মুক্তি পালে বিজয় থালাপতিৰ বহুপ্ৰতীক্ষিত ছবি ‘জন নায়কন’

বিজয় থালাপতিৰ কেৰিয়াৰৰ শেষৰখন ছবি জন নায়কন অৱশেষত ছবিগৃহত মুক্তি লাভ কৰিছে। মুক্তিৰ দিনাই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে ‘জন নায়কন’।

তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা দক্ষিণৰ চুপাৰষ্টাৰ বিজয় থালাপতিৰ বহুপ্ৰতীক্ষিত ছবি ‘জন নায়কন’ ২৩ জুলাই ২০২৬ ত ছবিগৃহত বিশ্বজুৰি মুক্তি লাভ কৰিছে। ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকভাৱে পিছুৱাই থকা ছবিখনে অৱশেষত থিয়েটাৰত মুক্তি পালে। এইচ. বিনোদৰ পৰিচালনাৰে নিৰ্মিত ‘জন নায়কন’ত বলিউডৰ চুপাৰষ্টাৰ ববী দেউল আৰু পূজা হেগড়েও অভিনয় কৰিছে।

মুক্তিৰ আগৰ পৰাই ছবিখন চৰ্চাত আছিল, কাৰণ এইখন বিজয়ৰ অন্তিমখন ছবি হ’বলৈ গৈ আছে। সেইবাবেই ‘ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব” (First Day First Show) চোৱা বিজয়ৰ অনুৰাগীসকলক উৎসৱ উদযাপন কৰা দেখা গৈছে।

বিজয় থালাপতিৰ ছবি ‘জন নায়কন’এ বক্স অফিচত চৰ্চা লাভ কৰিছে। বিজয়ৰ অভিনয়ৰ লগতে বাকী তাৰকা অভিনেতাসকলেও শিৰোনাম দখল কৰিছে।ছবিখনে মুকলিৰ দিনটোত ইতিবাচক সমালোচনা লাভ কৰাৰ লগতে বক্স অফিচত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। দুপৰীয়া ২ বজালৈকে ইতিমধ্যে ই ১০ কোটি টকাৰ সীমা অতিক্ৰম কৰি আন ১০খন ছবিক অতিক্ৰম কৰিছিল।

Sacnilk ৰ মতে, বিজয় থালাপতিৰ ছবিখনে দুপৰীয়া ২ বজাৰ ভিতৰত ১৩.৩৩ কোটি টকাৰ নেট সংগ্ৰহ লাভ কৰিছে, আৰু ইয়াৰ শক্তিশালী গতি অব্যাহত আছে। ভাৰতৰ ৫,৪৭৭টা ছবিগৃহত ইয়াক প্ৰদৰ্শন কৰা হৈছে। ইফালে ছবিখনে ১৫.৭৩ কোটি টকাৰ মুঠ সংগ্ৰহ লাভ কৰিছে। মুকলিৰ দিনটোত ইয়াৰ বুকমাইশ্ব’ত ২ লাখৰো অধিক টিকট বিক্ৰী হৈছিল, কেৱল দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ ভিতৰত ইয়াৰ ৩০,৪৮০ টিকট বিক্ৰী হৈছিল।

ছবিখনৰ কাহিনী ৰচনা কৰিছে অনিল ৰবিপুডীয়ে, আনহাতে এইচ বিনোথে পৰিচালনা আৰু চিত্ৰনাট্য কৰিছে। উল্লেখযোগ্য যে এইচ বিনোথে  বিজয় থালাপথীক যি ধৰণে উপস্থাপন কৰিছে তাৰ বাবে প্ৰশংসাৰ যোগ্য।

লগতে পঢ়ক: প্ৰতিবাদকাৰী ছাত্ৰৰ সমৰ্থনত বলীউডৰ ‘ভাইজান’