২০২৪ত এই কেইখন ডাঙৰ ছবিয়ে চিনেমাগৃহত সৃষ্টি কৰিলে ধুমুহাৰ, জয় কৰিলে দৰ্শকৰ হৃদয়ো…

বহুতো উত্থান-পতন তথা পোৱা-নোপোৱাৰ হিচাপৰ মাজেৰে ২০২৪ বৰ্ষটোৱে আমাৰ মাজৰ পৰা বিদায় ল’বলৈ ওলাইছে । এই বৰ্ষটোত বলীউডৰ পৰা দক্ষিণৰ চিনেমালৈকে এনে বহু ছবিয়ে মুক্তি পালে যিয়ে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিলে । এখন এখনকৈ এই ছবিবোৰে বহুটো পুৰণি অভিলেখ ভাঙিলে । এনে পৰিস্থিতিত এই প্ৰতিবেদনত আপোনাক জনাবলৈ লৈছোঁ ২০২৪ চনত বলীউড চিনেমাৰ শীৰ্ষ ৰেটিং পোৱা ছবিৰ তালিকা । জনপ্ৰিয়তাৰ পৰা আৰম্ভ কৰি উপাৰ্জনলৈকে এই ছবিকেইখনে ২০২৪ বৰ্ষত বক্স অফিচত খলকনি তুলিলে ।

পুষ্পা ২: দ্য ৰুল-

দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দনাৰ ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম আছিল । এই ছবিখন শেহতীয়াকৈ ৫ ডিচেম্বৰত চিনেমাগৃহত মুক্তি পাইছে । আল্লু অৰ্জুনৰ এই ছবিখনে মুক্তিৰ পিছৰে পৰা ছবিগৃহত আলোড়নৰ সৃষ্টি কৰিছে । এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত এতিয়ালৈকে বিশ্বজুৰি ১০০০ কোটিৰ পৰিসংখ্যা অতিক্ৰম কৰিছে ।

সিংঘম এগেইন-

ৰোহিত শ্বেট্টীৰ ছবি ‘সিংঘম এগেইন’ও চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি আছিল । ‘ৰামায়ণ’ৰ আধাৰত নিৰ্মিত এই ছবিখন ১ নৱেম্বৰত দীপাৱলীৰ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰে । ‘সিংঘম এগেইন’ত অজয় ​​দেৱগন, অৰ্জুন কাপুৰ, অক্ষয় কুমাৰ, কৰীনা কাপুৰ, দীপিকা পাডুকন, ৰণবীৰ সিং, ছলমান খান (কেমিঅ’)ৰ দৰে ডাঙৰ তাৰকাই অভিনয় কৰিছে । প্ৰতিবেদন অনুসৰি এই ছবিখনৰ বিশ্বজুৰি মুঠ উপাৰ্জন ৪০০ কোটিৰো অধিক হৈছে ।

স্ত্ৰী ২-

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ হৰৰ কমেডী ছবি ‘স্ত্ৰী’ৰ প্ৰথম পাৰ্টে মুক্তি লাভ কৰিছিল ২০১৮ চনত । তেতিয়াৰ পৰা অনুৰাগীসকলে এই ছবিখনৰ দ্বিতীয় পাৰ্টৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল । এনে পৰিস্থিতিত অনুৰাগীৰ অপেক্ষাৰ অন্ত পেলাই স্বাধীনতা দিৱস উপলক্ষে অৰ্থাৎ ১৫ আগষ্টত ছবিখন ছবিগৃহত মুক্তি দিয়া হয় । ছবিখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰাৰ লগতে উপাৰ্জনৰ দিশতো অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

ভূল ভুলেইয়া ৩-

কাৰ্তিক আৰয়ানৰ ভৌতিক কমেডী এই ছবিখনো চলিত বছৰৰ বহু প্ৰত্যাশিত ছবিৰ ভিতৰত অন্যতম আছিল । ২০২৪ চনৰ ১ নৱেম্বৰত দীপাৱলী উপলক্ষে নিৰ্মাতাসকলে এই ছবিখন মুক্তি দিছিল । এই ছবিখনে প্ৰায় ৪০৮ কোটি টকাৰ বিশ্বব্যাপী সংগ্ৰহ সংগ্ৰহ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।

কল্কী ২৮৯৮ এডি- প্ৰভাস আৰু দীপিকা পাডুকন অভিনীত এই কল্পবিজ্ঞান চলচ্চিত্ৰ ‘কল্কী ২৮৯৮ এডি’ যোৱা ২৭ জুনত ছবিগৃহত মুক্তি লাভ কৰে । এই ছবিখনত অমিতাভ বচ্চন আৰু কমল হাছানৰ চৰিত্ৰই শিৰোনাম দখল কৰিছিল । ছবিখনৰ একচন আৰু কাহিনীৰ বাবেই দৰ্শকে ইয়াৰ দ্বিতীয় খণ্ডৰ বাবে অপেক্ষা কৰি আছে । উপাৰ্জনৰ ক্ষেত্ৰতো এই চিনেমাখনে অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা হ’ল এই বিষয়…বিনেশ হৈছে সৰ্বাধিক চাৰ্চ কৰা চেলিব্ৰিটি

প্ৰতি বছৰৰ দৰেই গুগলে ২০২৪ চনত সৰ্বাধিক সন্ধান তথা চাৰ্চ কৰা বিষয়ৰ তালিকা প্ৰকাশ কৰিছে । মঙলবাৰে প্ৰকাশ পোৱা এই তালিকাত চলিত বৰ্ষৰ শীৰ্ষ ১০ টা সন্ধান কৰা বিষয়ত আই পি এল, বিশ্বকাপ আৰু সাধাৰণ নিৰ্বাচনে আধিপত্য বিস্তাৰ কৰিছে । ভাৰতীয় গ্ৰাহকে চিনেমা, ক্ৰীড়া আৰু জনপ্ৰিয় মিমৰ লগতে ভ্ৰমণ গন্তব্যস্থান আৰু নিৰ্দিষ্ট খাদ্যৰ তথ্য বিচাৰিছিল ।

চেলিব্ৰিটিৰ কথা ক’বলৈ গ’লে শীৰ্ষ ৫ ৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় চাৰ্চ কৰা চেলিব্ৰিটি আছিল বিনেশ ফ’গাট, হাৰ্দিক পাণ্ডিয়া, শশাংক সিং, অভিষেক শৰ্মা আৰু লক্ষ্য সেন ।

এই বছৰৰ কিছুমান ভাইৰেল মিম অৰেঞ্জ পিল থিয়ৰী, ভেৰী ডিমুৰ, ভেৰী মাইণ্ডফুল, ব্লু গ্ৰীঞ্চ নি চাৰ্জাৰী আদি অনুসন্ধান বা চাৰ্চ কৰা হৈছিল । লগতে চাৰ্ভাইকেল কেন্সাৰ, ময়ে ময়ে আদিৰ অৰ্থও জানিবলৈ চেষ্টা কৰিছিল একাংশ ব্যৱহাৰকাৰীয়ে ।

ৰাজনীতিত সৰ্বাধিক সন্ধান কৰা বিষয় হৈছে নিৰ্বাচনৰ ফলাফল ২০২৪, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (আই এন চি)।

বতৰ আৰু স্বাস্থ্যক লৈও মানুহে বহু প্ৰশ্ন আৰু উদ্বেগ প্ৰকাশ কৰে । চৌপাশৰ অতি উত্তাপ আৰু AQI (বায়ুৰ গুণাগুণ সূচকাংক)ৰ দৰে বিষয়বোৰো ব্যাপকভাৱে অন্বেষণ কৰা হৈছিল ।

