়তে ট্ৰাম্পে ইয়াক বাতিলৰ দিশে আগবাঢ়িছে ।

‘দৰদামৰ বিষয় নহয়’, ট্ৰাম্পৰ মন্তব্যৰ প্ৰত্যুত্তৰ পানামাৰ ৰাষ্ট্ৰপতিৰ…

পানামা কেনেলৰ নিয়ন্ত্ৰণ পুনৰ লোৱা সন্দৰ্ভত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দিয়া বক্তব্যই এক বিতৰ্কৰ সৃষ্টি কৰিছে । পানামাৰ ৰাষ্ট্ৰপতি জোচে ৰাউল মুলিনোৱে এই মন্তব্যক নাকচ কৰি নিজৰ দেশৰ সাৰ্বভৌমত্বক অপমান কৰা বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে পানামা কেতিয়াও দৰদামৰ বিষয় নহয় ।

কি কৈছিল ট্ৰাম্পে ?

দেওবাৰে ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁৰ প্ৰশাসনে পানামা কেনেল পুনৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব পাৰে, যিটো কেনেল আমেৰিকাই মূৰ্খামিৰ দৰে মধ্য আমেৰিকাৰ মিত্ৰশক্তিৰ হাতত গতাই দিছিল । তেওঁ যুক্তি দিছিল যে আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰক সংযোগ কৰা এই গুৰুত্বপূৰ্ণ কেনেলটোৰ মাজেৰে জাহাজৰ পৰা অপ্ৰয়োজনীয় মাচুল লোৱা হয় ।

পানামাৰ ৰাষ্ট্ৰপতিয়ে দিলে প্ৰত্যুত্তৰ-

পানামাৰ ৰাষ্ট্ৰপতি মুলিনোৱে ট্ৰাম্পৰ এই বক্তব্য নাকচ কৰি কয়, ‘কেনেলটো আৰু ইয়াৰ আশে-পাশে থকা প্ৰতিটো বৰ্গমিটাৰ পানামাৰ আৰু পানামাৰ হৈ থাকিব । বহু বিষয়ত পানামাৰ জনসাধাৰণৰ মতামত হয়তো বেলেগ বেলেগ, কিন্তু আমাৰ কেনেল আৰু আমাৰ সাৰ্বভৌমত্বৰ কথা আহিলে আমি সকলোৱে একত্ৰিত হৈ আছো । গতিকে পানামাই কেনেলটো নিয়ন্ত্ৰণ কৰে আৰু ই কেতিয়াও দৰদামৰ বিষয় নহয় ।’

মুলিনোৰ এই বক্তব্য প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ্নেষ্টো পেৰেজ বালাডাৰেছ, মাৰ্টিন টৰিজোছ আৰু মিৰেয়া মস্কোছ’ইও সমৰ্থন জনায় । তেওঁলোকে কয় যে আমাৰ দেশ আৰু আমাৰ কেনেলৰ সাৰ্বভৌমত্ব বিক্ৰীৰ বাবে নহয় ।

কিয় আমেৰিকাই কেনেলটো পানামাক গতাই দিছিল-

আমেৰিকাই ১৯০০ চনৰ আৰম্ভণিতে এই কেনেলটো নিৰ্মাণ কৰিছিল যাতে ইয়াৰ উপকূলৰ মাজত বাণিজ্যিক আৰু সামৰিক জাহাজৰ চলাচলৰ সুবিধা হয় । ১৯৭৭ চনত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰ স্বাক্ষৰিত চুক্তিৰ অধীনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰত আমেৰিকাই এই জলপথৰ নিয়ন্ত্ৰণ পানামাক অৰ্পণ কৰে ।

কিয় বিতৰ্কিত পানামা কেনেল ?

