কেৰালা ষ্ট’ৰী ২ য়ে চিবিএফচিৰ পৰা লাভ কৰিলে ইউ/এ চাৰ্টিফিকেট
বিতৰ্কৰ মাজতে কেৰালা ষ্ট’ৰী ২ ছবিখনক লৈ এটা ভালখবৰ আহিছে। ছবিখনে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনৰ পৰা ইউ/এ চাৰ্টিফিকেট লাভ কৰিছে।
মুক্তিৰ পূৰ্বে “কেৰালা ষ্ট’ৰী ২“এ শিৰোনাম দখল কৰিছে। ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত ছবিখনে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে।কিন্তু এই বিতৰ্কৰ মাজতে ছবিখনে চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনৰ পৰা ইউ এ চাৰ্টিফিকেট লাভ কৰিছে।
ইয়াৰ অৰ্থ হৈছে ১৪ বছৰৰ ওপৰৰ দৰ্শকে ছবিগৃহত এই ছবিখন চাব পাৰিব। সাধাৰণতে স্পৰ্শকাতৰ বিষয়ৰ চিনেমাক ‘এ’ চাৰ্টিফিকেট দিয়া হয় যদিও এই ছবিখনে ইউ এ চাৰ্টিফিকেট পোৱাটো নিৰ্মাতাসকলৰ বাবে এক ডাঙৰ সকাহ বুলি বিবেচিত হৈছে।
চেন্সৰ ব’ৰ্ডৰ এই সিদ্ধান্তক লৈ ছবিখনৰ প্ৰযোজক বিপুল অমৰুতলাল শ্বাহে সুখ প্ৰকাশ কৰিছে।চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পাব ।
নিৰ্মাতাসকলে দাবী কৰে যে ছবিখন ভাৰতীয় আইনী ব্যৱস্থাৰ সঁচা পৰিঘটনাৰ ওপৰত আধাৰিত।ইয়াৰ লগে লগে ছানশ্বাইন পিকচাৰ্ছে এতিয়া ঘোষণা কৰিছে যে “কেৰালা ষ্ট’ৰী ২- গজ বিয়ণ্ড’ হিন্দী ভাষাৰ সংস্কৰণৰ সৈতে তেলেগু আৰু কানাড়া ভাষাটো মুক্তি পাব।
অহা সপ্তাহত মুক্তি পাবলগীয়া এই ছবিখনক চিবিএফচিয়ে ইউএ চাৰ্টিফিকেট প্ৰদান কৰিছে। প্ৰযোজক বিপুল অমৰুতলাল শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘আমাৰ ছবিখনক ইউ এ চাৰ্টিফিকেট দিয়াৰ বাবে চেন্সৰ ব’ৰ্ডৰ ওচৰত মই কৃতজ্ঞ।’
লগতে পঢ়ক: ভেন্টিলেটৰত চেলিম খান; চিকিৎসকে দিলে ডাঙৰ খবৰ, হ’ব নেকি মগজুৰ অস্ত্ৰোপচাৰ?