শীৰ্ষ ৫ খন আটাইতকৈ বেছি সন্ধান কৰা চিনেমা আছিল স্ত্ৰী ২, কল্কী ২৮৯৮ এ.ডি, 12th Fail, লাপাতা লেডিজ  আৰু হনুমান । একেদৰে শীৰ্ষ ৫খন ৱেব ছিৰিজত হীৰামণ্ডি, মিৰ্জাপুৰ, দ্য লাষ্ট অৱ আচ, বিগ বছ ১৭, পঞ্চায়ত আছে ।

গুণগুণাই গীত বিচাৰিব পৰা বিকল্প জনপ্ৰিয় হৈ পৰিল-

গুগলৰ ‘হাম টু চাৰ্চ’ ফিচাৰ ব্যৱহাৰকাৰীয়ে গীত বিচাৰিব পৰাকৈ এই বছৰ অতি জনপ্ৰিয় হৈ পৰিছে । এই বৈশিষ্ট্যৰ জৰিয়তে এজন ব্যক্তিয়ে গীতৰ কথা অবিহনে কেৱল গুণগুণাই বা সুহুৰি মাৰি গীত বিচাৰিব পাৰে ।

‘স্ত্ৰী ২’ৰ পৰা ‘কল্কী ২৯৮৯ এ.ডি’লৈকে, এই বছৰ গুগলত সৰ্বাধিক চাৰ্চ কৰা চিনেমা, ছিৰিজত ‘হীৰামণ্ডী’ৰ সফলতা…

২০২৪ চনৰ শেষ হোৱাৰ পূৰ্বে গুগলত সৰ্বাধিক সন্ধান কৰা ছবি আৰু ৱেব ছিৰিজৰ তালিকা প্ৰকাশ পাইছে । য’ত ‘স্ত্ৰী ২’ আন সকলো ছবিক পৰাস্ত কৰি প্ৰথম স্থান লাভ কৰিছে । ৱেব ছিৰিজৰ তালিকাত জয়ী হৈছে ‘হীৰামণ্ডী’ । এই তালিকাত কোনবোৰ ছবি অন্তৰ্ভুক্ত হৈছে চাওক…

স্ত্ৰী ২-

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ভৌতিক-কমেডী ছবি ‘স্ত্ৰী ২’ ১৪ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰে । ছবিখনত শ্ৰদ্ধা-ৰাজকুমাৰৰ উপৰিও অপাৰশক্তি খুৰানা, অভিষেক বেনাৰ্জী আৰু পংকজ ত্ৰিপাঠীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । বক্স অফিচত ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হয় ।

কল্কী ২৯৮৯ এ.ডি –

প্ৰভাস, দীপিকা পাডুকন আৰু অমিতাভ বচ্চন অভিনীত ছবি ‘কল্কী ২৯৮৯ এ.ডি’ এই তালিকাত দ্বিতীয় স্থানত আছে । যিয়ে বক্স অফিচত ভাল সংগ্ৰহ কৰে । বিগ বিৰ চৰিত্ৰটোও দৰ্শকে আদৰি লৈছিল ।

12th Fail-

বলীউডৰ প্ৰতিভাৱান অভিনেতা বিক্ৰান্ত মেছীয়ে এই ছবিখনত শক্তিশালী অভিনয়েৰে দৰ্শকক মোহিত কৰিছিল । মধ্যপ্ৰদেশৰ বাসিন্দা আই পি এছ মনোজ শৰ্মাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । ছবিখনে বক্স অফিচত বিপুল লাভ অৰ্জন কৰিছিল । গুগল চাৰ্চৰ তালিকাত ই তৃতীয় স্থানত আছে ।

হীৰামণ্ডী-

ৱেব ছিৰিজৰ ক্ষেত্ৰত গুগলৰ সন্ধান তালিকাত প্ৰথম নামটো হ’ল ‘হীৰামণ্ডী’। য’ত মনীষা কৈৰালা, অদিতি ৰাও হায়দাৰী আৰু সোনাক্ষী সিনহাৰ দৰে বহু জনপ্ৰিয় অভিনেত্ৰীক দেখা গৈছিল । এই ছিৰিজৰ জৰিয়তে ফাৰ্দিন খানেও এক ডাঙৰ কামবেক কৰিছিল ।

