বাৰে বাৰে জ্বৰ চৰ্দিত ভুগিছে নেকি আপুনি?  তেনেহলে আৰম্ভ কৰক এই সমূহ খাদ্য

শীতকালত, চৰ্দি, কাহ আৰু জ্বৰ যথেষ্ট বৃদ্ধি হয়। এনে সমস্যা পৰিহাৰ কৰিবলৈ, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ চেষ্টা কৰা উচিত।

আয়ুৰ্বেদৰ মতে, কিছুমান ঔষধি গুণাগুণেৰে সমৃদ্ধ বস্তু নিয়মীয়াকৈ সেৱনে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, লগতে চৰ্দি, কাহ আৰু জ্বৰৰ সমস্যাও আঁতৰ কৰিব পাৰে।

হালধি দিয়া গাখীৰ- ককা- আইতাৰ দিনৰ পৰাই হালধি দিয়া গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া হৈছে। হালধি দিয়া গাখীৰত পোৱা সকলো পুষ্টিয়ে আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট পৰিমাণে উন্নত কৰিব পাৰে।

যদি আপুনি প্ৰতিদিনে হালধিৰ গাখীৰ খোৱা আৰম্ভ কৰে, তেনেহ’লে চৰ্দি, কাহ আৰু জ্বৰৰ দৰে সমস্যা আপোনাৰ কাষ চাপিব নোৱাৰিব।

আদা আৰু মৌ- আদা আৰু মৌৰ দুয়োটা প্ৰাকৃতিক বস্তুৱে চৰ্দি আৰু জ্বৰৰ সমস্যা আঁতৰ কৰাত কাৰ্যকৰী প্ৰমাণিত হ’ব পাৰে।

এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণেৰে সমৃদ্ধ আদা আৰু মৌক আপোনাৰ দৈনিক আহাৰ পৰিকল্পনাৰ এক অংশ কৰি লওক আৰু ইতিবাচক প্ৰভাৱ চাওঁক। উন্নত ফলাফল পাবলৈ এই বস্তুবোৰ সঠিক পৰিমাণত আৰু সঠিক উপায়েৰে ব্যৱহাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ।

শীতকালত কিয় বেছিকৈ হয় জ্বৰ-চৰ্দি? ঠাণ্ডা বতাহ আৰু ভাইৰাছৰ মাজৰ বিপদজনক সম্পৰ্ক জানেনে ?

শীতকাল অহাৰ লগে লগে, চৰ্দি আৰু জ্বৰ দ্ৰুতগতিত বৃদ্ধি হয়। কিন্তু ঠাণ্ডা বতাহে আপোনাক সঁচাকৈয়ে ৰুগীয়া কৰি তোলে নেকি?

বৈজ্ঞানিক গৱেষণাই পৰামৰ্শ দিয়ে যে ঠাণ্ডা বতৰে পোনপটীয়াকৈ চৰ্দি সৃষ্টি নকৰে, কিন্তু ই ভাইৰাছৰ বিস্তাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শীতকালত, চৰ্দিৰ বাবে দায়ী  ভাইৰাছ, উদাহৰণ স্বৰূপে, ৰাইনোভাইৰাছ, ইনফ্লুৱেঞ্জা আৰু কোভিড-19-ৰ আশংকা বৃদ্ধি হয়। ঠাণ্ডা আৰু শুকান বায়ুয়ে এই ভাইৰাছবোৰ দীঘলীয়া সময়ৰ বাবে সক্ৰিয় আৰু সংক্ৰামক কৰি ৰাখে।

উদাহৰণ স্বৰূপে, ইনফ্লুৱেঞ্জা ভাইৰাছৰ বাহিৰৰ আৱৰণ ঠাণ্ডাত ৰবৰৰ দৰে হৈ পৰে, যি ইয়াক এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সহজে বিয়পাত সহায় কৰে।

ঠাণ্ডাৰ দিনত মানুহে বেছিভাগ সময় ঘৰৰ ভিতৰত কটায়। শ্বাসতন্ত্ৰৰ ভাইৰাছবোৰ ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে দ্ৰুতগতিত বিয়পে আৰু কম বতাহ চলাচল কৰা ঠাইত বাস কৰে।

হাঁচি আৰু কাহৰ পৰা ওলোৱা বিজাণু শুকান বতাহত সোনকালে শুকাই যায় আৰু ক্ষুদ্ৰ কণালৈ পৰিৱৰ্তিত হয় যি দীঘলীয়া সময়ৰ বাবে বায়ুত থাকিব পাৰে আৰু দূৰলৈ বিয়পিব পাৰে।

ঠাণ্ডা বতাহে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ওপৰতো প্ৰভাৱ পেলায়। ঠাণ্ডা বায়ুয়ে শ্বাসতন্ত্ৰৰ ৰোগ প্ৰতিৰোধ সঁহাৰি দুৰ্বল কৰে, যাৰ ফলত ভাইৰাছ সংক্ৰমিত হোৱাত সহজ হয়।

এই কাৰণে, শীতকালত নাক আৰু মুখখন স্কার্ফেৰে ঢাকি ৰখা উচিত, যাতে উশাহলৈ যোৱা বায়ু গৰম হ’ব পাৰে।শীতকালত সূৰ্যৰ পোহৰৰ অভাৱ আৰু ভিটামিন ডিৰ স্তৰ কম হোৱাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হৈ পৰে। ইয়াৰ বাহিৰেও, চৰ্দিৰ ফলত শাৰীৰিক সক্ৰিয়তা হ্ৰাস হয়, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত কৰে।

(এই বাতৰিটো কেৱল আপোনাক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে। ইয়াক লিখিবলৈ সাধাৰণ তথ্যৰ সহায় লোৱা হৈছে। স্বাস্থ্যৰ সৈতে সম্পৰ্কিত যিকোনো তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওঁক।