ছামী-পাণ্ডিয়াই সৃষ্টি কৰিব অভিলেখ, অৰ্শদীপে যোগ কৰিব ‘শতক’…ভাৰত-ইংলেণ্ডৰ টি-২০ ছিৰিজত সৃষ্টি হ’ব এই ৪টা ৰেকৰ্ড

আজি (২২ জানুৱাৰী) কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ভাৰত আৰু ইংলেণ্ডৰ মাজত টি-২০ শৃংখলাৰ প্ৰথমখন খেল । আনহাতে, টি-২০ ছিৰিজৰ শেষ আৰু পঞ্চমখন মেচ ২ ফেব্ৰুৱাৰীত মুম্বাইত অনুষ্ঠিত হ’ব ।

ভাৰতৰ বাবে ভাল কথাটো হ’ল যে যোৱা ৬ বছৰত কোনো টি-২০ শৃংখলাত পৰাস্ত হোৱা নাই, শেষবাৰৰ বাবে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হৈছিল দলটো । তাৰ পাছৰে পৰা ১৬ খন শৃংখলাত ভাৰতে ১৪ টা শৃংখলা জয় কৰিছে আৰু দুটা ড্ৰ’ হৈছে । একে সময়তে ইংলেণ্ডে ১৪ বছৰ ধৰি ভাৰতত টি-২০ শৃংখলাত জয়ী হোৱা নাই ।

এই ছিৰিজত ইংলেণ্ড দলৰ অধিনায়কত্ব জোছ বাটলাৰৰ হাতত আছে । একে সময়তে সূৰ্যকুমাৰ যাদৱে এই ফৰ্মেটত ভাৰতক অধিনায়কত্ব কৰিব । জোছ বাটলাৰেও এই ছিৰিজত অভিলেখ গঢ়াৰ ওচৰ চাপিছে । আনহাতে, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামী, অৰ্শদীপ সিঙে ৰেকৰ্ড বুকত নিজৰ নাম পঞ্জীয়ন কৰিব ।

চাহালৰ অভিলেখ ভংগ কৰিব অৰ্শদীপ সিঙে আৰু…

৬০খন টি-২০ত ৯৫টা উইকেট দখল কৰি অৰ্শদীপ সিঙে এই ফৰ্মেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালৰ পৰা মাত্ৰ এটা উইকেট পিছ পৰি আছে । এই পাঁচখন মেচৰ শৃংখলাত যদি অৰ্শদীপে ১০০ উইকেট দখল কৰাৰ মাইলৰ খুঁটি অৰ্জন কৰে তেন্তে তেওঁ হ’ব টি-২০ ইণ্টাৰনেশ্যনেলৰ দ্ৰুততম বলাৰ ।

এই মুহূৰ্তত, হেৰিছ ৰৌউফ হৈছে ১০০ টা উইকেট লোৱা দ্ৰুততম বলাৰ, যি ৭১ খন মেচত এই কৃতিত্ব অৰ্জন কৰিছে । একে সময়তে, অৰ্শদীপৰ টি-২০ অভিষেকৰ পিছত, কোনো বলাৰে পাৱাৰপ্লে (৪০) বা শেষৰ পাঁচ অভাৰত (৪৬) তেওঁৰ তুলনাত অধিক উইকেট লোৱা নাই । চাহালে টি-২০ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লাভ কৰাৰ অভিলেখ গঢ়িছে । চাহালে বৰ্তমান ৮০ খন টি-২০ খেলত ৯৬ টা উইকেট দখল কৰিছে । 

ভাৰতৰ হৈ সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট-

যুজবেন্দ্ৰ চাহাল–  ৯৬ উইকেট

অৰ্শদীপ সিং–  ৯৫ উইকেট

ভুৱনেশ্বৰ কুমাৰ- ৯০ উইকেট

যশপ্ৰীত বুমৰাহ– ৮৯ উইকেট

হাৰ্দিক পাণ্ডিয়া- ৮৯ উইকেট

৪৫০ ক্লাবত যোগদান কৰিব ছামীয়ে-

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৪৫০ বা তাতকৈ অধিক উইকেট দখল কৰা চতুৰ্থজন ভাৰতীয় বেগী বলাৰ হোৱাৰ সুযোগ আছে ছামীৰ । ইতিমধ্যে এই কৃতিত্ব অৰ্জন কৰিছে কপিল দেৱ (৬৮৭), জাহীৰ খান (৫৯৭) আৰু জাভাগল শ্ৰীনাথে (৫৫১) । এই কৃতিত্ব অৰ্জন কৰা ভাৰতীয় স্পীনাৰসকলৰ ভিতৰত অনিল কুম্বলে (৯৫৩), ৰবিচন্দ্ৰন অশ্বিন (৭৬৫), হৰভজন সিং (৭০৭) আৰু ৰবীন্দ্ৰ জাডেজা (৫৯৭) অন্যতম । ২০১৩ চনত অভিষেক ঘটোৱাৰ পিছত ছামীয়ে ৪.১২ ইকনমি ৰেটত ১৮৮খন আন্তঃৰাষ্ট্ৰীয় মেচত ৪৪৮টা উইকেট দখল কৰিছে ।