গুগলত সৰ্বাধিক সন্ধান কৰা চলচ্চিত্ৰৰ তালিকা-

-স্ত্ৰী ২

-কল্কী ২৯৮৯ এ.ডি

-লাপাতা লেডিজ –

-হনু-মেন

-মহাৰাজা

-মঞ্জুমেল বয়ছ

-দ্য গ্ৰেটেষ্ট অল টাইম

-ছালাৰ

-আৱেশম

এইবোৰ হৈছে গুগলত সৰ্বাধিক সন্ধান কৰা ৱেব ছিৰিজ-

-হীৰমণ্ডী

-মিৰ্জাপুৰ ছিজন ৩

-লাষ্ট অব আচ

-বিগ বছ ১৭

-পঞ্চায়ত

-কুইন অব টিয়েৰছ

-মেৰী মাই হাজবেণ্ড

-কোটা ফেক্টৰী

-বিগ বছ ১৮

-৩ বডী প্ৰবলেম

এখন-দুখন নহয়.. এই ৫ খন ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচনা কৰিলে ‘পুষ্পা ২’ এ

আল্লু অৰ্জুন, ৰশ্মিকা মন্দনা আৰু ফাহাধ ফাচিলৰ ছবি ‘পুষ্পা ২: দ্য ৰুল’ এই বছৰৰ অন্যতম বহু প্ৰত্যাশিত ছবি । ৫ ডিচেম্বৰ, বৃহস্পতিবাৰে সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি পোৱা ছবিখনে মুক্তি পোৱাৰ লগে লগে বক্স অফিচত খলকনি সৃষ্টি কৰাৰ লগতে প্ৰথম দিনাই বিপুল পৰিমাণৰ উপাৰ্জনেৰে দ্বিতীয় দিনা বক্স অফিচত ইতিহাস ৰচনা কৰে । এই ছবিখনে মুক্তিৰ দুদিনৰ ভিতৰতে বহু ব্লকবাষ্টাৰ ছবিৰ অভিলেখ ভংগ কৰে । এই তালিকাত কেৱল এখন বা দুখন নহয়, বহু ছবিৰ নাম সন্নিবিষ্ট হৈছে ।

‘পুষ্পা ২’এ ভংগ কৰিলে বহু ছবিৰ অভিলেখ-

২০২৪ চনৰ ৫ ডিচেম্বৰত মুক্তি পালে ‘পুষ্পা ২: দ্য ৰুল’এ । এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত আলোড়নৰ সৃষ্টি কৰে । প্ৰথম দিনাই এই ছবিখনে ২৯৪ কোটি টকাৰ ব্যৱসায় কৰিছিল, তাৰ পিছত ভাৰতীয় চিনেমাৰ সৰ্ববৃহৎ অপেনিং ছবি হিচাপে পৰিগণিত হয় । দ্বিতীয় দিনা ছবিখনে ৯০.১০ কোটি টকা উপাৰ্জন কৰে আৰু এইদৰে দুদিনত মুঠ ভাৰতীয় সংগ্ৰহ ২৬৫ কোটি টকা হয় । লগতে ছবিখনে দুদিনৰ ভিতৰতে বিশ্বজুৰি ৪০০ কোটি টকাৰ সীমা অতিক্ৰম কৰে । লগতে এই ছবিখনে বহু হাই অ’পেনিং ছবিৰ অভিলেখ ভংগ কৰে ।

