ক’লা জামুৰ উপকাৰিতাৰ বিষয়ে জানেনে?  গুণাগুণ জানিলে হ’ব আচৰিত

ক’লা জামুৰ উপকাৰিতা

ক’লা জামু সকলোৱে চিনি পাই। ক’লা জামু বহুতৰে প্ৰিয়। মে মাহৰ মাজভাগৰ পৰা আগষ্টলৈকে উপলব্ধ হয় ফলটো।

সোৱাদত কোনোবাটো মিঠা, কোনোবাটো টেঙা-মিঠা। আছে বহু স্বাস্থ্যকৰ গুণাগুণ। গ্ৰীষ্মকালত উপলব্ধ পুষ্টিদায়ক ফলবোৰৰ ভিতৰত অন্যতম ক’লা জামু।

ই অতি সুস্বাদু হোৱাৰ লগতে ইয়াৰ বহু স্বাস্থ্য উপকাৰিতা আছে। এই দিনকেইটাত এই ফলবিধ খাই আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰখাত বহুখিনি অৰিহনা যোগাব পাৰে।

এইবিধ ফলত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে শৰীৰক শীতল কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মৰ দিনবোৰত ই আমাৰ শৰীৰক অধিক সতেজ কৰি ৰখাৰ লগতে শক্তিও প্ৰদান কৰে।

নিয়মীয়াকৈ এই ফল খালে ই পাচন প্ৰক্ৰিয়া উন্নত কৰে আৰু আভ্যন্তৰীণ ভাৰসাম্য বজাই ৰাখে। ই পেট সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰাতো সহায় কৰে।

ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে, যিয়ে আমাৰ শৰীৰক ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। এইবিধ ফল খোৱাৰ ফলত হিট ষ্ট্ৰ’ক, চৰ্দি আদি সমস্যাৰ পৰাও ৰক্ষা পাব পাৰি।

(এই লেখনিটোত দিয়া তথ্যসমূহ কেৱল পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: আহমেদাবাদৰ বিমান দুৰ্ঘটনাত অমিতাভ বচ্চনে হেৰুৱালে আত্মীয়ক; তদন্তৰ দাবী উত্থাপন

প্ৰচণ্ড গৰমত ভিতৰৰ পৰা নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ? এই সহজ টিপছবোৰে কৰিব সহায়

প্ৰচণ্ড গৰমত নিজকে কেনেকৈ ঠাণ্ডা কৰি ৰাখিব ?

গৰমৰ প্ৰকোপ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । প্ৰচণ্ড ৰ’দ আৰু গৰম বতাহৰ বাবে মানুহৰ ঘৰৰ বাহিৰলৈ ওলাই যোৱাটো অতি কঠিন হৈ পৰিছে । এনে পৰিস্থিতিত বাহিৰত যিমানেই গৰম নহওক কিয়, আপোনাৰ শৰীৰটো ভিতৰৰ পৰা শীতল হৈ থকাটো গুৰুত্বপূৰ্ণ । শৰীৰটোক ভিতৰৰ পৰা শীতল কৰি ৰখাৰ বাবে কিছু সহজ টিপছ এই প্ৰতিবেদনত আগবঢোৱা হৈছে ।

হাইড্ৰেটেড হৈ থাকক-

গ্ৰীষ্মকালত হাইড্ৰেটেড হৈ থকাটো কোনো ডাঙৰ কথা নহয় । গ্ৰীষ্মকালত শৰীৰৰ পৰা প্ৰায়ে ঘাম ওলায় । শৰীৰত পানীৰ অভাৱৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো জৰুৰী । গ্ৰীষ্মকালত হাইড্ৰেটেড হৈ থাকিবলৈ হ’লে দৈনিক কমেও ৮ গিলাচ পানী বা তাতোকৈ বেছি পানী খাব লাগে ।

মিঠা আৰু কেফেইনযুক্ত পানীয় পৰিহাৰ কৰক-

আইচড টি বা কফি, চোডা বা মিঠা জুছ গৰমত সতেজ যেন লাগিব পাৰে, কিন্তু প্ৰকৃততে ই ডিহাইড্ৰেশ্যন বৃদ্ধি কৰে । মিঠা আৰু কেফেইনযুক্ত পানীয়ই আপোনাৰ শৰীৰক আৰু অধিক পানীহীন কৰি তোলে আৰু শক্তিৰ অভাৱো হ’ব পাৰে । তাৰ পৰিৱৰ্তে নাৰিকল পানী, বনৌষধি চাহ বা সতেজ ফলৰ ৰস আদি প্ৰাকৃতিক পানীয় সেৱন কৰক । এইবোৰে আপোনাক প্ৰচণ্ড গৰমত হাইড্ৰেটেড হৈ থকাত সহায় কৰাই নহয় অতিৰিক্ত পুষ্টিকৰ উপাদানো প্ৰদান কৰে ।