অনিল কুম্বলে – ৪০১ খন খেলত ৯৫৩ টা উইকেট

ৰবিচন্দ্ৰন অশ্বিন – ২৮৭ খন খেলত ৭৬৫ উইকেট

হৰভজন সিং – ৩৬৫ খন খেলত ৭০৭ উইকেট

কপিল দেৱ – ৩৫৬ খন খেলত ৬৮৭ উইকেট

ৰবীন্দ্ৰ জাডেজা – ৩৫১ খন খেলত ৫৯৭ উইকেট

জাহীৰ খান – ৩৫১ খন খেলত ৫৯৭ উইকেট

জাভাগল শ্ৰীনাথ – ২৯৬ খন মেচত ৫৫১ টা উইকেট

মহম্মদ ছামী – ১৮৮ খন মেচত ৪৪৮ উইকেট

জোছ বাটলাৰে অতিক্ৰম কৰিব কোহলীক…

এই ছিৰিজত ১৫১ ৰান সম্পূৰ্ণ কৰাৰ লগে লগে টি-২০ ছিৰিজত কোহলীৰ অভিলেখ ভংগ কৰিব জোছ বাটলাৰে । দৰাচলতে ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা মেচত বিৰাট কোহলীয়ে সৰ্বাধিক টি-২০ ৰান সংগ্ৰহ কৰিছে । যিহেতু ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত জয়লাভ কৰি বিৰাট কোহলীয়ে এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, সেয়েহে এতিয়া বাটলাৰে নিজৰ নামত এই অভিলেখ গঢ়িবলৈ সুযোগ পাইছে । ইংলেণ্ডৰ বিৰুদ্ধে ২১ খন টি-২০ মেচত বিৰাট কোহলীয়ে ৬৪৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বাটলাৰে ভাৰতৰ বিৰুদ্ধে ২২ খন টি-২০ মেচত ৪৯৮ ৰান সংগ্ৰহ কৰিছে ।

ক্ৰীছ জৰ্ডানক অতিক্ৰম কৰিব পাণ্ডিয়াই-

এই টি-২০ ছিৰিজত ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই এক বৃহৎ অভিলেখ গঢ়াৰ কাষ চাপিছে । ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাত এতিয়ালৈকে সৰ্বাধিক উইকেট দখল কৰিছে ক্ৰীছ জৰ্ডানে ।

দুয়োখন দেশৰ মাজত খেলা ১৬খন টি-২০ মেচত জৰ্ডানে ২৪টা উইকেট দখল কৰিছে । এই তালিকাত ২ নম্বৰ স্থানত আছে যুজবেন্দ্ৰ চাহাল, তেওঁ ১১ খন টি-২০ মেচত মুঠ ১৬ টা উইকেট দখল কৰিছে । এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত খেলা টি-২০ মেচত চাহাল আৰু ক্ৰীছ জৰ্ডান দুয়োৰে অভিলেখ ভংগ কৰিব পাৰে পাণ্ডিয়াই । ইংলেণ্ডৰ বিৰুদ্ধে ১৫ খন টি-২০ মেচত এই পৰ্যন্ত ১৪ টা উইকেট দখল কৰিছে পাণ্ডিয়াই । এনে পৰিস্থিতিত যদি তেওঁ নিজৰ ছন্দত থাকে, তেন্তে তেওঁ এই অভিলেখ ভংগ কৰিব পাৰে ।

ভাৰত-ইংলেণ্ড টি-২০ হেড টু হেড-

মুঠ মেচ ২৪

ভাৰতৰ জয়লাভ ১৩

ইংলেণ্ডৰ জয়লাভ ১১

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষণা ভাৰতীয় দল…যশপ্ৰীত বুমৰাহক লৈ ছাচপেন্স

ভাৰতীয় ক্ৰিকেট দলটোৱে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলা খেলিব । এই এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে । ১৮ জানুৱাৰীত মুম্বাইত এখন সংবাদমেলযোগে ৰোহিত শৰ্মা আৰু অজিত আগকাৰে দল ঘোষণা কৰে । এই এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া প্ৰায় একেখিনি খেলুৱৈকে অন্তৰ্ভুক্ত কৰা হৈছে । বুমৰাহ এদিনীয়া শৃংখলাৰ বাবেও দলৰ অংশ যদিও তেওঁৰ খেলাৰ সিদ্ধান্ত পিছত লোৱা হ’ব । এনে পৰিস্থিতিত হৰ্ষিত ৰাণাকো দলত সুযোগ দিয়া হৈছে ।

বুমৰাহ সন্দৰ্ভত এই আপডেট দিলে আগৰকাৰে-

মুখ্য নিৰ্বাচক অজিত আগৰকাৰে বুমৰাহ সন্দৰ্ভত কয়, ‘বুমৰাক পাঁচ সপ্তাহৰ বাবে জিৰণি ল’বলৈ কোৱা হৈছে । বি চি চি আইৰ চিকিৎসা দলে তেওঁৰ সন্দৰ্ভত আপডেট দিব । ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পিছত তেওঁ সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছে । বৰ্তমান সময়ত কৰুণ নায়াৰৰ বাবে এই দলত স্থান পোৱাটো অতি কঠিন । কিন্তু প্ৰদৰ্শনৰ ওপৰত নিশ্চয় লক্ষ্য কৰা হ’ব ।‘

