‘আমি Situationship ত আছো’; কানত ধৰি জেকী ভগনানীয়ে বিচাৰিছে ক্ষমা

দেওবাৰে ৰাকুল প্ৰীত সিঙে জেকী ভগনানীৰ শেহতীয়া “পৰিস্থিতি” বক্তব্যৰ ওপৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰে। য’ত জেকী ভগনানীয়ে ক্ষমা বিচাৰিছে।

অভিনেতা-প্ৰযোজক জেকী ভগনানীয়ে দিয়া এটা বক্তব্য সন্দৰ্ভত বিগত দুদিন ধৰি বাতৰিৰ শিৰোনাম দখল কৰিছে,ইয়াৰ পিছতে ৰাকুল প্ৰীত সিঙৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন হৈছে।ৰাকুল প্ৰীত আৰু জেকী ভগনানীৰ মাজত তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত ২০২৪ চনত বিবাহপাশত আবদ্ধ হয়।  ৰাকুল প্ৰীতৰ সৈতে থকা সম্পৰ্কৰ কথা কওঁতে জেকী ভগননীয়ে এনে এটা মন্তব্য কৰিছে যিয়ে চৰ্চা লাভ কৰিছে।সামাজিক মাধ্যমত এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।

জেকীয়ে ৰাকুলৰ সৈতে তেওঁৰ বিবাহ আৰু সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি তেওঁলোকৰ সম্পৰ্কৰ সহজতা আৰু মুকলিতাক বৰ্ণনা কৰিবলৈ ইয়াক ” Situationship”(পৰিস্থিতিগত বন্ধুত্ব)ৰ সৈতে তুলনা কৰিছিল।তেওঁ কয় যে, ‘ৰাকুল আৰু মোৰ যদিও বিয়া হৈছে, কিন্তু আমি এক প্ৰকাৰৰ  Situationship (পৰিস্থিতিগত বন্ধুত্ব)ৰ মাজত আছো।অৱশ্যে আমি ইজনে সিজনৰ প্ৰতি দায়বদ্ধ,কাৰণ আমাৰ বিয়া হৈছে। কিন্তু, আমাৰ সম্পৰ্কটোৰ আটাইতকৈ ভাললগা কথাটো হ’ল যে,আমি কোনো সংকোচ নকৰাকৈ ইজনে সিজনৰ লগত যিকোনো কথা শ্বেয়াৰ কৰিব পাৰো।

জেকী ভগনানীৰ এই Situationship শব্দটো ব্যৱহাৰ কৰাৰ পিছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছে।তেওঁৰ এই মন্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এতিয়া ৰাকুল প্ৰীত সিঙে এটা হাস্যৰসময়ী ইনষ্টাগ্ৰাম ষ্ট’ৰী ভিডিঅ’ত এটা ক্লিপ শ্বেয়াৰ কৰিছে। য’ত তেওঁ স্বামী জেকী ভগনানীক শেহতীয়াকৈ কৰা “পৰিস্থিতি” মন্তব্যৰ বাবে ক্ষমা বিচাৰিবলৈ বাধ্য কৰাইছে। ৰাকুলে কৈছে যে, “মই তেওঁক কিমানবাৰ কৈছো যে আমি মিলেনিয়ল্স হয়, Gen Z হোৱাৰ প্ৰয়োজন নাই।তাৰ পিছতেই জেকীয়ে এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰিছে।  

লগতে পঢ়ক: ৰিয়া চক্ৰৱৰ্তী লৈ আদালতৰ ডাঙৰ সকাহ; বেংক একাউণ্ট পুনৰ সক্ৰিয় কৰাৰ নিৰ্দেশ