খালী ভৰিৰে ৩৫৫০ চিৰি বগাই তিৰুপতি বালাজী দৰ্শন জাহ্নৱী কাপুৰৰ
জাহ্নৱী কাপুৰ তেওঁৰ নতুন ছবি ‘পেড্ডী’ৰ বাবে শিৰোনাম দখল কৰিছে। ছবিখনৰ মুক্তিৰ দিনাই খালী ভৰিৰে অন্ধ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰে অভিনেত্ৰী গৰাকীয়ে।
বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ বহু প্ৰত্যাশিত দক্ষিণৰ ছবি পেড্ডী বৃহস্পতিবাৰে ছবিগৃহত মুক্তি লাভ কৰিছে। এই বিশেষ মূহূৰ্তটোৰ কাৰণে অভিনেত্ৰী গৰাকীয়ে অন্ধ প্ৰদেশৰ তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰি ভগৱানৰ আশীৰ্বাদ লয়। মন্দিৰত উপস্থিত হৈ জাহ্নৱী কাপুৰে শ্ৰদ্ধাৰে পূজা-অৰ্চনা কৰে আৰু ভগৱানৰ ওচৰত মূৰ দোঁৱাই ছবিখনৰ সফলতা কামনা কৰে। মন্দিৰ প্ৰাংগণত তেওঁক পৰম্পৰাগত ৰূপত দেখা গৈছিল।
অভিনেত্ৰীগৰাকীয়ে খালী ভৰিৰে মন্দিৰত গৈ উপস্থিত হৈছিল। দৰ্শনৰ অন্তত যেতিয়া তেওঁ মন্দিৰৰ পৰা ওলাই আহে, তেতিয়া প্ৰৱেশ দ্বাৰত ৰৈ মূৰ তল কৰি অতি ভক্তিৰে ভগৱানক প্ৰণাম জনায়। এই সময়ছোৱাত জাহ্নৱীয়ে পৰম্পৰাগত ভাৰতীয় সাজ-পোছাক পৰিধান কৰিছিল। তেওঁ এখন বেঙুনীয়া ৰঙৰ চিল্কৰ শাৰী পিন্ধিছিল।
জাহ্নৱী কাপুৰে প্ৰায়েই তিৰুপতি বালাজীৰ দৰ্শনৰ বাবে মন্দিৰলৈ আহে। তেওঁ প্ৰতি বছৰে নিজৰ জন্মদিনৰ সুযোগতে ভগৱান ভেংকটেশ্বৰৰ আশীৰ্বাদ ল’বলৈ তিৰুমালাত উপস্থিত হয়। কেৱল সেয়াই নহয়, নিজৰ প্ৰয়াত মাতৃ শ্ৰীদেৱীৰ জন্মদিনতো তেওঁ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে।
তেওঁৰ ছবি ‘পেড্ডী’ৰ কথা ক’বলৈ গ’লে, এইখন এখন স্পৰ্টছ ড্ৰামা (ক্ৰীড়াভিত্তিক) ছবি, যাৰ পৰিচালনা কৰিছে বুচি বাবু চনাই। ছবিখনত জাহ্নৱী কাপুৰৰ সৈতে দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ ৰাম চৰণে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও ছবিখনত বোমান ইৰানী, শিৱ ৰাজকুমাৰ, জগতপতি বাবু আৰু দিব্যেন্দুৰ দৰে তাৰকাসকলেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।