হোৱাটছএপ চম্ভালিব ভাৰতীয় উদ্যোগী কুণাল শ্বাহে
ক্ৰেড-ৰ প্ৰতিষ্ঠাপক কুণাল শ্বাহে এইবাৰ গোলকীয় পৰ্যায়ত হোৱাটছএপ পৰিচালনা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে
ভাৰতীয় ফিনটেক জগতৰ বাবে এক ডাঙৰ খবৰ । জনপ্ৰিয় ফিনটেক ইউনিকৰ্ণ ‘ক্ৰেড’ (CRED)-ৰ প্ৰতিষ্ঠাপক কুণাল শ্বাহে এইবাৰ গোলকীয় পৰ্যায়ত হোৱাটছএপ পৰিচালনা কৰিবলৈ সম্পূৰ্ণ সাজু হৈছে । মেটা কোম্পানীয়ে তেওঁক হোৱাটছএপৰ নতুন গ্ল’বেল হেড হিচাপে নিযুক্ত কৰিছে ।
এই নিযুক্তিৰ সমান্তৰালভাৱে মেটা-ই CRED কোম্পানীত এক বৃহৎ বিনিয়োগৰ ঘোষণা কৰিছে । প্ৰতিবেদন অনুসৰি, মেটা-ই CRED-ত প্ৰায় ৯০০ নিযুত মাৰ্কিন ডলাৰ (প্ৰায় ৮,৫৫০ কোটি টকা) বিনিয়োগ কৰিবলৈ লৈছে ।
CEO পদৰ পৰা পদত্যাগ কুণাল শ্বাহৰ
মেটাৰ এই ঐতিহাসিক বিনিয়োগ আৰু নতুন দায়িত্ব লাভ কৰাৰ পিছতে কুণাল শ্বাহে সোমবাৰে CRED-ৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । CRED-ৰ ‘চিৰিজ এইচ’ ফাণ্ডিং ৰাউণ্ডৰ অংশ হিচাপে মেটা-ই এই বৃহৎ ধন বিনিয়োগ কৰিছে । এই চুক্তি অনুসৰি, মেটা-ই বেংগালুৰুস্থিত এই ফিনটেক প্ৰতিষ্ঠানটোৰ প্ৰায় ২০ শতাংশ সংখ্যালঘু অংশীদাৰিত্ব ক্ৰয় কৰিব ।
৪.৫ বিলিয়ন ডলাৰ হ’ল CRED-ৰ মূল্যাংকন
মেটাৰ এই বিনিয়োগৰ পিছতে CRED-ৰ পোষ্ট-মানি ভেলুৱেচন বৃদ্ধি পাই প্ৰায় ৪.৫ বিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ৪৩,২৩৯ কোটি টকা) স্পৰ্শ কৰিছে । এই ফাণ্ডিং ৰাউণ্ডটোত প্ৰাইমেৰী কেপিটেল ইনফিউজন আৰু চেকেণ্ডেৰী শ্বেয়াৰ ক্ৰয়ৰ সংমিশ্ৰণ অন্তৰ্ভুক্ত আছে ।
সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি কুণাল শ্বাহে লিখিছে, “বহুত দিন হ’ল ।” তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনৰ সময়ছোৱাত এটা সৰল প্ৰশ্ন- “বিশ্বাসক কিয় পুৰস্কৃত কৰিব নোৱাৰি ?”- সেই বিষয়ে কৰা চিন্তা আৰু গৱেষণাৰ কথা সোঁৱৰণ কৰে । উল্লেখ্য যে, নিজৰ ব্যক্তিগত সঞ্চয়ৰ পৰা ১ নিযুত মাৰ্কিন ডলাৰ উলিয়াই শ্বাহে সময়মতে ক্ৰেডিট কাৰ্ডৰ বিল পৰিশোধ কৰা ব্যৱহাৰকাৰীসকলক পুৰস্কৃত কৰাৰ উদ্দেশ্যে CRED মুকলি কৰিছিল ।
CRED-ৰ যাত্ৰা ২০১৯ – ২০২৫
সদস্য সংখ্যা : শূন্যৰ পৰা বৃদ্ধি পাই ১৭ নিযুত (১.৭ কোটি) হ’ল ।
সেৱা সম্প্ৰসাৰণ : পেমেন্ট, ঋণ, বীমা, বাণিজ্য, সম্পত্তি ব্যৱস্থাপনা আৰু ক্ৰেডিট কাৰ্ড ।
ৰাজহ : বাৰ্ষিক ৰাজহ প্ৰায় ৩২৫ নিযুত ডলাৰলৈ (প্ৰায় ৩,২০০ কোটি টকা) বৃদ্ধি পাইছে ।
ESOP : কোম্পানীটোৱে ইতিমধ্যে চাৰিবাৰকৈ কৰ্মচাৰী ষ্টক মালিকীস্বত্ব পৰিকল্পনা বাইবেক সম্পন্ন কৰিছে ।
কুণাল শ্বাহ কোন ?
কুণাল শ্বাহ ভাৰতৰ অন্যতম সফল উদ্যোগী তথা ফিনটেক ইউনিকৰ্ণ CRED-ৰ প্ৰতিষ্ঠাপক । CRED প্ৰতিষ্ঠা কৰাৰ পূৰ্বে তেওঁ ২০১০ চনত ডিজিটেল পেমেন্ট আৰু ৰিচাৰ্জ প্লেটফৰ্ম ‘ফ্ৰীচাৰ্জ’ সহ-প্ৰতিষ্ঠা কৰিছিল । ২০১৫ চনত ৪৫০ নিযুত মাৰ্কিন ডলাৰত স্ন্যাপডিলে ইয়াক অধিগ্ৰহণ কৰিছিল ।
১৯৭৯ চনত মুম্বাইত জন্মগ্ৰহণ কৰা শ্বাহে উইলচন কলেজৰ পৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে । তেওঁ NMIMS-ত এমবিএ পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল যদিও ব্যৱসায়িক সপোন পূৰণ কৰিবলৈ পঢ়া আধাতে এৰি দিয়ে । ২০১৮ চনত তেওঁ CRED প্ৰতিষ্ঠা কৰে, যিটো অতি কম সময়ৰ ভিতৰতে ভাৰতৰ আটাইতকৈ উচ্চ মূল্যৰ কনজুমাৰ টেকন’লজী কোম্পানীসমূহৰ ভিতৰত অন্যতম হৈ পৰে ।
লগতে পঢ়ক : স্পেচএক্সৰ ঐতিহাসিক আইপিঅ’: বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নাৰ’ হোৱাৰ দিশে এলন মাস্ক