বাহুবলী-২

২০১৭ চনত মুক্তি পোৱা প্ৰভাস আৰু অনুষ্কা শ্বেট্টীৰ ব্লকবাষ্টাৰ ছবি ‘বাহুবলী ২’ৰ নাম প্ৰথমে এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । এই ছবিখনেই আছিল প্ৰথম দিনাই ১২১ কোটি টকা উপাৰ্জন কৰা সৰ্ববৃহৎ ভাৰতীয় অ’পেনাৰ, কিন্ত ‘পুষ্পা ২’ ছবিখনে এই ছবিখনৰ এই আচৰিত অভিলেখ ভংগ কৰি প্ৰথম দিনাই ২৯৪ কোটি টকা উপাৰ্জন কৰে ।  তাৰ পিছত এই ছবিখন ভাৰতৰ আটাইতকৈ ডাঙৰ অ’পেনিং ছবি হিচাপে পৰিগণিত হয়, যিয়ে ভাৰতীয় চিনেমাত এক নতুন ইতিহাসৰ সৃষ্টি কৰে ।

কে জি এফ-২

দ্বিতীয় স্থানত আছে কানাড়া ছুপাৰষ্টাৰ য়শৰ ছবি ‘কে জি এফ ২’ । ২০২২ চনত মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনাই ১৩৪.৫ কোটি আৰু দ্বিতীয় দিনা ১১৫ কোটি টকা উপাৰ্জন কৰিছিল । অৰ্থাৎ ছবিখনে দুদিনত ২৭৫ কোটি টকা উপাৰ্জন কৰিছিল । কিন্তু ‘পুষ্পা ২’এ এই ছবিখনৰ অভিলেখ ভংগ কৰি দুদিনৰ ভিতৰতে বিশ্বজুৰি ৩৮৪ কোটি টকা উপাৰ্জন কৰি ইতিহাস ৰচনা কৰে ।

আৰ আৰ আৰ(RRR)-

২০২২ চনৰ একে বছৰতে মুক্তি পোৱা ৰাম চৰণ আৰু জুনিয়ৰ এন টি আৰৰ ছবি ‘আৰ আৰ আৰ’ ছবিখনো সেই বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি আছিল, যাৰ বাম্পাৰ অপেনিং আছিল আৰু ২২৩ কোটি টকা । কিন্তু এই ছবিখনৰ অভিলেখ ভংগ কৰি আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দনাৰ ছবি ‘পুষ্পা ২’ ভাৰতৰ আটাইতকৈ ডাঙৰ অ’পেনিং হিচাপে পৰিগণিত হৈছে । লগতে বক্স অফিচত ই অহৰহ বহুত টকা উপাৰ্জন কৰি আছে ।

পাঠান-

শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ ছবি ‘পাঠান’এ যোৱা বছৰ সমগ্ৰ বিশ্বৰ চিনেমাগৃহত অভিলেখ ভংগ কৰিছিল । ‘পুষ্পা ২’য়েও হিন্দী ভাষাত নন-হলিডেৰ সৰ্ববৃহৎ অপেনিঙৰ অভিলেখ ভংগ কৰে । যিটো আগতে পাঠানৰ নামত আছিল । এই ছবিখনে প্ৰথম দিনাই ৫৫.৭৫ কোটি টকা উপাৰ্জন কৰিছিল যদিও ‘পুষ্পা ২’এ এই ছবিখনক অতিক্ৰম কৰি নতুন অভিলেখ গঢ়িলে, যিটো হিন্দী ছবিৰ বাবে এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হয় ।

জৱান-

শ্বাহৰুখ খান আৰু নয়নতৰা অভিনীত একচন ছবি ‘জৱান’ৰ উন্মাদনা ‘পুষ্পা ২’ৰ দৰেই আছিল । কিন্তু মুক্তিৰ প্ৰথম দিনাই ৬৪ কোটি টকা উপাৰ্জন কৰা হিন্দী ভাষাত সৰ্বাধিক অপেনিং কৰি ‘জৱান’ৰ অভিলেখো ভংগ কৰে পুষ্পা-২ এ । ছবিখনে ডাঙৰ পৰ্দাত এক সুন্দৰ আত্মপ্ৰকাশ কৰাৰ লগতে দৰ্শকৰ পৰাও যথেষ্ট সঁহাৰি লাভ কৰে । বক্স অফিচত প্ৰচণ্ড উপাৰ্জনেৰে আগবাঢ়িছে এই ছবিখন ।