গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ মতে গুৱাহাটী মহানগৰীৰ ২০ টা বিশেষ অঞ্চলক আটাইতকৈ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে
গুৱাহাটী মহানগৰীৰ বাবে এক ডাঙৰ সতৰ্কবাণী! শেহতীয়াকৈ গুৱাহাটীৰ ৩৬৬ টা ভূমিস্খলন প্ৰৱণ অঞ্চলৰ ওপৰত চলোৱা এক সমীক্ষাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । প্ৰতিবেদন অনুসায়ী, চহৰখনত হোৱা বেছিভাগ ঢাল খহি পৰা বা ভূমিস্খলনৰ ঘটনা প্ৰাকৃতিক কাৰণত হোৱা নাই, বৰঞ্চ ইয়াৰ বাবে প্ৰত্যক্ষভাৱে দায়ী মানুহৰ অবিবেচক কাৰ্যকলাপ । পৰিকল্পনাহীন নগৰীকৰণ আৰু অপৰিপক্ক উন্নয়নমূলক কাম-কাজে গুৱাহাটীৰ পাহাৰীয়া পৰিস্থিতিতন্ত্ৰলৈ কঢ়িয়াই আনিছে চৰম বিপৰ্যয় ।
আটাইতকৈ বিপদজনক ২০ টা অঞ্চল :
সমীক্ষা মতে গুৱাহাটী মহানগৰীৰ ২০ টা বিশেষ অঞ্চলক আটাইতকৈ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে- ফটাশিল, গড়ভাঙা, গোটাগৰী, হেঙেৰাবাৰী, জালুকবাৰী-লংকেশ্বৰ, কাহিলীপাৰা, কালাপাহাৰ, কামাখ্যা-নীলাচল, খানাপাৰা, খাৰঘুলি, কইনাধৰা, মালিগাঁও, নৱগ্ৰহ, নৰকাসুৰ, নৰেংগী, নুনমাটি, শান্তিপুৰ, শৰণীয়া, শুক্ৰেশ্বৰ আৰু চূনচালি ।
প্ৰাপ্ত তথ্য অনুসায়ী, খাৰঘূলি অঞ্চলত আটাইতকৈ বেছি অৰ্থাৎ ৭৭ টা স্পৰ্শকাতৰ স্থান পোৱা গৈছে । ইয়াৰ পিছতে থকা অন্যান্য বিপদজনক অঞ্চলসমূহ হ’ল :
-নুনমাটি: ৪০ টা স্থান
-নৰেংগী: ৩৭ টা স্থান
-খানাপাৰা: ৩৩ টা স্থান
-মালিগাঁও: ৩১ টা স্থান
-জালুকবাৰী-লংকেশ্বৰ: ৩০ টা স্থান
প্ৰতিবেদন মতে আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে চিনাক্ত কৰা স্থানসমূহৰ ৭৪ শতাংশতে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰিবলৈ তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন । ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে এইসমূহ অঞ্চলৰ আশে-পাশে থকা জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে ।
লগতে পঢ়ক : গুৱাহাটীৰ আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