SR  প্ৰক্ৰিয়াৰ পাছত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা; নিজেই কৰিব পাৰিব পৰীক্ষা

SR  প্ৰক্ৰিয়াৰ পাছতে ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। বিন্নাকান্দি, হোজাই আৰু লামডিং সমষ্টিত কৰ্তন কৰা হ’ল বহু ভোটাৰৰ নাম।

অসমৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ১২৬টা বিধানসভা সমষ্টি সামৰি বিশেষ পুনৰীক্ষণ ২০২৬ৰ চূড়ান্ত ভোটাৰ তালিকা। SR প্ৰক্ৰিয়াৰ পিছত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা। চূড়ান্ত ভোটাৰ তালিকাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৯,৫৮,১৩৯ গৰাকী।

তাৰে মহিলা ভোটাৰৰ সংখ্যা ১,২৪,৭৫,৫৮৩ গৰাকী আৰু পুৰুষ ভোটাৰৰ সংখ্যা ১,২৪,৮২,২১৩ গৰাকী। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৩৪৩ গৰাকী।

এই চূড়ান্ত ভোটাৰ তালিকাত মুঠ ২ লাখ ৪৩ হাজাৰ ৪৮৫ গৰাকীৰ নাম বাদ পৰিল। ইয়াৰে বিন্নাকান্দি, হোজাই আৰু লামডিং সমষ্টিত কৰ্তন কৰা হ’ল ৩৭,৯৯৩ গৰাকী ভোটাৰৰ নাম। এই তিনিওটা বিধানসভা সমষ্ঠিত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ৭ লাখ ৬২ হাজাৰ ৪২২ গৰাকী।

আনহাতে বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত ৬ হাজাৰ ৭৩ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ইফালে ধুবুৰীত ৬,৩২৯ গৰাকী ভোটাৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। কিন্তু ধুবুৰী জিলাৰ বিলাসীপাৰা সমষ্টিত ৪ হাজাৰ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে।

জিলাই জিলাই প্ৰকাশ পালে প্ৰতিটো সমষ্টিৰ ভোটাৰ তালিকা। যদি তালিকাত আপোনাৰ নাম অহা নাই তেন্তে শীঘ্ৰেই পৰীক্ষা কৰক। কিন্তু তালিকাত কিদৰে চাব আপোনাৰ নাম।

ইয়াৰ বাবে আপুনি গুগলত গৈ টাইপ কৰক voters.eci.gov.in। ইয়াৰ পিছত হোমপেজত গৈ ক্লিক কৰক Search Your Name option ত।

ইয়াৰ পিছতে Select কৰক আপোনাৰ ভাষা। তাৰ পিছত EPIC নম্বৰ আৰু ৰাজ্যৰ নাম সন্নিৱিষ্ট কৰক। আৰু কেপচা ক’ড দিয়াৰ পিছতে ওলাই আহিব আপোনাৰ সম্পূৰ্ণ বিৱৰণ।

লগতে পঢ়ক: ‘তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক’; অনাস্থা প্ৰস্তাৱৰ জাননীত ওম বিৰলাৰ প্ৰতিক্ৰিয়া