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ১৬ জনীয়া ভাৰতীয় দল : ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাডেজা, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ**, মহম্মদ ছামী, অৰ্শদীপ সিং, ৱাশ্বিংটন সুন্দৰ, হৰ্ষিত ৰাণা ।

উল্লেখ্য যে ভাৰত ভ্ৰমণত ইংলেণ্ড দলে প্ৰথমে ৫খনীয়া মেচৰ টি-২০ ছিৰিজ খেলিব । ২২ জানুৱাৰীত কলকাতাত অনুষ্ঠিত হ’ব প্ৰথমখন খেল । টি-২০ৰ পিছত ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’ব ৩খন এদিনীয়া শৃংখলা । এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী । এনে পৰিস্থিতিত এই শৃংখলা দুয়োটা দলৰ বাবে এক অনুশীলন হ’বলৈ গৈ আছে । অহা ৬ ফেব্ৰুৱাৰীত নাগপুৰত অনুষ্ঠিত হ’ব এই শৃংখলাৰ প্ৰথমখন এদিনীয়া ।

গ্ৰুপ এৰ বাকী তিনিটা দলৰ বিৰুদ্ধে কেনেকুৱা ভাৰতৰ অভিলেখ ?  পাকিস্তানৰ বিৰুদ্ধে জয় কম আৰু পৰাজয় বেছি !

আঠ বছৰৰ মূৰত অনুষ্ঠিত হ’বলৈ যোৱা চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল । শনিবাৰে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু অধিনায়ক ৰোহিত শৰ্মাই মুম্বাইত সংবাদমেলৰ জৰিয়তে দল ঘোষণা কৰে । ১৫ জনীয়া দলটোত আছে ৭ জন বেটছমেন, ৪ জন অল ৰাউণ্ডাৰ আৰু ৪ জন বলাৰ । ১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চেম্পিয়নছ ট্ৰফী প্ৰতিযোগিতাখনৰ বিপৰীতে ৯ মাৰ্চত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলত অনুষ্ঠিত হ’ব । পাকিস্তানৰ বাহিৰেও ডুবাইত অনুষ্ঠিত হ’ব ইয়াৰ মেচ ।

ভাৰতে নিজৰ সকলো খেল ডুবাইত খেলিব, আনহাতে আন দলসমূহে পাকিস্তানত খেলিব । ডিফেণ্ডিং চেম্পিয়ন পাকিস্তান, নিউজীলেণ্ড আৰু বাংলাদেশৰ লগতে ভাৰতক গ্ৰুপ এত স্থান দিয়াৰ বিপৰীতে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, আফগানিস্তান আৰু ইংলেণ্ড গ্ৰুপ বিত আছে । এই প্ৰতিযোগিতাত ভাৰতৰ যাত্ৰা সহজ নহ’ব কাৰণ এই টুৰ্ণামেন্টত পাকিস্তান আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ বিশেষ সন্তোষজনক নহয় । পাকিস্তানৰ বিৰুদ্ধে ভাৰত এই প্ৰতিযোগিতাত জয়ী হোৱাতকৈ অধিক মেচত পৰাস্ত হৈছে ।

পাকিস্তান-

২৩ ফেব্ৰুৱাৰীত মুখামুখি হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান । এই মেচখন ডুবাইত অনুষ্ঠিত হ’ব । অৱশ্যে এই মিনি বিশ্বকাপত ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে জয়তকৈ বেছি পৰাজয়ৰ সন্মুখীন হৈছে । এই প্ৰতিযোগিতাত দুয়োটা দলে ৫ বাৰ মুখামুখি হৈছে আৰু ইয়াৰে দুখনত জয়লাভ কৰিছে টিম ইণ্ডিয়াই । তিনিবাৰকৈ পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত । ইয়াৰ ভিতৰত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলো অন্তৰ্ভুক্ত । কিন্তু আই চি চিৰ সকলো ধৰণৰ প্ৰতিযোগিতা অৰ্থাৎ চেম্পিয়নছ ট্ৰফী, এদিনীয়া বিশ্বকাপ, টি-২০ বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দুয়োটা দলৰ অভিলেখৰ কথা ক’বলৈ গ’লে,  তেন্তে ২১ বাৰ সংঘৰ্ষ হৈছে ।

ইয়াৰে ভাৰতে ১৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে চাৰিখন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হয় । শেষবাৰৰ বাবে ভাৰতে ২০২১ চনত আই চি চি টুৰ্ণামেণ্টত পাকিস্তানৰ হাতত পৰাজিত হৈছিল, যেতিয়া বাবৰ আজমৰ দলে টি-২০ বিশ্বকাপত কোহলীৰ দলক ১০ উইকেটত পৰাস্ত কৰিছিল । এদিনীয়াত সামগ্ৰিক অভিলেখৰ ক্ষেত্ৰত, ভাৰত আৰু পাকিস্তানে মুঠ ১৩৫ বাৰ মুখামুখি হৈছে । ভাৰতে ৫৭ খন মেচ জিকিছে আৰু পাকিস্তানে ৭৩ খন মেচ জিকিছে । পাঁচখন খেল ফলাফল অবিহনে সমাপ্ত হৈছিল ।