ঠাণ্ডা পানীৰে গা ধুৱক-

ঠাণ্ডা পানীৰে গা ধুলে বিশেষকৈ ৰ’দত দীঘলীয়া দিন কটোৱাৰ পিছত শৰীৰৰ উষ্ণতা হ্ৰাস পাব পাৰে । ই গৰমৰ সৈতে যুঁজি শীতল হৈ থকাৰ এক তৎক্ষণাত আৰু সতেজ উপায় ।

মছলাযুক্ত খাদ্য পৰিহাৰ কৰক-

মছলাযুক্ত খাদ্য সকলোৱে ভাল পায় যদিও গ্ৰীষ্মকালত ই আপোনাৰ পেটৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । শৰীৰৰ ভিতৰত তাপ বৃদ্ধি হ’লে এচিডিটিৰ সমস্যা বৃদ্ধি পাব পাৰে । গতিকে পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ গ্ৰীষ্মকালত তেলীয়া আৰু মছলাযুক্ত খাদ্য পৰিহাৰ কৰাটোৱেই উত্তম ।

নিজৰ ওপৰত অতিমাত্ৰা চাপ দিয়াৰ পৰা বিৰত থাকক-

প্ৰচণ্ড গৰমত নিজৰ শাৰীৰিক কাৰ্যকলাপত মনোনিৱেশ কৰাটো গুৰুত্বপূৰ্ণ । তীব্ৰ গৰমত ক্লান্তিকৰ ব্যায়াম বা বাহিৰৰ কামত লিপ্ত হ’লে ক্লান্তি বা হিট ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ।

লঘু পোছাক পিন্ধক-

বাহিৰত প্ৰচণ্ড গৰম হ’লে সঠিক কাপোৰ পিন্ধিলে আৰামদায়ক অনুভৱ হ’ব পাৰে । লঘু, উশাহ ল’ব পৰা কাপোৰ যেনে কপাহ, লিনেন বা আৰ্দ্ৰতা শোষণ কৰা কাপোৰ বাছি লওক যিয়ে আপোনাৰ ছালখনক উশাহ লোৱাত সহায় কৰিব আৰু ঘাম বাষ্পীভৱন কৰিব ।

ছানস্ক্ৰীণ লগাবলৈ নাপাহৰিব-

গৰমৰ দিনত ছানস্ক্ৰীন লগোৱাটো গুৰুত্বপূৰ্ণ, ৰ’দৰ সংস্পৰ্শ যিমানেই কম নহওক কিয় । ডাৱৰীয়া দিনতো UV ৰশ্মিয়ে আপোনাৰ ছালৰ ক্ষতি কৰিব পাৰে । অন্ততঃ SPF 50 থকা ব্ৰড স্পেকট্ৰাম ছানস্ক্ৰীণ বাছি লওক আৰু প্ৰতি দুঘণ্টাৰ মূৰে মূৰে প্ৰয়োগ কৰক ।

লগতে পঢ়ক : গৰমে দহিছে দেশ… বহু ৰাজ্যত জাৰি সতৰ্কবাণী, অসমতো উৰ্ধমুখী পাৰাস্তম্ভ

প্ৰতিদিনে খালী পেটত সেৱন কৰক জিৰা পানীয়; ফলাফলে আচৰিত কৰিব আপোনাক

প্ৰতিদিনে খালী পেটত সেৱন কৰক জিৰা পানীয়

জিৰা আৰু চফ ভাৰতীয় পাকঘৰত পোৱা এনে দুটা মছলা যিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি বিবেচিত হয়।এই দুয়োটা মছলাৰ সহায়ত বহু ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হয়।

ই বহু ধৰণৰ এন্টিঅক্সিডেন্ট, এন্টি-ইনফ্লেমেটৰী পুষ্টিৰে ভৰপূৰ।এই দুটা মছলাৰে তৈয়াৰ কৰা পানী ৰাতিপুৱা খালী পেটত সেৱন কৰিলে শৰীৰে বহু উপকাৰ লাভ কৰিব পাৰে। জানো আহক ইয়াৰ উপকাৰিতা

জিৰা আৰু চফৰ পানী কেনেকৈ প্ৰস্তুত কৰিব

এই পানী বনাবলৈ প্ৰথমে এটা কেৰাহীত পানী লৈ ১ চামুচ জিৰা আৰু ১ চামুচ চফ দি আধালৈ পানী কমি যোৱালৈকে উতলাই লওক। ইয়াৰ পিছত পানীখিনি ফিল্টাৰ কৰি ৰাতিপুৱা খালী পেটত খাব লাগে।

জিৰা আৰু চফৰ পানী খোৱাৰ উপকাৰীতা-

হজম- জিৰা আৰু চফৰ পানী খালে হজম শক্তি উন্নত কৰাত সহায়ক হয়। পাচনতন্ত্ৰৰ সমস্যা থকা লোকে ৰাতিপুৱা খালী পেটত সেৱন কৰিব পাৰে।

মেদবহুলতা- ৰাতিপুৱা খালী পেটত জিৰা আৰু চফৰ পানী খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰতাৰে জ্বলি যায়, যাৰ ফলত শৰীৰৰ চৰ্বি আৰু কেলৰি জ্বলোৱাত সহায়ক হয়। দ্ৰুতভাৱে ওজন কমাবলৈ ইয়াক সেৱন কৰিব পাৰে।

উজ্জ্বল ছাল- জিৰা আৰু চফত থকা গুণসমূহে আপোনাৰ ছালৰ চাৰিওফালে থকা মলি পৰিষ্কাৰ কৰাত সহায় কৰে। এই পানী দৈনিক সেৱন কৰিলে ছালখন সুস্থ কৰি ৰখাত সহায়ক হ’ব পাৰে।

প্ৰতিৰোধ ক্ষমতা- যদি আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বিচাৰে তেন্তে জিৰা আৰু চফৰ পানী সেৱন কৰিব পাৰে। বহু ধৰণৰ সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা সহায়ক।

(এই লেখাটোত দিয়া পৰামৰ্শসমূহ সাধাৰণ তথ্যৰ বাবে হে।এই তথ্য অনুসৰি স্বাস্থ্য সম্পৰ্কীয় কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।

লগতে পঢ়ক: ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা;  কনাড পুৰকায়স্থৰ নামত মোহৰ

নিশা শোৱাৰ পূৰ্বে কিয় খাব নালাগে গাখীৰ? জানি লওক পাৰ্শ্বক্ৰিয়া

নিশা শোৱাৰ পূৰ্বে কিয় খাব নালাগে গাখীৰ?

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ গাখীৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, যেতিয়া আপুনি সঠিক পৰিমাণত আৰু সঠিকভাৱে গাখীৰ সেৱন কৰে।

কিছুমানে নিশা শোৱাৰ পূৰ্বে গাখীৰ খায় কিন্তু ৰাতি গাখীৰ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।প্ৰতি নিশা শোৱাৰ আগতে যদি গাখীৰ খায়, তেতিয়া স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

আন্ত্ৰিক স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে

গাখীৰ খাই ৰাতি শুই থাকিলে আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ বেয়াকৈ ক্ষতি হ’ব পাৰে।যদি আপুনি পেটৰ লগত জড়িত সমস্যাৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে আপোনাৰ এই অভ্যাসটো শুধৰাব লাগিব।ৰাতি গাখীৰ খোৱাৰ বাবে শ্লেষ্মাৰ সমস্যাও বৃদ্ধি পাব পাৰে।

মেদবহুলতাৰ বলি হ’ব পাৰে

ৰাতি শোৱাৰ আগতে গাখীৰ খোৱাটোৱে আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে আৰু আপুনি মেদবহুলতাৰ বলি হ’ব পাৰে।যদি আপুনি আপোনাৰ বৰ্ধিত ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে ৰাতি গাখীৰ খোৱা উচিত নহয়।

ইয়াৰ বাহিৰেও যদি আপুনি আপোনাৰ দাঁতৰ স্বাস্থ্যৰ ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে তেন্তে শোৱাৰ আগতে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে।

