কণী খোৱাৰ উপকাৰিতা সমূহ জানেনে আপুনি?
কণী খোৱাৰ উপকাৰিতা সমূহ জানেনে আপুনি?
হিন্দীত এষাৰ কথা আছে “संडे हो या मंडे रोज खाओ अंडे”। পুষ্টিবিদ আৰু ডায়েটিচিয়ানসকলে কয় যে, বতৰ যিয়েই নহওক কিয়, দৈনন্দিন খাদ্যৰ তালিকাত এটা বা দুটা কণী ৰাখিলে আমাৰ শৰীৰটোৰ বাবে যথেষ্ট উপকাৰী ।
সাধাৰণতে মানুহৰ এটা ভুল ধাৰণা থাকে যে, কণীয়ে শৰীৰত উষ্ণতা বৃদ্ধি কৰে, গতিকে গ্ৰীষ্মকালত ইয়াক খোৱা উচিত নহয় । যদিও পুষ্টিবিদ আৰু ডায়েটিচিয়ানসকলে এই কথা অস্বীকাৰ কৰে ।
কণীয়ে আমাৰ শৰীৰত এক এনাৰ্জী বুষ্টাৰৰ দৰে কাম কৰে । ৰাতিপুৱা ব্ৰেকফাষ্টত এটা বা দুটা কণী গ্ৰহণ কৰিলে গোটেই দিনটো আমাৰ শৰীৰত শক্তি বজাই ৰখাৰ লগতে শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে আৰু শৰীৰটোক ৰোগমুক্ত কৰিব পাৰে ।
আমেৰিকাৰ টাফ্টছ বিশ্ববিদ্যালয়ৰ(Tufts University of America) এক গৱেষণাত বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত গৱেষকসকলে দাবী কৰিছিল যে, প্ৰতিদিনে দুটাকৈ কণী খালে ব্যক্তিৰ মানসিক স্বাস্থ্য, বিশেষকৈ স্মৃতিশক্তি স্বাভাৱিক মানুহতকৈ ভাল হয় ।
কণীৰ বগা অংশত থকা প্ৰ’টিন বিশেষকৈ এলবুমিন নামৰ প্ৰ’টিনবিধ যথেষ্ট পৰিমাণে পোৱা যায় । আনহাতে, হালধীয়া অংশ অৰ্থাৎ যোকত চৰ্বি, ভিটামিন বি আৰু ওমেগা ৩ ফেটি এচিডৰ দৰে পুষ্টিকৰ উপাদান পোৱা যায় ।
চিকিৎসকগৰাকীয়ে কৈছে যে, সাধাৰণতে কণীৰ কেৱল এটা অংশহে গ্ৰহণ কৰিলে কণীটোৰ পুষ্টিৰ মূল্য হ্ৰাস পায় ।
(ইয়াত দিয়া তথ্য সমূহ সাধাৰণ পৰামৰ্শৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)
লগতে পঢ়ক: পালেং শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? নিয়ন্ত্ৰণত ৰাখে ব্লাড ছুগাৰ