নিশা বিচনালৈ যোৱাব পূৰ্বে সেৱন কৰক এই পানীয় ; পাব আচৰিত ফলাফল

ভাৰতীয় পাকঘৰত পোৱা লং সোৱাদ আৰু সুগন্ধিৰ বাবে জনাজাত। এই লঙক ভাৰতীয় বহু ব্যঞ্জনত ব্যৱহাৰ কৰা হয়। লঙক ব্যঞ্জনৰ পৰা মিঠাইলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, যিয়ে সোৱাদ আৰু অধিক বৃদ্ধি কৰাত সহায় কৰে।

খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও, স্বাস্থ্যৰ বাবে বহুতো উপকাৰী হৈছে লং।  কেৱল লঙেই নহয় ইয়াৰ পানীয়েও স্বাস্থ্যৰ বাবে আশ্চৰ্যকৰ কাম কৰিব পাৰে। শোৱাৰ পূৰ্বে লঙৰ পানী সেৱন কৰিলে, আৰু অধিক লাভালাভ লাভ কৰিব পাৰে।

 বৃদ্ধি কৰে হজম প্ৰক্ৰিয়া- বহুলোকে ৰাতি পেট ফুলা আৰু গেছৰ দৰে হজমজনিত সমস্যাৰ সন্মুখীন হয়। যদি আপুনিও একে ধৰণৰ সমস্যাৰ দ্বাৰা অসুবিধাত পৰে।

তেন্তে  লঙৰ পানী খালে হজমৰ সমস্যা বোৰ দূৰ কৰাত এক পৰিৱৰ্তনকাৰী হিচাপে কাম কৰিব পাৰে।ডায়েৰিয়া আৰু গেষ্ট্ৰিকৰ জ্বলা-পোৰাৰ লক্ষণবোৰ উপশম কৰাত লং উপযোগী। লঙে হজমত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি – আপুনি সঘনাই অসুস্থ হয় নেকি? যদি হয়, ই দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লক্ষণ হ’ব পাৰে। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ লঙৰ দৰে মচলাৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

যিহেতু লঙত এণ্টিঅক্সিডেণ্ট থাকে, সেইবোৰৰ পানীয়ে ক্ষতিকাৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ আপোনাৰ ক্ষমতা উন্নত কৰিব পাৰে। লঙৰ পানীয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত কাম কৰিব।

যকৃত বিষমুক্ত কৰে- লঙৰ পানী খোৱাটোৱে আপোনাৰ যকৃতক বিষমুক্ত কৰাত সহায় কৰিব পাৰে। এক প্ৰতিবেদন অনুসৰি, লঙত পোৱা ইউজেনোলে যকৃতক ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে।

ইয়াৰ উপৰিও, ই প্ৰদাহ আৰু অক্সিডেটিভ চাপ হ্ৰাস কৰাত সহায় কৰে, যি হৈছে যকৃতৰ ক্ষতিৰ মুখ্য কাৰণ। যদি আপুনি যকৃতৰ সমস্যাৰ সন্মুখীন হৈছে, শোৱাৰ আগতে লঙৰ পানী খাব।

(পৰামৰ্শ সহ এই সামগ্ৰীয়ে কেৱল সাধাৰণ তথ্য প্ৰদান কৰে। এইটো কোনো ধৰণে যোগ্য চিকিৎসা পৰামৰ্শৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।)

এজন ব্যক্তিৰ সফলতাত বাধা হৈ পৰে এই ৬টা অভ্যাস, আজিয়েই ত্যাগ কৰক

আমাৰ দৈনন্দিন অভ্যাসেই আমাৰ জীৱনটো গঢ়ি তোলে বা ভাঙি পেলায় । কিছুমান অভ্যাস ভাল আৰু কিছুমান বেয়া । এফালে ভাল অভ্যাসে সফলতাৰ পথ মুকলি কৰি দিয়াৰ বিপৰীতে আনফালে বেয়া অভ্যাস সফলতাৰ বাটত পাহাৰৰ দৰে থিয় হৈ থাকে । এনে পৰিস্থিতিত এই বেয়া অভ্যাস ত্যাগ কৰিলেহে সফলতা লাভ কৰিব পাৰি । ইয়াত এনে কিছুমান অভ্যাসৰ কথা উল্লেখ কৰা হৈছে, যিবোৰৰ পৰা মুক্তি পালে সফলতাই নিজেই আপোনাৰ কাষ চাপিব ।

সফল হ’বলৈ এই ৬টা বেয়া অভ্যাস ত্যাগ কৰক-

সকলো কাম পিছলৈ ৰখা-

বহু লোকে প্ৰতিটো কাম পিছত কৰিম বুলি থৈ দিয়ে । এই অভ্যাসক বিলম্ব কৰা বুলি কোৱা হয় । যদি আপুনিও বিলম্ব কৰে আৰু আপোনাৰ কামক গুৰুত্ব নিদিয়ে তেন্তে সফলতাও আপোনাৰ পৰা আঁতৰি যাব । সময়মতে কাম শেষ কৰাৰ অভ্যাসে আনতকৈ আগুৱাই যোৱাত সহায় কৰে ।

নিজকে নেতিবাচক কথা কোৱা-

আমাৰ আচৰণ আৰু কথাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া কেনেবাকৈ নিজৰ লগত কথা পতাৰ লগত জড়িত হৈ থাকে । যদি কোনো ব্যক্তিয়ে নিজকে সকলো সময়তে নেতিবাচক কথা কৈ থাকে তেন্তে তেওঁৰ আত্মবিশ্বাস কমিবলৈ আৰম্ভ কৰে । একে সময়তে ইতিবাচক কথাবোৰে মনটোক উৎসাহেৰে ভৰাই তোলে আৰু ব্যক্তিজনে প্ৰতিটো সমস্যাৰ সমাধান নিজাববীয়াকৈ বিচাৰি পায় ।

ৰিস্ক নোলোৱাৰ অভ্যাস-

যদি আপুনি কেতিয়াও নিজৰ কেৰিয়াৰ বা কামৰ সন্দৰ্ভত কোনো ধৰণৰ ৰিস্ক লোৱা নাই, তেন্তে আপোনাৰ সফলতাৰ সম্ভাৱনাও কম হ’ব । কেতিয়াবা নতুন কিবা এটা কৰিবলৈ ৰিস্ক ল’বলগীয়া হয় । বিফলতাৰ সন্মুখীন হ’লেও ৰিস্ক লৈহে সফলতাৰ সম্ভাৱনা বৃদ্ধি পায় ।

জীৱনশৈলীৰ বেয়া অভ্যাস-

খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিয়া আৰু ব্যায়াম নকৰাৰ ফলত শৰীৰ এলাহৰ লগত অভ্যস্ত হৈ পৰে । ইয়াৰ ফলত মেদবহুলতা বৃদ্ধি পায় আৰু স্বাস্থ্যজনিত সমস্যাই ব্যক্তিজনক আগুৰি ধৰিবলৈ আৰম্ভ কৰে । এনে পৰিস্থিতিত জীৱনশৈলীৰ ভাল অভ্যাস গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ । ইয়াৰ ফলত শৰীৰটো ফিট হৈ থাকে আৰু নতুন কাম কৰিবলৈ আপুনি উত্তেজিত অনুভৱ কৰিব, আগবাঢ়ি যাবলৈ শক্তি পাব আৰু সফলতাৰ নতুন দুৱাৰ আপোনাৰ বাবে মুকলি হ’বলৈ আৰম্ভ কৰিব ।

