ডুবাইলৈ ৰপ্তানি হ’ল GI-টেগযুক্ত অসমৰ কাজি নেমু
CMO-ই কয় GI-টেগযুক্ত অসমৰ কাজি নেমু ডুবাইত গৈ পোৱাটোৱে উত্তৰ-পূব ভাৰতৰ মানসম্পন্ন উৎপাদিত সামগ্ৰী আৰু কৃষক নেতৃত্বাধীন উদ্যোগৰ বৰ্ধিত গোলকীয় স্বীকৃতিকে প্ৰতিফলিত কৰিছে
অসমৰ কৃষি খণ্ডৰ বাবে এক গৌৰৱোজ্জ্বল ক্ষণ । ৰাজ্যখনৰ বিশেষ পৰিচয় কঢ়িয়াই অনা ভৌগোলিক সূচক (GI) প্ৰাপ্ত অসমৰ নেমু (কাজি নেমু) এইবাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত জিলিকি উঠিছে । শেহতীয়াকৈ অসমৰ পৰা ডুবাইলৈ সফলতাৰে ৰপ্তানি কৰা হৈছে এই বিশেষ নেমু । যোৱা ৭ জুনত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে (CMO) এই ঐতিহাসিক পদক্ষেপৰ কথা বিশেষভাৱে প্ৰদৰ্শন কৰে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰী আৰু কৃষক নেতৃত্বাধীন উদ্যোগৰ বৰ্ধিত গোলকীয় স্বীকৃতিৰ এক ডাঙৰ প্ৰতিফলন বুলি অভিহিত কৰিছে ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন মাইলৰ খুঁটি-
প্ৰাক্তন ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স (X)-ত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰে যে, এই ৰপ্তানিয়ে সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ উৎপাদিত সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় উপস্থিতি সম্প্ৰসাৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । CMO-ই কয়, “GI-টেগযুক্ত অসমৰ নেমু ডুবাইত গৈ পোৱাটোৱে উত্তৰ-পূব ভাৰতৰ মানসম্পন্ন উৎপাদিত সামগ্ৰী আৰু কৃষক নেতৃত্বাধীন উদ্যোগৰ বৰ্ধিত গোলকীয় স্বীকৃতিকে প্ৰতিফলিত কৰিছে ।”
NERAMAC আৰু MDoNER-ৰ বিশেষ ভূমিকা
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এই পোষ্টটোত কেন্দ্ৰীয় উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ (MDoNER) এটা বাৰ্তাও শ্বেয়াৰ কৰা হয় । য’ত উল্লেখ কৰা হৈছে যে, এই বিশেষ ৰপ্তানি প্ৰক্ৰিয়াটো উত্তৰ-পূব আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC)-ৰ তৎপৰতাত সম্ভৱ হৈ উঠিছে ।
MDoNER-ৰ মতে, এই পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি সামগ্ৰীৰ ক্ৰমবৰ্ধমান গোলকীয় প্ৰসাৰক প্ৰমাণ কৰাৰ লগতে অঞ্চলটোৰ কৃষক আৰু থলুৱা উৎপাদকসকলৰ বাবে উপাৰ্জনৰ এক নতুন সুযোগৰ সৃষ্টি কৰিছে ।
উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয়ে অসমৰ নেমুৰ এই বিশ্বযাত্ৰাক লৈ উল্লাস প্ৰকাশ কৰি কয় :
“অসমৰ নেমু বিশ্বমুখী হ’ল! MDoNER-ৰ অধীনস্থ NERAMAC-এ অসমৰ GI-টেগযুক্ত নেমু ডুবাইলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় । এই পদক্ষেপে উত্তৰ-পূব ভাৰতৰ গোলকীয় প্ৰসাৰক প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় উৎপাদিত সামগ্ৰীক গুণগত মান, কৃষকৰ সৱলীকৰণ আৰু নতুন সুযোগৰ প্ৰতীক হিচাপে গঢ়ি তুলিছে ।”
লগতে পঢ়ক : ব্যয় সংকোচনৰ প্ৰয়াস: একেলগে গাড়ী শ্বেয়াৰ কৰি বাজপেয়ী ভৱনলৈ গ’ল ৰাজ্যৰ মন্ত্ৰীসকল