(এই লেখাত দিয়া পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক:বিশ্বৰ সৰ্বোচ্চ দলংখনত  ত্ৰিৰংগা উৰুৱালে প্ৰধানমন্ত্ৰী মোদীয়ে; পাকিস্তানক দিলে সকিয়নী

গৰমত সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ গ্ৰহণ কৰক এই ৫টা অভ্যাস…

গৰমত সুস্থ আৰু শক্তিশালী হৈ থাকক

গ্ৰীষ্মকালত প্ৰখৰ ৰ’দ, আৰ্দ্ৰতা আৰু উচ্চ উষ্ণতাৰ বাবে শৰীৰ ডিহাইড্ৰেট হয় । যাৰ বাবে প্ৰায়ে ভাগৰুৱা অনুভৱ হয় আৰু মন খিংখিঙীয়া হৈ পৰে । গতিকে এই সমস্যাৰ পৰা হাস সাৰিবলৈ গ্ৰীষ্মকালত নিজৰ ৰুটিনত কিছু পৰিৱৰ্তন কৰিব লাগে । এই ঋতুত কিছু স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰি আপুনি নিজকে শক্তিশালী আৰু সুখী কৰি ৰাখিব পাৰে । গতিকে গ্ৰীষ্মকালত নিজকে কেনেকৈ শক্তিশালী কৰি ৰাখিব পাৰি জানো আহক ।

পুৱা সোনকালে উঠক-

দেৰিকৈ উঠাৰ অভ্যাসে আপোনাৰ দিনটোৰ ৰুটিনত ব্যাঘাত জন্মায় । এনে পৰিস্থিতিত গৰমৰ দিনত পুৱা সোনকালে উঠাটো অভ্যাস কৰি লওক । পুৱা যিমানেই সোনকালে উঠিব, দিনটো সিমান সোনকালে আৰম্ভ হ’ব । ইয়াৰ ফলত সমগ্ৰ দিনটো আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব । ইয়াৰ লগতে ৰাতি সোনকালে শুৱাৰ অভ্যাস কৰি লওক যাতে আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি যাব পাৰে আৰু পুৱা সোনকালে উঠিব পাৰে ।

নিজকে হাইড্ৰেটেড কৰি ৰাখক-

গ্ৰীষ্মকালত শৰীৰত পানী কমি যোৱাৰ বাবে অধিক ভাগৰুৱা অনুভৱ হয় । গতিকে গৰমৰ দিনত পৰ্যাপ্ত পানী খাব লাগে । ইয়াৰ বাবে লেমনেড, নাৰিকল পানী, চাট্টু আৰু বেলৰ চৰ্বতৰ দৰে বস্তু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে । এই অভ্যাসৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব ।

ৱৰ্কআউট কৰক-

যদি আপোনাৰ ৱৰ্কআউট কৰাৰ অভ্যাস আছে তেন্তে ৰাতিপুৱা কৰিব পাৰে । পুৱা ৱৰ্কআউট কৰিলে আপুনি গোটেই দিনটো শক্তিশালী হৈ থাকিব আৰু আপোনাৰ মনো ভালে থাকিব । ইচ্ছা কৰিলে মৰ্নিং ৱাকো কৰিব পাৰে, ইয়াৰ দ্বাৰা আপুনি বিশুদ্ধ বতাহ লাভ কৰিব ।

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্ট কৰক-

প্ৰটিন সমৃদ্ধ ব্ৰেকফাষ্টে আপোনাক ওজন বৃদ্ধি নকৰাকৈয়ে গোটেই দিনটো শক্তিশালী কৰি ৰাখে । ইয়াৰ বাবে আপুনি পুৱাৰ ব্ৰেকফাষ্টত সতেজ ফল, স্মুদি, অটছ, শুকান ফল আৰু কণী খাব পাৰে । সুস্থ আৰু শক্তিশালী হৈ থাকিবলৈ আপুনি এই অভ্যাস গ্ৰহণ কৰিব পাৰে ।

নিজৰ লগত কিছু সময় কটাওক-

পুৱা নিজৰ লগত কিছু সময় কটাওক । এই সময়ছোৱাত আপুনি উশাহ-নিশাহৰ ব্যায়াম বা ধ্যান কৰিব পাৰে । যদি আপুনি বিচাৰে, তেন্তে যিবোৰ কথাৰ বাবে আপুনি ঈশ্বৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে, সেইবোৰ কথা লিখিব পাৰে ।

লগতে পঢ়ক : ৰাতিপুৱা গৰম পানীত দি খাওক নেমুৰ ৰস; দৈনিক সেৱন কৰিলে হ’ব উপকাৰ

ৰুটী-পৰঠাত দি খাই নেকি ঘিউ? সাৱধান, হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি

ঘিউৰ বাবে হ’ব পাৰে স্বাস্থ্যৰ ক্ষতি!