সকলো সময়তে অভিযোগ কৰাৰ অভ্যাস-

যদি এজন ব্যক্তিয়ে সকলো সময়তে অভিযোগ কৰি থাকে আৰু যিকোনো কামত কোনোবা নহয় কোনোবা দোষ বিচাৰি থাকে, তেন্তে সফলতাও ব্যক্তিজনৰ পৰা পলাই যাবলৈ আৰম্ভ কৰে । যিসকলে অভিযোগ কৰাৰ পৰিৱৰ্তে নিজৰ যি আছে তাত নিজৰ সাধ্য অনুসৰি দিবলৈ চেষ্টা কৰে আৰু কৃতজ্ঞতাৰে আগবাঢ়ি যায় সফলতা তেওঁলোকৰ বাবে আহে ।

মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা-

কোৱা হয় যে যিজন ব্যক্তিয়ে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে তেওঁ সদায় এনে এক দ্বিধাদ্বন্দ্বত থাকে যে তেওঁৰ বাবে কাৰো বেয়া লাগিব নালাগে । এনে ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হয় ।

এই ৫টা কাৰণৰ বাবে পেটত হয় গেছ, বদহজম আৰু এচিডিটি, পৰিত্ৰাণ পাবলৈ আজিৰ পৰাই ত্যাগ কৰক এই অভ্যাস

বৰ্তমানৰ ব্যস্ত আৰু অনিয়মিত জীৱনশৈলীৰ বাবে পেটৰ সমস্যা যেনে গেছ, বদহজম, এচিডিটি আদি সাধাৰণ হৈ পৰিছে । এই সমস্যাবোৰে কেৱল পেটৰ বিষ কৰাই নহয় আমাৰ স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলায় । প্ৰায়ে পেটত গেছ হৈ থকাটো বেয়া অভিজ্ঞতা হ’ব পাৰে । কেতিয়াবা মূৰৰ বিষ আৰু ক্ৰেম্পো হয় । গেছৰ চিকিৎসাৰ বাবে প্ৰথমে গেছ হোৱাৰ আঁৰৰ কাৰণটো জনাটো জৰুৰী । ইয়াত আমি আপোনালোকক পেটৰ গেছ, বদহজম আৰু এচিডিটিৰ ৫টা মূল কাৰণৰ বিষয়ে ক’ম । লগতে এই সমস্যাবোৰৰ পৰা মুক্তি পাবলৈ কিছুমান সহজ আৰু ফলপ্ৰসূ সমাধানৰ বিষয়েও জানিব পাৰিব ।

পেটত গেছ, বদহজম আৰু এচিডিটিৰ ৫টা কাৰণ-

১/ ভুল খাদ্যাভ্যাস

বৰ্তমান মানুহৰ খাদ্যাভ্যাস সম্পূৰ্ণ সলনি হৈছে । মানুহে জাংক ফুড, মছলাযুক্ত খাদ্য আৰু তেলীয়া খাদ্য বেছিকৈ খায় । এই সকলোবোৰে পেটত গেছ, বদহজম আৰু এচিডিটিৰ সৃষ্টি কৰে ।

২/ ভুল সময়ত খোৱা

আজিকালি মানুহৰ খাদ্য খোৱাৰ নিৰ্দিষ্ট সময় নাথাকে । মন গ’লে যিকোনো বস্তু খাই । এই অনিয়মৰ বাবে পেটত গেছ, বদহজম আৰু এচিডিটিৰ সৃষ্টি হয় ।

৩/ মানসিক চাপ

মানসিক চাপো পেটৰ লগত জড়িত সমস্যাৰ এটা প্ৰধান কাৰণ । মানসিক চাপত থাকিলে আমাৰ পাচনতন্ত্ৰই সঠিকভাৱে কাম নকৰে যাৰ ফলত গেছ, বদহজম আৰু এচিডিটিৰ সৃষ্টি হয় ।

৪/ পানীৰ অভাৱ

আমাৰ শৰীৰত পানীৰ অভাৱৰ বাবে পেটত গেছ, বদহজম আৰু এচিডিটিৰ সৃষ্টি হয় । গতিকে সদায় নিজকে হাইড্ৰেটেড কৰি ৰখাত গুৰুত্ব দিব লাগে ।