নিউজীলেণ্ড-

২ মাৰ্চত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত এখন খেল অনুষ্ঠিত হ’ব । দুয়োটা দলে চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০০০ চনত খেলা সেই মেচখনত নিউজীলেণ্ডে ভাৰতক চাৰি উইকেটত পৰাস্ত কৰিছিল । আই চি চি প্ৰতিযোগিতাত কিৱিৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সন্তোষজনক নহয় । ২০২৩ চনৰ এদিনীয়া বিশ্বকাপতহে ভাৰতে কিৱি দলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল । অন্যথা বেছিভাগ সময় নিউজীলেণ্ডে আধিপত্য বিস্তাৰ কৰি আহিছে । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ২২ বাৰ মুখামুখি হৈছে । ইয়াৰে টিম ইণ্ডিয়াই মাত্ৰ ৬খন মেচত জয়লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডে ১৫খন মেচত জয়লাভ কৰিছে। এখন মেচ ড্ৰ’ হৈছিল ।

সীমিত অভাৰৰ আই চি চি টুৰ্ণামেণ্টৰ মেচত নিউজীলেণ্ডৰ হাতত ভাৰতৰ অন্তিমটো পৰাজয় আছিল ২০২১ চনত, টি-২০ বিশ্বকাপত । এই মেচত ডুবাইত নিউজীলেণ্ডে ভাৰতক ৮ উইকেটত পৰাস্ত কৰিছিল । মুঠৰ ওপৰত ভাৰত আৰু নিউজীলেণ্ডৰ দল দুটাই এদিনীয়াত মুঠ ১১৮ বাৰ মুখামুখি হৈছে । ইয়াৰে ভাৰতে ৬০খন মেচত জয়ী হোৱাৰ লগতে কিৱি দলে ৫০খন মেচত জয়লাভ কৰিছে । এখন মেচ টাই হৈছিল, আনহাতে ৭খন মেচৰ কোনো ফলাফল ওলোৱা নাছিল ।

বাংলাদেশ-

২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতে চেম্পিয়নছ ট্ৰফীত অভিযান আৰম্ভ কৰিব । দুয়োটা দলে আই চি চি প্ৰতিযোগিতাত মুঠ ১৭ বাৰ মুখামুখি হৈছে । ইয়াত ভাৰতীয় দলে আধিপত্য বিস্তাৰ কৰিছে । টিম ইণ্ডিয়াই ১৭খন খেলৰ ভিতৰত ১৬খন খেলত জয়ী হোৱাৰ লগতে এখনত পৰাস্ত হৈছে । দুয়োটা দল চেম্পিয়নছ ট্ৰফীত মাত্ৰ এবাৰহে মুখামুখি হৈছে । ২০১৭ চনত বাৰ্মিংহামত খেলা সেই মেচখনত ভাৰতীয় দলটোৱে ৯ উইকেটত জয়লাভ কৰিছিল ।

আই চি চি টুৰ্ণামেণ্টত ভাৰতীয় দলৰ একমাত্ৰ পৰাজয় ২০০৭ চনৰ এদিনীয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে আছিল । সেই সময়ত প’ৰ্ট অৱ স্পেইনত ভাৰতক ৫ উইকেটত পৰাস্ত কৰে বাংলাদেশে ।

আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল ডব্লিউপিএল ২০২৫ ৰ অনুসূচী ; এই ৪ খন চহৰত হ’ব মেচ

মহিলা প্ৰিমিয়াৰ লীগৰ তৃতীয় ছিজন ১৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। বিচিচিআইয়ে ইতিমধ্যে ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰিছে।

আগন্তুক ছিজনৰ আনুষ্ঠানিক সময়সূচী জানিব পৰাৰ পিছত, এইটো স্পষ্ট হৈ পৰিল যে এইবাৰ দেশৰ চাৰিখন চহৰত মহিলা প্ৰিমিয়াৰ লীগৰ খেল অনুষ্ঠিত হ’ব, যাৰ চূড়ান্ত খেলখন ১৫ মাৰ্চত মুম্বাইৰ চিচিআই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

এই ছিজনৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা দলে গুজৰাট জায়াণ্টছৰ দলৰ মুখামুখি হ’ব।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা দলে খেলপথাৰত মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন খেল খেলিব। একে সময়তে, আগন্তুক ছিজনৰ মেচবোৰ দেশৰ চাৰিখন চহৰত অনুষ্ঠিত হ’ব।

১৪ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ বদোদৰাত মুঠ ৬ খন খেল অনুষ্ঠিত হ’ব।ইয়াৰ পিছত, আকৌ  ২১ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত মুঠ ৮ খন খেল অনুষ্ঠিত হ’ব।

