পঞ্জাৱৰ বানাক্ৰান্তক সহায়ৰ হাত চনু সুদৰ; ২৫৭টা পৰিয়ালক নিৰ্মাণ কৰি দিলে পকী বাসগৃহ
পঞ্জাৱৰ মোগাত বানৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ধ্বংস হৈছে। এই স্থানচ্যুত পৰিয়ালসমূহৰ বাবে আশাৰ ৰশ্মি হিচাপে আত্মপ্ৰকাশ কৰিছে চনু সুদ ।
বলিউড অভিনেতা চনু সুদ নিজৰ উদাৰতাৰ বাবে জনাজাত। এতিয়া পুনৰ এবাৰ তেওঁৰ সৈতে জড়িত তেনে এক খবৰেই পোহৰলৈ আহিছে। এইবাৰ তেওঁ ১৮০ টা পৰিয়ালৰ সহায়ক হৈ পৰিছে।
আচলতে চনু সুদ আৰু তেওঁৰ ভগ্নী তথা মোগা বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰভাৰী মালৱিকা সূদৰ সামাজিক পদক্ষেপ ‘ছাদ আপকি, জিম্মেদাৰী হামাৰী’জৰুৰীকালিন পৰিয়ালসমূহৰ বাবে আশাৰ ৰেঙণি হৈ ধৰা দিছে। পঞ্জাৱ বৰ্তমান বানপানীৰ কবলত পৰিছে আৰু ইয়াৰ বাবে যিসমূহ দৰিদ্ৰ পৰিয়ালৰ ঘৰ ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকক এই অভিযানৰ অধীনত পকী ঘৰ প্ৰদান কৰা হ’ব।
শেহতীয়া প্ৰতিবেদন অনুসৰি, ২৫৭ টা পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণৰ লক্ষ্যৰে ইতিমধ্যেই ১৮০ টা পৰিয়ালক নতুন ঘৰ হস্তান্তৰ কৰা হৈছে। বাকী থকা ঘৰসমূহৰ নিৰ্মাণ কাৰ্যও ক্ষিপ্ৰতাৰে চলি আছে। ঘৰসমূহ অৰ্পণ কৰাৰ পিছত চনু সুদ আৰু মালৱিকা সুদ সেই পৰিয়ালসমূহক লগ কৰিবলৈ উপস্থিত হয়। পৰিয়ালসমূহৰ তৰফৰ পৰা আৱেগিক হৈ কেৱল এইষাৰ কথাই শুনা গ’ল যে তেওঁলোকৰ হাতত ধন্যবাদ জনাবলৈ শব্দৰ অভাৱ ঘটিছে।
তেওঁলোকে কয় যে বহু বছৰ ধৰি তেওঁলোকে কেঁচা ঘৰ, তিৰপাল আৰু কেঁচা চালিৰ তলত থাকিবলৈ বাধ্য হৈ আছিল। বহু লোক আহিল আৰু প্ৰতিশ্ৰুতি দি থৈ গুচি গ’ল, কিন্তু কোনেও তেওঁলোকৰ সমস্যা দূৰ নকৰিলে। এনে সময়ত চনু সুদ আৰু মালৱিকা সূদে কেৱল তেওঁলোকৰ যন্ত্ৰণাক বুজি পোৱাই নহয়, বৰঞ্চ পকী ছাদ প্ৰদান কৰি তেওঁলোকৰ জীৱনলৈ এক নতুন আশাও কঢ়িয়াই আনিলে।
লগতে পঢ়ক: বিক্ৰান্ত মেছীৰ ‘মুছাফিৰ কেফে’ৰ অ’টিটি মুক্তিৰ তাৰিখ ঘোষণা