৫/ কিছুমান ঔষধ-

পেটত গেছ, বদহজম আৰু এচিডিটি কিছুমান ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো হয় । যদি আপুনি অবিৰতভাৱে এই সমস্যাৰ সন্মুখীন হৈ আছে, তেন্তে চিকিৎসকৰ কাষ চাপক ।

গেছ, বদহজম আৰু এচিডিটিৰ পৰা সকাহ পোৱাৰ উপায়-

সঠিক খাদ্যাভ্যাস : খাদ্যত ফলমূল, শাক-পাচলি আৰু আঁহযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক । জাংক ফুড, মছলাযুক্ত খাদ্য আৰু তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকক ।

একে সময়তে খাদ্য গ্ৰহণ কৰক : আপোনাৰ খাদ্যৰ বাবে এটা সময় নিৰ্ধাৰণ কৰক আৰু একে সময়তে খাওক ।

মানসিক চাপৰ পৰা আঁতৰি থাকক : মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ যোগাসন আৰু ধ্যান কৰক ।

পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে : দিনটোত কমেও ৮-১০ গিলাচ পানী খাব লাগে ।

চিকিৎসকৰ পৰামৰ্শ লওক : যদি আপুনি অনবৰতে পেটৰ গেছ, বদহজম আৰু এচিডিটিৰ সমস্যাত ভুগি থাকে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ।

আজিয়েই এই অভ্যাসবোৰ এৰি দিয়ক-

যদি আপুনি পেটত গেছ, বদহজম আৰু এচিডিটিৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে আজিয়েই এই অভ্যাসবোৰ ত্যাগ কৰক :

-নিশাৰ পলমকৈ আহাৰ খোৱা

-খোৱাৰ পিছত লগে লগে শুই যোৱা

-অত্যধিক চাহ বা কফি খোৱা

-ধূমপান আৰু মদ্যপান কৰা

পেটৰ গেছ, বদহজম আৰু এচিডিটি সাধাৰণ সমস্যা, ইয়াক সহজে আৰোগ্য কৰিব পাৰি । সঠিক খাদ্য গ্ৰহণ, নিয়মিত সময়ত খাদ্য গ্ৰহণ, মানসিক চাপৰ পৰা আঁতৰি থাকি আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি ।

আৰ্থ্ৰাইটিছ, মাইগ্ৰেইন আৰু ঋতুস্ৰাৱৰ বিষৰ বাবে পেইনকিলাৰৰ দৰে কাম কৰে আদাই; কেনেদৰে কৰিব ব্যৱহাৰ

আমি আৰ্থ্ৰাইটিছ, চৰ্দি, কাহ, জ্বৰ, পেটৰ বিষ, ওকালি অহা, আৰু বদহজমৰ বাবে আদা আটাইতকৈ বেছি ব্যৱহাৰ কৰোঁ, কিন্তু আপুনি জানেনে যে পৃথিৱীৰ সকলো পেইনকিলাৰৰ ভিতৰত আদা হৈছে সৰ্বশ্ৰেষ্ঠ বিষ উপশমৰ বিকল্প?

ইয়াৰ কাৰণ হৈছে ইয়াত পোৱা আশ্চৰ্যজনক ফাইটোকেমিকেল। জিঞ্জাৰল আৰু শোগাওল হৈছে প্ৰাকৃতিক যৌগ যি আদাক বিশেষ কৰি তোলে।

মূৰৰ বিষ- যদি আপুনি ২০ গ্ৰাম আদা লৈ গুৰি কৰি তাৰ আধা কাপ ৰস ওলিয়াই খাওক। আৰু গুৰি কৰা আদাখিনি কপালত পেষ্টৰ দৰে প্ৰয়োগ কৰিলে, মুৰৰ বিষ নাইকিয়া হ’ব। মাইগ্ৰেইন-উপশমকাৰী ঔষধ ট্ৰিপ্টেনৰ প্ৰভাৱ আদাৰ দৰে একে।