জলাশয়ৰ ওপৰত নিৰ্ভৰশীল এই কেনেলটো ২০২৩ চনত খৰাং পৰিস্থিতিৰ ফলত বেয়াকৈ প্ৰভাৱিত হৈছিল, যাৰ ফলত দেশখনে ইয়াৰ মাজেৰে যোৱা জাহাজৰ সংখ্যা সীমিত কৰিবলৈ বাধ্য হৈছিল । ইয়াৰ উপৰিও নাৱৰ পৰা লোৱা মাচুলো বৃদ্ধি কৰা হয় । চলিত বৰ্ষৰ শেষৰ মাহবোৰত বতৰ স্বাভাৱিক হোৱাৰ বাবে কেনেলটো ট্ৰেনজিট স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও অহা বছৰো বৃদ্ধি পোৱা মাচুল অব্যাহত থকাৰ সম্ভাৱনা আছে ।

ট্ৰাম্পৰ দলৰ আন এজন ভাৰতীয় মূলৰ ব্যক্তি, শ্ৰীৰাম কৃষ্ণনক জ্যেষ্ঠ নীতি উপদেষ্টা নিযুক্তি

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ দলত আন এজন ভাৰতীয় মূলৰ ব্যক্তিক স্থান দিছে । দেওবাৰে তেওঁ ভাৰতীয় আমেৰিকান উদ্যোগী, ভেঞ্চাৰ কেপিটেলিষ্ট তথা লেখক শ্ৰীৰাম কৃষ্ণনক কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত হোৱাইট হাউছৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়ে ।

তেওঁ কয়, ‘শ্ৰীৰাম কৃষ্ণনে হোৱাইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ত কৃত্ৰিম বুদ্ধিমত্তাৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিব । ইয়াৰ পূৰ্বে কৃষ্ণনে মাইক্ৰ’ছফ্ট, টুইটাৰ, য়াহু, ফেচবুক, আৰু স্নেপত প্ৰডাক্ট টিমৰ নেতৃত্ব দিছিল । তেওঁ ডেভিদ অ’ চেকছৰ সৈতে কাম কৰিব, যি হ’ব হোৱাইট হাউছৰ এ আই আৰু ক্ৰিপ্টো জাৰ ।

https://twitter.com/sriramk/status/1870955225978384509

ট্ৰাম্পে কয় যে ডেভিদ চেকছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি শ্ৰীৰামে এ আইত আমেৰিকাৰ নেতৃত্ব অব্যাহত ৰখাত গুৰুত্ব দিব । ৰাষ্ট্ৰপতিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ উপদেষ্টা পৰিষদৰ সৈতে কাম কৰাকে ধৰি সমগ্ৰ চৰকাৰখনতে এ আই নীতি গঢ় দিয়া আৰু সমন্বয় কৰাত সহায় কৰিব । মাইক্ৰ’ছফ্টত উইণ্ড’জ এজুৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে শ্ৰীৰামে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ।

মই সন্মানিত অনুভৱ কৰিছো: কৃষ্ণন

নিযুক্তি ঘোষণাৰ পিছত কৃষ্ণনে কয় যে মই সন্মানিত অনুভৱ কৰিছো । মই মোৰ দেশৰ সেৱা কৰিবলৈ চেষ্টাত কোনো ত্ৰুটি নাৰাখো । ডেভিদ চেকছৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি এ আইত আমেৰিকাৰ নেতৃত্ব অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ পাই মই সন্মানিত হৈছো ।

ভাৰতীয় আমেৰিকান সম্প্ৰদায়ে আদৰণি জনাইছে-

কৃষ্ণনৰ এই নিযুক্তিক ভাৰতীয় আমেৰিকান সম্প্ৰদায়ে আদৰণি জনাইছে । ইণ্ডিয়াস্পোৰাৰ কাৰ্যবাহী সঞ্চালক সঞ্জীৱ যোশিপুৰাই কয় যে আমি শ্ৰীৰাম কৃষ্ণনক আন্তৰিকতাৰে অভিনন্দন জনাইছো । ড’নাল্ড ট্ৰাম্পে তেওঁক হোৱাইট হাউছৰ বিজ্ঞান আৰু প্ৰযুক্তি নীতিৰ কাৰ্যালয়ৰ জ্যেষ্ঠ নীতি উপদেষ্টা হিচাপে নিযুক্তি দিয়াত আমি আনন্দিত হৈছো । শ্ৰীৰাম বহু বছৰ ধৰি এ আইৰ ক্ষেত্ৰত এজন অন্তৰ্দৃষ্টিসম্পন্ন চিন্তাবিদ আৰু প্ৰভাৱশালী ব্যক্তি । ৰাজহুৱা নীতি, আন্তঃৰাষ্ট্ৰীয় বিষয়, বিনিয়োগ আৰু প্ৰযুক্তিৰ সংমিশ্ৰণেৰে তেওঁৰ অতীতৰ কামে তেওঁক এই গুৰুত্বপূৰ্ণ ভূমিকাত দেশ সেৱা কৰাত সহায় কৰিব । ইণ্ডিয়াস্পোৰা শ্ৰীৰামৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী ।