তাৰ পিছত ৩ মাৰ্চৰ পৰা ডব্লিউপিএল কাৰাভান লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হ’ব, য’ত ৮ মাৰ্চলৈকে মুঠ ৮ খন খেল অনুষ্ঠিত হ’ব।

মহিলা প্ৰিমিয়াৰ লীগ ২০২৫-ৰ দুখন গুৰুত্বপূৰ্ণ মেচ মুম্বাইৰ ক্ৰিকেট ক্লাব অৱ ইণ্ডিয়াত (চিচিআই) অনুষ্ঠিত হ’ব, য’ত এলিমিনেটৰ মেচখন ১৩ মাৰ্চত অনুষ্ঠিত হ’ব।আনহাতে খিতাপ মেচখন ১৫ মাৰ্চত অনুষ্ঠিত হ’ব।

প্ৰথমবাৰৰ বাবে, মহিলা প্ৰিমিয়াৰ লীগৰ মেচবোৰ লক্ষ্ণৌত অনুষ্ঠিত হ’ব। য’ত ইউপি ৱাৰিয়ৰ্ছ দলে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ঘৰুৱা খেলপথাৰত খেলিব। তেওঁলোকে তাত তিনিখন মেচ খেলিবলৈ সুযোগ পাব।

ডিচেম্বৰ মাহৰ আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত যশপ্ৰীত বুমৰাহ…

ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহক আই চি চিৰ ডিচেম্বৰ মাহৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰাৰ বিপৰীতে মহিলা শাখাত বিজয়ী হৈছে অষ্ট্ৰেলিয়াৰ এনাবেল ছাথাৰলেণ্ড । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল বুমৰাহ আৰু ৯টা ইনিংছত ৩২টা উইকেটৰে সৰ্বাধিক সফল বলাৰ আছিল তেওঁ । এই সময়ছোৱাত বুমৰাহে তিনিবাৰকৈ এটা ইনিংছত ৫ বা তাতকৈ অধিক উইকেট দখল কৰে ।

উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বুমৰাহক ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপেও নিৰ্বাচিত কৰা হয় । এই শৃংখলাত ১-৩ ব্যৱধানত পৰাস্ত হয় ভাৰত, কিন্তু বুমৰাহে বঁটা লাভ কৰিবলৈ সক্ষম হয় । বুমৰাহৰ লগতে মনোনয়ন তালিকাত পেট কামিন্স আৰু দক্ষিণ আফ্ৰিকাৰ ডেন পেটাৰছন আছিল যদিও এই ভাৰতীয় বেগী বলাৰগৰাকীয়ে সকলোকে পিছ পেলাই এই বঁটা লাভ কৰে । এইবাৰ দ্বিতীয়বাৰৰ বাবে আই চি চিৰ পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে বুমৰাহ ।

ব্ৰডাৰ-গাভাস্কাৰ ট্ৰফীত প্ৰভাৱ বিস্তাৰ-

এডিলেইডত খেলা দিবা নৈশ টেষ্টৰ প্ৰথম ইনিংছত চাৰিটা উইকেট দখল কৰি বুমৰাহে ভাৰতক পুনৰ খেলখনলৈ আনিছিল যদিও বেটছমেনৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে দলটো মেচখনত পৰাস্ত হৈছিল । ব্রিছবেনত খেলা তৃতীয় টেষ্টৰ মেচখনত প্রথম ইনিংছত ৬টা আৰু ৯টা উইকেট দখল কৰি ভাৰতক মেচখন ড্ৰ’ কৰাত সহায় কৰে তেওঁ ৷ ইয়াৰ পিছতে মেলবৰ্ণত অনুষ্ঠিত বক্সিং ডে’ টেষ্ট মেচখনৰ প্ৰথম ইনিংছত ৪টা আৰু দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰে বুমৰাহে । বেগী বলাৰগৰাকীৰ শক্তিশালী প্ৰদৰ্শনৰ পিছতো এই টেষ্টত ভাৰত ১৮৪ ৰানত পৰাস্ত হয় । এই সময়ছোৱাত তেওঁ টেষ্ট ক্ৰিকেটত গড়ে ২০তকৈ কম গড়ে ২০০ উইকেট সম্পূৰ্ণ কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ।

ভাৰত-নিউজীলেণ্ডৰ বিৰুদ্ধে ছাথাৰলেণ্ডৰ প্ৰভাৱ-

আনহাতে, স্মৃতি মান্ধানা আৰু ননকুলুলেকো ম্লাবাক এৰি মহিলা শাখাত ছাথাৰলেণ্ডে জয়লাভ কৰে এই খিতাপ । শেহতীয়াকৈ ভাৰত আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ২৩ বছৰীয়া খেলুৱৈগৰাকীয়ে । ভাৰতৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত ছাথাৰলেণ্ডে ৯৫টা বলত ১১০ ৰান সংগ্ৰহ কৰি শতক অৰ্জন কৰে । ইয়াৰ উপৰিও তেওঁ ছিৰিজত ৬টা উইকেটো দখল কৰে । ইয়াৰ পাছতে নিউজীলেণ্ডৰ বিৰুদ্ধে ছাথাৰলেণ্ডে নিজৰ ফৰ্ম বজাই ৰাখি শতক অৰ্জন কৰে ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত, কেৱল দলৰ বাছত যাত্ৰা কৰিব সকলো ক্ৰিকেটাৰে… পত্নীৰ বাবেও কঠোৰ নিয়ম