আৰ্থ্ৰাইটিছ: আৰ্থ্ৰাইটিছত ভুগি থকা লোকসকলেও ইয়াৰ পৰা যথেষ্ট সকাহ পায়। আনকি হাই পাৱাৰ পেইনকিলাৰ নাখাই পাৰ্শ্বক্ৰিয়া অবিহনে আৰোগ্য হ’ব পাৰে।

আদাৰ ফাইটোকেমিকেলে গধুৰ পালিৰ ঔষধৰ ফলত হোৱা পাকস্থলীৰ ভিতৰৰ আৱৰণৰ ক্ষতি হ্ৰাস বা মেৰামতি কৰাত আশ্চৰ্যকৰ কাম কৰে।

চৰ্দি আৰু ফ্লুৰ বিৰুদ্ধে কাৰ্যকৰী:চৰ্দি আৰু ফ্লুত আদা খোৱাটো যথেষ্ট উপকাৰী। প্ৰথমতে, ই হাঁওফাঁওত উষ্ণতা সৃষ্টি কৰে আৰু দ্বিতীয়তে, ই হাঁওফাঁওত জমা হোৱা কফ গলোৱাত সহায় কৰে। এনেদৰে, ই চৰ্দি আৰু ফ্লুৰ বিৰুদ্ধে কাৰ্যকৰীভাৱে কাম কৰে।

মধুমেহত উপৰাকী- যিসকলৰ ডায়েবেটিচ বা হৃদৰোগ আছে, তেওঁলোকৰ বাবে আদা খোৱাটো যথেষ্ট উপকাৰী। দৰাচলতে, ই ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ নলীবোৰ স্বাস্থ্যৱান ৰাখে, যি ডায়েবেটিচ আৰু হৃদৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

(এই প্ৰবন্ধটো সাধাৰণ তথ্যৰ বাবে, অনুগ্ৰহ কৰি যিকোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওঁক)

চকুৰ তলৰ ডাৰ্ক চাৰ্কল সৌন্দৰ্যত হৈছে নেকি বাধা ?  ঘৰুৱা বস্তুৰে দূৰ কৰক এই সমস্যা

অত্যাধিক চাপ, সাতৰ পৰা আঠ ঘণ্টা টোপনি নোহোৱা বা অস্বাস্থ্যকৰ আহাৰ খোৱা,এনে কাৰকবোৰে চকুৰ তলত দেখা দিয়া ডাৰ্ক চাৰ্কলৰ মুখ্য কাৰণ হ’ব পাৰে।

যদি আপুনি চকুৰ তলৰ দাগৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে গাখীৰ ব্যৱহাৰ কৰা আৰম্ভ কৰক।

কেঁচা গাখীৰত পোৱা সকলো উপাদান দাগ পাতল কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। প্ৰথমে, এটা বাটিত অলপ গাখীৰ লওক।

এতিয়া গাখীৰত অলপ হালধি, মৌ আৰু কফি পাউডাৰ দিয়ক আৰু এই সকলোবোৰ ভালদৰে মিহলি কৰক। এতিয়া আপুনি এই পেষ্টটো আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে।

এই পেষ্টটো চকুৰ চাৰিওফালৰ এলেকাত প্ৰয়োগ কৰিব লাগিব।উন্নত ফলাফল পাবলৈ, আপুনি হাতেৰে লাহে লাগে চকুৰ তলত মালিচ কৰা উচিত।

প্ৰায় দুই মিনিট মালিচ কৰাৰ পিছত, এই পেষ্টটো চকুৰ তলত ১০ মিনিটৰ বাবে ৰাখিব। ইয়াৰ বাহিৰেও, কেঁচা গাখীৰত আলুৰ ৰস মিহলি কৰিবলৈ চেষ্টা কৰিব পাৰে।

দিনত এবাৰকৈ এই ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ কেইদিনমানৰ ভিতৰতে, আপোনাৰ ডাৰ্ক চাৰ্কল নোহোৱা হ’বলৈ আৰম্ভ কৰিব।