ঘিউ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।ঘিউত বহু ধৰণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আমি প্ৰায়ে ঘিউ দালি, ৰোটি, খিচড়ি বা ভাত দি খাওঁ বা তাৰ পৰা তৈয়াৰী ব্যঞ্জন খাওঁ।কিন্তু কেতিয়াবা এই ঘিউৰ অতিমাত্ৰা সেৱনে স্বাস্থ্যৰ ক্ষতিও কৰিব পাৰে। কিছুমান ৰোগত ঘিউ খোৱাটোয়ে স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে।

পাচন শক্তি দুৰ্বল লোকে ঘিউ খোৱাৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ ফলত আপোনাৰ পেট ফুলা, বমি, বদহজমৰ দৰে সমস্যা হ’ব পাৰে।

ঘিউত অধিক কেলৰি থাকে আৰু সেয়েহে ঘিউ বেছিকৈ খালে ওজন বৃদ্ধি হ’ব পাৰে। মেদবহুলতাই আন আন ৰোগ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰে। মেদবহুলতাত আক্ৰান্ত ব্যক্তিয়ে সীমিত পৰিমাণত ঘিউ সেৱন কৰিব লাগে।

কিছুমান মানুহৰ গাখীৰৰ সামগ্ৰীৰ প্ৰতি এলাৰ্জি হ’ব পাৰে, যাৰ ফলত ঘিউ সেৱন কৰিলে ছালৰ সমস্যা হ’ব পাৰে।

(ইয়াত পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: পুনৰ ভয়াৱহ হৈ পৰিছে ক’ভিড ১৯; চৰ্দি,কাহ হৈছে যদি তৎক্ষণাত সাৱধান হওক

গৰমত ছালখনত জমা হয় নেকি অতিৰিক্ত তেল? তেনেহলে কৰক এই উপায়, নোহোৱা হ’ব তেলীয়া ছাল  

তেলীয়া ছাল  

গ্ৰীষ্মকালত তেলীয়া ছালৰ লোকৰ বাবে ছালৰ লগত জড়িত বহুতো সমস্যাৰ সৃষ্টি হয়।আচলতে গৰমৰ বতৰত ছালখন অতি সোনকালে আঠাযুক্ত আৰু তেলীয়া হৈ পৰে যাৰ ফলত বহু সমস্যাৰ সৃষ্টি হয়।

এনে পৰিস্থিতিত তেলীয়া ছাল পৰিচালনা কৰাটো আৰু অধিক কঠিন হৈ পৰে।কিন্তু ছালৰ সঠিক যত্ন ল’লে আপুনি অতিৰিক্ত তেল নিয়ন্ত্ৰণ কৰিব পাৰিব। গতিকে, এই ছালৰ পৰা মুক্তি পাবলৈ কেনেকৈ যত্ন ল’ব পাৰি জানো আহক

তেলীয়া ছালৰ বাবে মানি চলক এই সমূহ টিপছ:

তেলীয়া ছালৰ বাবে ডাবল ক্লিনজাৰ কৰক: এই ছালৰ বাবে দিনটোত দুবাৰকৈ মুখখন ধোৱাটো গুৰুত্বপূৰ্ণ।মৃদু আৰু তেলবিহীন ক্লিনজাৰ ব্যৱহাৰ কৰক।

ই কেৱল মুখখন ভালদৰে পৰিষ্কাৰ কৰাই নহয়,ছালখনক অন্যান্য ছালৰ যত্নৰ সামগ্ৰী যেনে মইশ্ব’ৰাইজাৰৰ বাবেও প্ৰস্তুত কৰে।

গোলাপ জল: যদি আপোনাৰ ছাল তেলীয়া হয় তেন্তে গৰমৰ দিনত মুখত গোলাপ জল লগাব পাৰে। ই ছালৰ পি এইচ লেভেলৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে মুকলি ছিদ্ৰবোৰ টান কৰাত সহায় কৰে।