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পাছত বি চি চি আই (বৰ্ড অৱ কণ্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া)লৈছে এটা ডাঙৰ সিদ্ধান্ত । এতিয়া ক্ৰিকেটাৰৰ পত্নীৰ বাবে কঠোৰ নিয়ম বান্ধি দিয়া হৈছে । নতুন নিয়ম অনুসৰি যদি কোনো প্ৰতিযোগিতা ৪৫ দিন বা তাতকৈ অধিক সময়ৰ বাবে হয়, তেন্তে পত্নীক খেলুৱৈগৰাকীৰ লগত মাত্ৰ ১৪ দিনৰ বাবেহে থাকিবলৈ দিয়া হ’ব আৰু যদি ভ্ৰমণ কম দিনৰ হয় তেন্তে সেয়া ৭ দিনৰ বাবে হ’ব পাৰে ।

নতুন নিয়ম অনুসৰি সমগ্ৰ প্ৰতিযোগিতাখনৰ সময়ছোৱাত পত্নীসকল খেলুৱৈৰ সৈতে থাকিব নোৱাৰিব । পত্নী মাত্ৰ ২ সপ্তাহ একেলগে থাকিব পাৰিব । লগতে সকলো খেলুৱৈ দলৰ বাছত যাত্ৰা কৰিব লাগিব ।

গৌতম গম্ভীৰৰ ব্যক্তিগত মেনেজাৰকো ভি আই পি বক্স বা টিম বাছত বহিবলৈ দিয়া নহ’ব । তেওঁ আন কোনো হোটেলত থাকিব লাগিব । যদি খেলুৱৈসকলৰ লাগেজ ১৫০ কিলোগ্ৰামতকৈ অধিক হয় তেন্তে বি চি চি আইয়ে খেলুৱৈসকলক অতিৰিক্ত লাগেজৰ চাৰ্জ নিদিয়ে ।

অলপতে বি চি চি আইয়ে অষ্ট্ৰেলিয়া ছিৰিজৰ পিছত ৰোহিত শৰ্মা আৰু গৌতম গম্ভীৰৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে । এই সময়ছোৱাত বি চি চি আইয়ে দলৰ সংমিশ্ৰণ সন্দৰ্ভত কোনো ধৰণৰ খৰখেদাকৈ প্ৰতিক্ৰিয়া নিদিবলৈ সিদ্ধান্ত লয় । বুজা গৈছে যে অহা ছয় সপ্তাহত চেম্পিয়নছ ট্ৰফীৰ দৰে গুৰুত্বপূৰ্ণ এদিনীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া হোৱাৰ বাবে তাৎক্ষণিক যিকোনো প্ৰতিক্ৰিয়াই দলটোৰ লগতে সহায়ক কৰ্মচাৰীৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব ।

অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত দুৰ্বল প্ৰদৰ্শনৰ পিছত ভাৰতে প্ৰথমে টি-২০ আৰু তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব । ইয়াৰ পিছত দলটোৱে ফেব্ৰুৱাৰী মাহত চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিব ।

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ শোচনীয় প্ৰদৰ্শন-

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত পাঁচখনীয়া খেলৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত ১-৩ ব্যৱধানত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । ইয়াৰ বাবে ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হয় । এই কাৰণেই ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তিনিটা ছিজনত প্ৰথমবাৰৰ বাবে ডব্লিউ টি চি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে ।

ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ হাতত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আত্মসমৰ্পণ কৰে । ইয়াৰ পূৰ্বে ঘৰুৱা খেলপথাৰত নিউজীলেণ্ডৰ বিৰুদ্ধে ০-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল টিম ইণ্ডিয়া । এই দুটা বিপৰ্যয়ৰ বাবে ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ পৰা বঞ্চিত হয় ।

চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা ৬ টা দল…এতিয়াও অপেক্ষা ভাৰত-পাকিস্তানৰ বাবে

এইবাৰ পাকিস্তানৰ আতিথ্যত অনুষ্ঠিত হ’ব আই চি চি চেম্পিয়নছ ট্ৰফী ২০২৫ । ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা । মুঠ ৮টা দলে চেম্পিয়নছ ট্ৰফীত খেলিব, যাৰ অধীনত এতিয়ালৈকে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ডকে ধৰি ৬খন দেশে নিজৰ দল ঘোষণা কৰিছে । আনহাতে ভাৰতীয় দল আৰু পাকিস্তান দলৰ বাবে এতিয়াও অপেক্ষাৰত অনুৰাগী ।

দক্ষিণ আফ্ৰিকাৰ দলৰ মুখ্য প্ৰশিক্ষক ৰব ৱালটাৰে সোমবাৰে (১৩ জানুৱাৰী) ১৫ জনীয়া দলটো ঘোষণা কৰে । এই প্ৰতিযোগিতাত দক্ষিণ আফ্ৰিকাৰ অধিনায়কত্ব কৰিব টেম্বা বাভুমাই । দক্ষিণ আফ্ৰিকাই ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেললৈ লৈ যোৱা একেটা মূল দলকে বহুলাংশে ধৰি ৰাখিছে ।