ইয়াৰ সহায়ত, কেইসপ্তাহমানৰ ভিতৰত ডাৰ্ক চাৰ্কলৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। গাখীৰ, হালধি, মৌ আৰু কফীত পোৱা সকলো উপাদান ছালৰ বাবে অতি উপকাৰী প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও, আলুৰ ৰসে ছালৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

এডাল এডাল পকা চুলি হ’ব ক’লা ; দুটা বস্তুৰে প্ৰস্তুত কৰক যাদুকৰি তেল

আপুনিও বগা চুলিৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি? যদি বিচাৰে  তেন্তে ঘৰতে এই বিশেষ তেল তৈয়াৰ কৰক। এই প্ৰাকৃতিক তেলক আপোনাৰ চুলিৰ যত্নৰ ৰুটিনৰ অংশ কৰি, বগা চুলি ক’লা কৰিব পাৰিব এই তেল কেনেদৰে বনাব আৰু ব্যৱহাৰ কৰিব লাগে জানো আহক।

ঘৰতে এই তেল তৈয়াৰ কৰিবলৈ, আপোনাক একাপ কালজিৰা, দুই কাপ সৰিয়হ তেল আৰু পানীৰ প্ৰয়োজন হ’ব। প্ৰথমে, এটা কাঁচৰ পাত্ৰত এটা ৰাতিৰ বাবে কালজিৰা খিনি তিয়াই থওক।

পিছদিনা ৰাতিপুৱা তিয়াই থোৱা কালজিৰা খিনি পেষ্ট বনাওক। ইয়াৰ পিছত, এই পেষ্টটো এটা লোহাৰ কেৰাহিত সৰিয়হৰ তেলত দি ভালদৰে উতলাই লওক। যেতিয়া মিশ্ৰণটো আধালৈ হ্ৰাস হ’ব তেতিয়া মিশ্ৰণটো কৰি ইয়াক কাপোৰ এখনেৰে চেকি লওক।

এই তেল যিকোনো গ্লাছৰ বটলত সংৰক্ষণ কৰিব পাৰে। চেম্পু কৰাৰ আগদিনা এই তেল প্ৰয়োগ কৰিব পাৰে। এই তেল আপোনাৰ চুলিৰ শিপা আৰু মূৰৰ ছালত ভালদৰে প্ৰয়োগ কৰক।

পিছদিনা ৰাতিপুৱা চুলিবোৰ ধুব পাৰে। উন্নত ফলাফল পাবলৈ সপ্তাহত দুবাৰ কৈ এই প্ৰক্ৰিয়াটো অনুসৰণ কৰা উচিত।

কালজিৰা আৰু সৰিয়হত পোৱা সকলো উপাদান চুলিৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। এই দুটা বস্তুৰ মিশ্ৰণৰ পৰা তৈয়াৰ কৰা তেল আপোনাৰ বগা চুলি ক’লা কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে। ইয়াৰ উপৰিও, এই তেলৰ সহায়ত, চুলি সৰাৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

৩০ ৰ পিছত, ছালৰ যত্নৰ ৰুটিনত ৰাখক এইসমূহ বস্তু ;  বয়সতকৈ দেখাব সৰু

বৰ্তমান ৩০ অতিক্ৰম কৰাৰ লগে লগে মুখত কোঁচ আৰু বলিৰেখা আৰম্ভ হয় আৰু সেইবোৰে কম বয়সতে বৃদ্ধ দেখাবলৈ আৰম্ভ কৰে। আপুনি কেতিয়াবা ভাবিছেনে যে ইমান কম বয়সত বলিৰেখা কিয় দেখা যায়?