ইয়াৰ উপৰিও ই ছালখনক হাইড্ৰেটেড কৰি ৰাখে আৰু লগতে ছালৰ আঠাযুক্ততা হ্ৰাস কৰাত সহায় কৰে।

ছানস্ক্ৰীণৰ ব্যৱহাৰ: গ্ৰীষ্মকালত ৰ’দ অতি প্ৰবল হয়, গতিকে ক্ষতিকাৰক সূৰ্য্যৰ ৰশ্মিৰ পৰা ৰক্ষা পাবলৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰাটো গুৰুত্বপূৰ্ণ।

ই ছালখনক অতিবেঙুনীয়া ৰশ্মিৰ ফলত হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰে, যাৰ ফলত ৰ’দত পোৰা, অকাল বলিৰেখা, ছালৰ কৰ্কট ৰোগ হ’ব পাৰে।তেলীয়া ছালৰ লোকে সদায় তেলবিহীন ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব লাগে।

(এই লেখাত পৰামৰ্শ দিয়া টিপছবোৰ কেৱল সাধাৰণ তথ্যৰ বাবেহে।স্বাস্থ্য সম্পৰ্কীয় কোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ লগত জড়িত কোনো প্ৰতিকাৰ গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: ‘বাবু ৰাও অবিহনে হেৰা ফেৰি ৩ অসম্ভৱ’; পৰেশ ৰাৱালক লৈ সুনীল শেট্টীৰ প্ৰতিক্ৰিয়া

খাদ্য খোৱাৰ সময়ত খায় নেকি পানী?  হ’ব পাৰে স্বাস্থ্যৰ ডাঙৰ ক্ষতি

স্বাস্থ্যৰ ডাঙৰ ক্ষতি

খাদ্য খোৱাৰ সময়ত আপুনি পানী খায় নেকি? এই অভ্যাসৰ ফলত হোৱা ক্ষতিৰ কথা  জানেনে বাৰু? আমাৰ স্বাস্থ্যৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ, কিন্তু পানী যদি সঠিক সময়ত  খোৱা নহয় তেন্তে ইয়াৰ ফলত হ’ব পাৰে স্বাস্থ্যৰ ডাঙৰ ক্ষতি ।

কিছুমান মানুহৰ খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস থাকে কাৰণ ইয়াৰ ফলত খাদ্য গিলিবলৈ সহজ হয়। আপোনাৰ স্বাস্থ্যৰ বাবে এই অভ্যাস ভাল বুলি ভাবিলেও কিন্তু ই আপোনাৰ স্বাস্থ্যৰ ডাঙৰ ক্ষতি কৰিব পাৰে।

আমি কিয় যিকোনো খাদ্যৰ সময়ত পানী খোৱাৰ পৰা বিৰত থাকিব লাগে।

খাদ্য খাই থাকোঁতে কিয় পানী খাব নালাগে তাৰ বাবে প্ৰথমে আমি হজম প্ৰক্ৰিয়াটো বুজিব লাগিব। আচলতে খাদ্যখিনি মুখলৈ যোৱাৰ লগে লগে আপুনি ইয়াক চোবাই খাবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত আপোনাৰ গ্ৰন্থিবোৰে লেলাৱতি উৎপন্ন কৰিবলৈ আৰম্ভ কৰে।

আমাৰ লেলাৱতিত খাদ্য ভাঙি পেলোৱা এনজাইম থাকে। ইয়াৰ পিছত এই এনজাইমবোৰ পেটত থকা এচিডিক গেষ্ট্ৰিক ৰসৰ লগত মিহলি হৈ ডাঠ তৰল পদাৰ্থ গঠন কৰিবলৈ আৰম্ভ কৰে। এই তৰল পদাৰ্থবোৰ ক্ষুদ্ৰান্ত্ৰৰ মাজেৰে পাৰ হৈ পুষ্টিকৰ পদাৰ্থ শোষণ কৰিবলৈ আৰম্ভ কৰে।

পানী খোৱাৰ ফলত পাচনতন্ত্ৰত প্ৰভাৱ পৰে-

নিয়মিতভাৱে পানী খালে শৰীৰক জলসিঞ্চিত কৰি ৰখাই নহয়, পাচনতন্ত্ৰও উন্নত কৰে, কিন্তু খাদ্য খোৱাৰ সময়ত পানী খোৱাটো ভাল নহয় কাৰণ খাদ্যৰ লগতে তৰল পদাৰ্থই আমাৰ হজম শক্তিৰ ক্ষতি কৰে। যিয়ে স্বাস্থ্যৰ ডাঙৰ ক্ষতি কৰিব পাৰে।