ভাৰতীয় দল আৰু পাকিস্তান দলৰ ঘোষণাৰ বাবে এতিয়াও অপেক্ষাত আছে ক্ৰিকেট অনুৰাগীসকল । জানিব পৰা গৈছে যে অহা ১৮-১৯ জানুৱাৰীত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব । এই সময়ত দলৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে । এতিয়ালৈকে ঘোষণা কৰা ৬টা স্কোৱাডৰ বিষয়ে জানক…

গ্ৰুপ এ-

ভাৰত আৰু পাকিস্তান দল এতিয়াও ঘোষণা কৰা হোৱা নাই…

বাংলাদেশ দল : নাজমুল হুছেইন শান্তো (অধিনায়ক), সৌম্য চৰকাৰ, তাঞ্জিদ হাছান, তৌহিদ হৃদয়, মুছফিকুৰ ৰহিম, মাহমুদুল্লাহ, জাকেৰ আলী অনিক, মেহদি হাছান মিৰাজ, ৰিছাদ হোছেইন, তাস্কিন আহমেদ, মুস্তাফিজুৰ ৰহমান, পাৰভেজ হুছেইন ইমন, নাছুম আহমেদ, তাঞ্জিম হাছান চাকিব, নাহিদ ৰানা ।

নিউজীলেণ্ড দল : মিচেল ছেণ্টনাৰ (অধিনায়ক), মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লুকি ফাৰ্গুচন, মেট হেনৰী, টম লাথাম, ডেৰিল মিচেল, উইল অ’ৰ’ৰ্ক, গ্লেন ফিলিপছ, ৰাচিন ৰবীন্দ্ৰ, বেন ছিয়াৰ্ছ, নাথান স্মিথ, কেন উইলিয়ামছন , উইল ইয়ং ।

গ্ৰুপ-বি

দক্ষিণ আফ্ৰিকাৰ দল : টেম্বা বাভুমা (অধিনায়ক), টনি ডি জোৰ্জি, মাৰ্কো জান্সেন, হেনৰিক ক্লাচেন, কেশৱ মহাৰাজ, এইডেন মাৰ্ক্ৰাম, ডেভিদ মিলাৰ, উইয়ান মুল্ডাৰ, লুংগি ঙিডি, এনৰিকে নৰ্কিয়া, কাগিছ’ ৰাবাডা, ৰিয়ান ৰিকেলটন, টাব্ৰেজ শ্বামচি, ট্ৰিষ্টান ষ্টাবছ, ৰাছী ভান ডেৰ ডাচেন ।

আফগানিস্তান দল : হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান, ৰহমানুল্লাহ গুৰবাজ, চেদিকুল্লাহ অটল, ৰহমান শ্বাহ, ইক্ৰাম আলিখিল, গুলবাদিন নাইব, আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ৰছিদ খান, এ এম গাজানফৰ, নূৰ আহমেদ, ফজলহাক ফাৰুকী, ফৰিদ মালিক, নবীদ জাদ্ৰান ।

ৰিজাৰ্ভ : দৰৱিশ ৰছুলি, নাংয়াল খাৰোতি, বিলাল ছামি ।

ইংৰাজ দল : জোছ বাটলাৰ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, বেন ডাকেট, জেমী অভাৰটন, জেমী স্মিথ, লিয়াম লিভিংষ্টন, আদিল ৰছিদ, জো ৰুট, ছাকিব মাহমুদ, ফিল ছল্ট, মাৰ্ক উড ।

অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, এৰন হাৰ্ডি, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কাছ ষ্ট’ইনিছ, আডাম জাম্পা ।

প্ৰতিটো গ্ৰুপত দলসমূহে কিমানখন খেল খেলিব ?

৮ টা দলে নিজ নিজ গ্ৰুপত ৩-৩ খন খেল খেলিব । ইয়াৰ পিছত প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২ টা দলে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব । প্ৰথমখন ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন লাহোৰত অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চূড়ান্ত মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত যদি কোনো দলে ফাইনেলত প্ৰৱেশ কৰে তেন্তে প্ৰতিযোগিতাখনত মুঠ ৫ খন মেচ খেলিব ।

সলনি হ’ল আই পি এল ২০২৫ ৰ সূচী…! জানি লওক কেতিয়া আৰু ক’ত অনুষ্ঠিত হ’ব ফাইনেল

আই পি এল ২০২৫ সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে । শেহতীয়া বাতৰি অনুসৰি এই মেগা টুৰ্ণামেণ্টৰ সূচী সলনি কৰা হৈছে । ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ এই ছিজন চলিত বৰ্ষৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া ২১ মাৰ্চৰ পৰা আৰম্ভ হ’ব এই টুৰ্ণামেন্ট । ইয়াৰ লগতে চূড়ান্ত খেলৰ তাৰিখ আৰু স্থান সন্দৰ্ভতো পৰিৱৰ্তন কৰা হৈছে বুলি খবৰ প্ৰকাশ পাইছে । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে ।