প্ৰকৃততে, ইয়াৰ আঁৰৰ কাৰণ হৈছে ছালৰ যত্নৰ অৱহেলা। এনে পৰিস্থিতিত, ছালৰ বয়স বৃদ্ধি আৰু ক্ষতিৰ পৰা সুৰক্ষিত কৰিবলৈ ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। স্বাস্থ্যকৰ আৰু উজ্জ্বল ছালৰ বাবে আমি কি যত্ন ল’ব লাগিব জানো আহক।

ৰাতিপুৱা ছাল পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব। ৰাতিপুৱা কপাহৰে ছালখন ভালদৰে পৰিষ্কাৰ কৰক। তাৰ পিছত পানীৰে মুখ খন ধুই ছালত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰক।

বাহিৰলৈ যাওঁতে সদায়এছপিএফ ৫০ বা তাতকৈ ভাল চানস্ক্ৰীণ প্ৰয়োগ কৰিব। লগতে, যেতিয়াই আপুনি বাহিৰৰ পৰা আহে, মুখখন পৰিষ্কাৰ কৰিব।

যদি আপুনি ৩০ বছৰ বয়স অতিক্ৰম কৰিছে, কোনো স্ক্ৰাব বা ফেচৱাছ কৰিবলৈ ভুলটো নাপাহৰিব। কিন্তু ছালৰ প্ৰকাৰ অনুসৰিহে স্ক্ৰাব আৰু ফেচৱাছ ব্যৱহাৰ কৰিব।

পইচা বচাবৰ বাবে সস্তীয়া ছালৰ যত্নৰ সামগ্ৰী ব্যৱহাৰ নকৰিব। সস্তীয়া সামগ্ৰীয়ে মুখমণ্ডল ক্ষতিগ্ৰস্ত কৰে। ছালৰ যত্ন ল’বলৈ এণ্টিঅক্সিডেণ্ট সমৃদ্ধ সামগ্ৰী ব্যৱহাৰ কৰিব।

ইয়াত ভিটামিন চি আৰু ই-ৰ দৰে বস্তু যোগ দিয়ক, যি ছালক মুক্ত ৰেডিকেলৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব পাৰে।

ছালৰ যত্নৰ বাবে ঘৰুৱা প্ৰতিকাৰ যেনে ময়দা, হালধি, দৈ, মৌ আৰু এলোভেৰা ব্যৱহাৰ কৰিব। লগতে, নিশা শুবলৈ যোৱাৰ আগতে মেকআপ আঁতৰাওক। আনকি আপুনি মেকআপ নকৰিলেও, মুখখন পানীৰে ভালদৰে ধুই শুবলৈ যাওঁক।

ছাল আৰু শৰীৰ হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব। যথেষ্ট টোপনি লওক কিয়নো ছালৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ।

অত্যাধিক চাপ আৰু হতাশাৰ ফলত, ছাল ক্ষতিগ্ৰস্ত হ’বলৈ আৰম্ভ কৰে আৰু সূক্ষ্ম ৰেখা আৰু বলিৰেখা আহিবলৈ আৰম্ভ কৰে, সেয়েহে চাপ নল’ব।

মেদবহুলতাৰ পৰা মুক্তি পাব…নতুন বছৰত ওজন কমাবলৈ মানি চলক এই প্ৰাৰম্ভিক টিপছসমূহ

নতুন বছৰৰ আৰম্ভণিতে বহুতে বিভিন্ন ধৰণৰ সংকল্প লয় যাতে ভৱিষ্যতে নিজকে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে । প্ৰতি বছৰে নতুন বছৰৰ সময়ছোৱাত জিমত সদস্যৰ সংখ্যা বৃদ্ধি পায় কাৰণ ওজন কমোৱা আৰু সুস্থ হৈ থকাটো মানুহৰ প্ৰথম অগ্ৰাধিকাৰ হৈ পৰিছে । এনে পৰিস্থিতিত যিসকল লোকে ওজন কমাব বিচাৰে তেওঁলোকে নিশ্চিতভাৱে কিছুমান মৌলিক কথা অনুসৰণ কৰা উচিত যাতে তেওঁলোকে এই বছৰ নিজকে ফিট কৰি ৰখাৰ সংকল্প পূৰণ কৰিব পাৰে । গতিকে আজি আপোনালোকক কওঁ কিছুমান মৌলিক পদ্ধতি যাৰ দ্বাৰা ওজন কমাব পাৰি ।