“ব্ৰিকছৰ মুদ্ৰাৰ বাবে কোনো প্ৰস্তাৱ নাই”: ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ সতৰ্কবাণীৰ পিছত ক’লে এছ জয়শংকৰে

কাটাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নতুন মুদ্ৰা প্ৰৱৰ্তনৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই । জয়শংকৰে দোহা ফ’ৰামত অংশগ্ৰহণৰ বাবে কাটাৰলৈ গৈছে । ভাৰত, ৰাছিয়া আৰু চীনৰ দৰে ডাঙৰ উদীয়মান অৰ্থনীতিকে ধৰি ব্ৰিকছৰ সদস্য দেশসমূহক নতুন মুদ্ৰা সৃষ্টি নকৰিবলৈ বা ডলাৰৰ ঠাইত আন কোনো মুদ্ৰা সমৰ্থন নকৰিবলৈ ট্ৰাম্পে সকীয়নি জনোৱাৰ এসপ্তাহৰ পিছত জয়শংকৰে এই মন্তব্য প্ৰদান কৰিছে  ।

ব্ৰিকছৰ সদস্যসকলে ডি-ডলাৰাইজেচন নীতি আৰম্ভ কৰিলে বা আমেৰিকান ডলাৰৰ পৰা আঁতৰি গ’লে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে ।

ব্ৰিকছৰ দেশসমূহ ব্ৰিকছৰ মুদ্ৰাৰ ওপৰত আগবাঢ়ি গ’লে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত শেহতীয়াকৈ ট্ৰাম্পে দিয়া সতৰ্কবাণীৰ কথা উল্লেখ কৰি জয়শংকৰে কয়, ‘মই সঠিকভাৱে নাজানো ইয়াৰ আঁৰৰ কাৰণ কি আছিল (ট্ৰাম্পৰ মন্তব্য), কিন্তু আমি সদায় তেনেকৈয়ে কৈ আহিছো ভাৰত কেতিয়াও ‘ডি-ডলাৰাইজেচন’ৰ পক্ষপাতী হোৱা নাই,(সংৰক্ষিত মুদ্ৰা, বিনিময়ৰ মাধ্যম হিচাপে আমেৰিকান ডলাৰৰ ওপৰত দেশসমূহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা)। বৰ্তমান ব্ৰিকছৰ মুদ্ৰাৰ কোনো প্ৰস্তাৱ নাই ।‘ তেওঁ লগতে কয় যে ব্ৰিকছ দেশসমূহৰ স্থিতি (ব্ৰিকছৰ মুদ্ৰাৰ বিষয়ত) একে নহয় ।

জয়শংকৰে কয়, ‘আমাৰ পূৰ্বৰ ট্ৰাম্প প্ৰশাসনৰ সৈতে ভাল সম্পৰ্ক আছিল, অতি কঠিন সম্পৰ্ক আছিল, হয় কিছুমান বিষয় আছিল, বেছিভাগেই বাণিজ্য সম্পৰ্কীয় বিষয় আছিল । কিন্তু বহু বিষয় আছিল যিবোৰৰ ওপৰত ট্ৰাম্প অতি আন্তঃৰাষ্ট্ৰীয় আছিল আৰু প্ৰকৃততে  ট্ৰাম্পৰ কাৰ্যকালত কোৱাড পুনৰুজ্জীৱিত হৈছিল ।‘

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্যক্তিগত সম্পৰ্কৰ কথাও উল্লেখ কৰে, যিয়ে দুয়োখন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাত অৰিহণা যোগাইছে ।

তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত ব্যক্তিগত সম্পৰ্ক আছে… ব্ৰিকছৰ মন্তব্যৰ ক্ষেত্ৰত যিমানদূৰলৈকে আমি কৈছো যে ভাৰত কেতিয়াও ডি-ডলাৰাইজেচনৰ পক্ষত নাই, ব্ৰিকছৰ মুদ্ৰা থকাৰ কোনো লাভ নাই ‘ব্ৰিকছে বিত্তীয় লেনদেনৰ বিষয়ে আলোচনা নকৰে… আমেৰিকা আমাৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক অংশীদাৰ, ডলাৰ দুৰ্বল কৰাৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই ।’