২৬ জানুৱাৰীত কোন ৰাজ্যৰ প্ৰতীকপটে অংশগ্ৰহণ কৰিব পেৰেডত…জানক কেনেকৈ লোৱা হয় এই সিদ্ধান্ত

গণৰাজ্য দিৱসৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । কৰ্তব্যৰ পথত পেৰেড কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে সেনা জোৱানসকল । সমগ্ৰ দেশে অপেক্ষা কৰি আছে ২৬ জানুৱাৰী অৰ্থাৎ দেওবাৰৰ বাবে, যেতিয়া সমগ্ৰ দেশে ভাৰতৰ সাংস্কৃতিক আৰু বৈচিত্ৰ্যৰ আভাস দেখিব । ইয়াৰ সমান্তৰালকৈ কৰ্তব্য পথত ভাৰতৰ সামৰিক শক্তিও বিশ্ববাসীৰ আগত প্রদর্শন কৰা হ’ব ৷

গণৰাজ্য দিৱসৰ পেৰেডৰ বাহিৰেও জনসাধাৰণে যিটো বস্তুৰ ওপৰত চকু ৰাখে সেয়া হ’ল প্ৰতীকপট (Tableau) । বিভিন্ন ৰাজ্য আৰু মন্ত্ৰালয়ৰ প্ৰতীকপটৰ জৰিয়তে ভাৰতে নিজৰ গৌৰৱময় ইতিহাস আৰু সাফল্যসমূহ বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰে । এইবাৰ দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ পৰা মুঠ ২৬ টা প্ৰতীকপট প্ৰস্তুত কৰা হৈছে । ১৬খন ৰাজ্যৰ লগতে ১০টা মন্ত্ৰালয় আৰু বিভাগৰ অনন্য বিষয়বস্তু থকা প্ৰতীকপটে পেৰেডত অংশগ্ৰহণ কৰিব । কিন্তু গণৰাজ্য দিৱসৰ পেৰেডত কোনবোৰ ৰাজ্য আৰু মন্ত্ৰালয়ৰ টেবুল অন্তৰ্ভুক্ত হ’ব সেয়া নিৰ্বাচনৰ প্ৰক্ৰিয়াটো যথেষ্ট জটিল । জানক কেনেকৈ সম্পন্ন হয় এই প্ৰক্ৰিয়া ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে আয়োজন কৰে এই সমগ্ৰ অনুষ্ঠান-

গণৰাজ্য দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰালয়ে পেৰেডকে ধৰি সকলো কাৰ্যসূচীৰ দায়িত্ব লয় । পেৰেডত কোনখন ৰাজ্যৰ প্ৰতীকপট অন্তৰ্ভুক্ত কৰা হ’ব সেইটো নিৰ্ধাৰণ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে । এই বাছনিও অতি সাৱধানে কৰা হয় । তেওঁলোকে সকলো ৰাজ্য, মন্ত্ৰালয় আৰু বিভাগৰ পৰা প্ৰতীকপটৰ বাবে আবেদন আহ্বান কৰে । ইয়াৰ প্ৰস্তুতি ছেপ্টেম্বৰ বা অক্টোবৰৰ পৰাই আৰম্ভ হয় ।

কমিটীয়ে লয় সিদ্ধান্ত-

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতীকপট  নিৰ্বাচনৰ বাবে এখন সমিতি গঠন কৰে, য’ত সংগীত, স্থাপত্য, চিত্ৰকলা, নৃত্য পৰিচালনা আৰু ভাস্কৰ্য্যৰ ক্ষেত্ৰৰ বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হয় । এই সকলো বিশেষজ্ঞই সকলো আৱেদনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে আৰু ইয়াৰ বিষয়বস্তু, ডিজাইন আৰু ধাৰণা চায় । প্ৰথম পৰ্যায়ত প্ৰতীকপটটো স্কেচ হিচাপে উপস্থাপন কৰা হয় । অনুমতি পোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত প্ৰতীকপটটো থ্ৰীডি মডেলত পঠিয়াবলৈ কোৱা হয়, ইয়াৰ অনুমোদন পোৱাৰ পিছত গণৰাজ্য দিৱসৰ পেৰেডত অন্তৰ্ভুক্ত হ’বলগীয়া প্ৰতীকপট প্ৰস্তুত কৰা হয় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিশেষজ্ঞ সমিতিয়ে ইয়াৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰে । এই পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতীকপটকহে পেৰেডত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হয় ।

প্ৰথমবাৰৰ বাবে থাকিব সেনাবাহিনীৰ সংযুক্ত প্ৰতীকপট-

প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱস উপলক্ষে সশস্ত্ৰ বাহিনীৰ তিনিটা শাখা অৰ্থাৎ সেনা, নৌসেনা আৰু বায়ুসেনাৰ যৌথ প্ৰতীকপট উপস্থাপন কৰা হ’ব । এই প্ৰতীকপটত পানী, স্থল আৰু বায়ুত থকা তিনিটা শক্তিৰ সমন্বিত কাৰ্য্যকলাপ প্ৰদৰ্শন কৰা হ’ব । তিনিওটা সেনাবাহিনীৰ যৌথ প্ৰতীকপট ‘শক্তিশালী আৰু নিৰাপদ ভাৰত’ৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ’ব ।

বিশেষ হ’ব এইবাৰৰ পেৰেড, কৰ্তব্য পথত দেখা যাব সামৰিক শক্তি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ সংগম

২০২৫ চনৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ বিশেষ হ’ব, যিয়ে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সামৰিক শক্তিৰ এক অনন্য মিশ্ৰণ প্ৰদৰ্শন কৰিব । এই বছৰ, কুচকাৱাজ তথা পেৰেডে সংবিধান স্থাপন আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ ৭৫ সংখ্যক বাৰ্ষিকীত গুৰুত্ব দিব । পেৰেডৰ মুখ্য অতিথি হ’ব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও চুবিয়াণ্টো । প্ৰতিৰক্ষা মন্ত্ৰালয়ে সোমবাৰে এই তথ্য প্ৰদান কৰে ।

প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে কয় যে ২৬ জানুৱাৰীত কৰ্তব্য পথত অনুষ্ঠিত হ’বলগীয়া পেৰেডত ইণ্ডোনেছিয়াৰ ১৬০ জনীয়া মাৰ্চিং দল আৰু ১৯০ জনীয়া বেণ্ড দলে অংশগ্ৰহণ কৰিব । ইয়াৰ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ দলসমূহো কুচকাৱাজৰ অংশ হ’ব ।

মন্ত্ৰালয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সৈতে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ আৰম্ভ হ’ব । ইয়াৰ পিছত, ৰাষ্ট্ৰপতিয়ে এখন পৰম্পৰাগত বাহনত ৰাজপথত উপস্থিত হ’ব আৰু এক বিশাল মাৰ্চ পাষ্টক অভিবাদন জনাব । এই মাৰ্চ পাষ্টত ভাৰতীয় সশস্ত্ৰ বাহিনী, অৰ্ধসামৰিক বাহিনী, সহায়ক অসামৰিক বাহিনী, ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এন চি চি) আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন এছ এছ) দলৰ অংশগ্ৰহণ থাকিব । এই কুচকাৱাজে কেৱল ভাৰতৰ সামৰিক শক্তি প্ৰদৰ্শন নকৰে, ই সংস্কৃতি, বৈচিত্ৰ্য আৰু ৰাষ্ট্ৰীয় ঐক্যৰ এক আভাসো উপস্থাপন কৰিব ।