ডাঙৰ লক্ষ্য নিৰ্ধাৰণ নকৰিব-

বহুতে বছৰৰ আৰম্ভণিতে ইমান ডাঙৰ ডাঙৰ লক্ষ্য লয় যে কেইদিনমানৰ ভিতৰতে হাৰ মানি লয় । গতিকে সদায় সৰু সৰু লক্ষ্য ৰাখক আৰু তাৰ পিছত সেইবোৰ সাধন কৰক । উদাহৰণস্বৰূপে, প্ৰথমে আপুনি সিদ্ধান্ত লয় যে আপুনি দৈনিক জিমলৈ যাব বিচাৰে । কমেও ৩০ মিনিট ব্যায়াম কৰিব লাগিব বা ১ মাহত ৫ কেজিৰ পৰা ১৫ কিলোগ্ৰাম ওজনৰ সমতুল্য শক্তি বৃদ্ধি কৰিব লাগিব । এনে কৰিলে আপুনি নিজৰ উন্নতিও দেখিব ।

নিজৰ লক্ষ্যত উপনীত হ’লে নিজকে পুৰস্কৃত কৰক-

কাৰণ আমি মানুহ গতিকে যদি আমি নিজৰ বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰো আৰু সেইটো লাভ কৰাত নিজকে পুৰস্কৃত কৰো তেন্তে আপুনি অধিক প্ৰেৰণা পাব । উদাহৰণস্বৰূপে, যদি আপুনি এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে যে আপুনি ৫০ কিলোগ্ৰাম ওজন বঢ়াব লাগিব । এতিয়া যদি আপুনি বঢ়াই লয় তেন্তে কেৱল নিজকে প্ৰশংসা কৰি এৰি নিদিব,  নিজকে পুৰস্কৃত কৰক । উদাহৰণস্বৰূপে, ১টা ছিট মিল বা এযোৰ জিমৰ জোতা কিনিব ।

জিমলৈ যাওক-

এইটো সঁচা যে ব্যায়াম যিকোনো ঠাইতে কৰিব পাৰি কিন্তু জিমলৈ যাব লাগে যাতে আন মানুহক ব্যায়াম কৰা দেখি আপুনিও কিছু ব্যায়াম কৰিব পাৰে । আৰম্ভণিতে ৱৰ্কআউট কৰিবলৈ মন নাযায় যদিও মানুহক ৱৰ্কআউট কৰা দেখাৰ পিছত আপোনাৰো ৱৰ্কআউট কৰিবলৈ মন যাব আৰু তাৰ পিছত লাহে লাহে আপোনাৰ ৱৰ্কআউট কৰা অভ্যাসত পৰিণত হ’ব । যদি আপুনি অলপ ৱৰ্কআউটো কৰে তেন্তে নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰত দেখা পাব ।

ফিটনেছ পাৰ্টনাৰ বিচাৰি উলিয়াওক-

কিছুমান মানুহে অকলে জিমলৈ যোৱাটো প্ৰথমতে বিৰক্তিকৰ বুলি বিবেচনা কৰিব পাৰে বা সময়ৰ লগে লগে বিৰক্ত হ’ব পাৰে । ইয়াৰ পৰা হাত সাৰিবলৈ সংগীৰ সৈতে জিমলৈ যাওক । এনে কৰিলে আপুনি সহজেই প্ৰতিদিনে জিমলৈ যোৱাৰ নিয়ম বনাব আৰু ওজন কমাব পাৰিব ।

পুষ্টিৰ মাত্ৰা পৰীক্ষা কৰক

আজিৰ পৰা নিয়ম কৰি লওক যে কেতিয়াও কোনো বস্তুৰ পুষ্টিৰ মাত্ৰা নপঢ়াকৈ নাখাব । চেনি, চৰ্বি আৰু কৃত্ৰিম বস্তু থকা বস্তু খোৱাৰ পৰা বিৰত থাকক । বিশ্বাস কৰক, এই কাম কৰিলে আপুনি আপোনাৰ স্বাস্থ্যক পৰৱৰ্তী স্তৰলৈ লৈ যাব ।