পানী খোৱাৰ ফলত পেটৰ এচিড আৰু পাচন এনজাইম পাতল হৈ পৰে, যাৰ ফলত হজম শক্তি সহজ হৈ পৰে বুলি বহু লোকৰ মাজত এটা কথা বিয়পি পৰিছে যদিও এইটো সম্পূৰ্ণ ভুল।

ইয়াৰ বিপৰীতে খাদ্য খোৱাৰ সময়ত পানী খালে পাচন প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হয়। ইয়াৰ আন এটা অসুবিধা হ’ল আপোনাৰ পেটটো ওলাই আহিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে আপুনি শকত হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত শৰীৰৰ আকৃতি সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে।খাদ্য খোৱাৰ কিমান সময়ৰ পিছত পানী খাব লাগে জানেনে?

সাধাৰণতে প্ৰায়বোৰ স্বাস্থ্য বিশেষজ্ঞই খাদ্য খোৱাৰ লগে লগে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি পৰামৰ্শ দিয়ে।খাদ্য খোৱাৰ আধা ঘণ্টা পিছতহে পানী খালে ভাল, ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব আৰু হজম শক্তিও ভাল হ’ব।

(এই লেখনিয়ে পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে।এইটো কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়।অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক।)

লগতে পঢ়ক: টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; শুভমন গীললৈ অধিনায়কৰ দায়িত্ব

শৰীৰৰ কোনটো অংগৰ বাবে উপকাৰী ধনীয়াৰ পানী? জানক সেৱন কৰাৰ সঠিক উপায়

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ধনীয়া পানীত ভিটামিন চি, এ, কে, বি ৬, কেলচিয়াম, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, কপাৰ, জিংক, চেলেনিয়াম, মেংগানিজ, ছডিয়াম, ফ’লেট, থাইয়ামিন, নিয়াচিন, এন্টি অক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ পোৱা যায়।এই কাৰণেই ঔষধি গুণেৰে ভৰপূৰ এই পানীয় সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈছে।

আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী

ধনীয়া পানীত পোৱা মৌলবোৰে আপোনাৰ আন্ত্ৰিক স্বাস্থ্য শক্তিশালী কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।আপোনিও পেটৰ সমস্যা যেনে গেছ, এচিডিটি বা কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি? যদি বিচাৰে, তেন্তে ধনীয়া পানীক দৈনিক খাদ্য পৰিকল্পনাৰ অংশ হিচাপে লোৱা উচিত।ধনীয়া পানীয়ে আপোনাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি আপোনাৰ ওজন হ্ৰাসৰ যাত্ৰা সহজ কৰি তুলিব পাৰে।

শৰীৰক বিষমুক্ত কৰাত ফলপ্ৰসূ

ধনীয়া পানী খালে শৰীৰক বিষমুক্ত কৰি বৃক্ক আৰু যকৃতৰ স্বাস্থ্য মজবুত কৰিব পাৰে।ধনীয়া পানীত পোৱা সকলো পুষ্টিকৰ পদাৰ্থই আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

ধনীয়া পানী খালে আপোনাৰ তেজত চেনিৰ মাত্ৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে, অৰ্থাৎ এই পানীয় ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।ভাল ফলাফল পাবলৈ ধনীয়া পানী সঠিক পৰিমাণত আৰু সঠিক পদ্ধতিৰে সেৱন কৰাটো অতি প্ৰয়োজনীয়।

ধনীয়া পানী কেনেকৈ বনাব?

ধনীয়া পানী বনোৱাটো অতি সহজ। প্ৰথমে ধনীয়া গুটিখিনি পানীত একৰাতি তিয়াই দিব।এতিযা এই পানীখিনি ফিল্টাৰ কৰি পিছদিনা ৰাতিপুৱা খাব পাৰিব। ইয়াৰ উপৰিও ধনীয়া পাতো পানীত উতলাই খাব পাৰি।

(এই লেখাত পৰামৰ্শ দিয়া টিপছসমূহ কেৱল সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্যৰ সৈতে জড়িত যিকোনো পৰিৱৰ্তন কৰাৰ আগতে বা কোনো ৰোগৰ সৈতে জড়িত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ লওক।)