স্প’ৰ্টছ ষ্টাৰৰ এক খবৰ অনুসৰি অহা ২১ মাৰ্চত অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ প্ৰথমখন খেল । ২৫ মে’ত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন । এই প্ৰতিযোগিতাখন পূৰ্বে ১৪ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল । কিন্তু এতিয়া সূচী সলনি কৰা হৈছে । হায়দৰাবাদৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামে এক ডাঙৰ সুযোগ পাবলৈ গৈ আছে । ইয়াতেই অনুষ্ঠিত হ’ব প্ৰথম দুখন কোৱাৰ্টাৰ ফাইনেল মেচ । খবৰ অনুসৰি এই ষ্টেডিয়ামে নিজেই আই পি এল সন্দৰ্ভত এটা আপডেট দিছিল ।

কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব ফাইনেল-

২০২৪ চনৰ আই পি এলত চেম্পিয়ন আছিল কলকাতা নাইট ৰাইডাৰ্ছ । গতিকে এইবাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব চূড়ান্ত খেল । ইয়াৰ সমান্তৰালকৈ ইয়াত প্লে অফৰ মেচসমূহো অনুষ্ঠিত হ’ব । এই সন্দৰ্ভত শীঘ্ৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব ।

WPL ২০২৫ সন্দৰ্ভতো প্ৰকাশ পাইছে আপডেট-

খবৰ অনুসৰি মহিলা প্ৰিমিয়াৰ লীগ ২০২৫ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব । এইবাৰ প্ৰতিযোগিতাখনৰ বাবে চাৰিটা স্থান নিৰ্বাচন কৰা হ’ব । চাৰিখন চহৰত অনুষ্ঠিত হ’ব WPLৰ মেচ । ইয়াৰ ভিতৰত আছে মুম্বাই, লক্ষ্ণৌ, বাংগালুৰু আৰু বদোদৰা । অৱশ্যে এতিয়ালৈকে প্ৰতিযোগিতাখনৰ তাৰিখ সন্দৰ্ভত কোনো আপডেট পোৱা হোৱা নাই ।

আই পি এলৰ শেষৰ ছিজনৰ ফলাফল কি আছিল –

আই পি এল ২০২৪ৰ অন্তিমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হৈছিল । কে কে আৰে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই এই মেচখনত ৮ উইকেটত জয়লাভ কৰে । পইণ্ট টেবুলৰ কথা ক’বলৈ গ’লে কে কে আৰ শীৰ্ষত আছিল । দলটোৱে মুঠ ১৪খন খেল খেলিছিল । এই সময়ছোৱাত ৯ খন মেচত জয়ী আৰু ৩ খন পৰাস্ত হৈছিল দলটো । আনহাতে হায়দৰাবাদে ১৪খন খেলৰ ভিতৰত ৮খন মেচত জয়লাভ কৰিছিল ।

‘হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়…’, অশ্বিনৰ এই মন্তব্যৰ পিছতে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা

ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ এটা বক্তব্যৰ বাবেই বিতৰ্কৰ মাজলৈ আহিছে।ৰবিচন্দ্ৰন অশ্বিনে কয় যে হিন্দী ভাৰতৰ জাতীয় ভাষা নহয়। ৰবিচন্দ্ৰন অশ্বিনৰ এই বক্তব্যই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলি আছে ৰবিচন্দ্ৰন অশ্বিন। ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ এটা বক্তব্যৰ বাবে বিতৰ্কৰ মাজলৈ আহিছে। ৰবিচন্দ্ৰন অশ্বিনে কয় যে হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা নহয়। ৰবিচন্দ্ৰন অশ্বিনৰ এই বক্তব্যই সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে।

ছ’চিয়েল মিডিয়াতো ব্যাপক চৰ্চা চলি আছে ৰবিচন্দ্ৰন অশ্বিন। আচলতে তামিলনাডুৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক ডিগ্ৰী লাভৰ সময়ত ছাত্ৰ-ছাত্ৰীক সম্বোধন কৰি ৰবিচন্দ্ৰন অশ্বিনে এই কথা কৈছিল। ৰবিচন্দ্ৰন অশ্বিনে ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি কয়, ‘যদি কোনোবাই ইংৰাজী বা তামিল ভাষাত ইমান দক্ষ নহয়, তেন্তে হিন্দীত প্ৰশ্ন কৰিবলৈ কোনোবাই আগ্ৰহী নেকি?’ ৰবিচন্দ্ৰন অশ্বিনে এই কথা কোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ দলটোত নিস্তব্ধতা সৃষ্টি হয়। ভাৰতত ভাষাৰ বিষয়টো হঠাৎ উত্থাপন কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। হিন্দী ভাষাক লৈ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাৰ্থক্য লক্ষ্য কৰিলে ৰবিচন্দ্ৰন অশ্বিনে। ইয়াৰ পিছত অফ-স্পিনাৰে ক’লে, ‘মই ভাবিলোঁ এইটো ক’ব লাগে: হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়; ই এক চৰকাৰী ভাষা।