GMCHৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যক নিলম্বনৰ বাবে পত্ৰ প্ৰেৰণ
GMCHত যৌন নিৰ্যাতন, কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু প্ৰতিশোধমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি POSH আইনৰ অধীনত এখন অভিযোগ পত্ৰ প্ৰেৰণ
অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) যৌন নিৰ্যাতন, কৰ্তৃত্বৰ অপব্যৱহাৰ আৰু প্ৰতিশোধমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি POSH আইনৰ অধীনত এখন অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে আৰু অভিযুক্তৰ বিৰুদ্ধে নিলম্বনসহ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে । এই অভিযোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুত চন্দ্ৰ বৈশ্যক অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে ।
অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগলৈ প্ৰেৰণ কৰা এক পত্ৰত মহিলা আৰু শিশু বিকাশ বিভাগে কৰ্তৃপক্ষক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে, য’ত অভিযোগত উল্লেখ কৰা অনুসৰি তাৎক্ষণিক নিলম্বনৰ বিষয়টো বিবেচনা কৰিবলৈ কোৱা হৈছে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক্লিনিকেল চাইক’লজী বিভাগৰ এগৰাকী সহযোগী অধ্যাপিকাই CPGRAMS প’ৰ্টেলৰ জৰিয়তে এই অভিযোগ দাখিল কৰিছিল । বিভাগটোৱে সমগ্ৰ বিষয়টো পুংখানুপুংখভাৱে পৰীক্ষা কৰি ‘POSH’ আইনৰ অধীনত আইনী ব্যৱস্থা অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।
লগতে পঢ়ক : বিধানসভা নিৰ্বাচন : ৯ এপ্ৰিলত ৰাজ্যত বন্ধ ঘোষণা