‘অৰ্থনৈতিক কূটনীতিৰ ওপৰত অধিক গুৰুত্ব’ : বৈদেশিক নীতি সন্দৰ্ভত ক’লে জয়শংকৰে…

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে কয় যে আজি ভাৰত এনে এখন দেশত পৰিণত হৈছে যাৰ পৰা বিশ্বই বহুত আশা ৰাখিছে আৰু যাৰ দায়িত্ব অধিক । তেওঁ কয় যে ভাৰতক ভৱিষ্যতে বিশ্বৰ সমস্যাৰ প্ৰতি ক্ষিপ্ৰ সঁহাৰি জনোৱা দেশ হিচাপে দেখা যাব । ইয়াৰ দ্বাৰা ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী ভূমিকা প্ৰতিফলিত হৈছে ।

জয়শংকৰে কয় যে ভাৰতে বিশ্বৰ বিশেষকৈ আমাৰ চুবুৰীৰ সমস্যা সমাধানত সহায় কৰিব বুলি আশা কৰা হ’ব ৷ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে, আমি যি অসুবিধাৰ সন্মুখীন হওঁ, সেয়া যৌথ প্ৰচেষ্টা আৰু সিদ্ধান্তৰ জৰিয়তে সমাধান কৰা হ’ব । পৃথিৱীখন সলনি হৈ আছে । নতুন নতুন ধাৰণা আহি আছে আৰু ভাৰত এই পৰিৱৰ্তনৰ অংশ হ’ব লাগিব । আমি মহান চিন্তা আৰু দীৰ্ঘম্যাদী দৃষ্টিভংগী আৰু প্ৰজ্ঞাৰে আমাৰ বৈদেশিক নীতি আগবঢ়াই নিব লাগিব ।

লগতে তেওঁ কয় যে যোগান শৃংখলৰ পৰিৱৰ্তন কেৱল বৈদেশিক নীতিৰ সৈতে জড়িত নহয়, ভাৰতৰ উন্নয়নৰ বাবেও ই এক বৃহৎ সুযোগ । তেওঁ কয়, আজি আমি দেখিবলৈ পোৱা যোগান শৃংখলৰ পৰিৱৰ্তনে ভাৰতত উৎপাদন ক্ষেত্ৰখনক উন্নীত কৰিছে আৰু লগতে প্ৰযুক্তিগত বিকাশৰ অনুঘটক হিচাপেও কাম কৰি আছে । ডিজিটেল যুগত বৈদেশিক নীতিৰ বাবেও নতুন পন্থাৰ প্ৰয়োজন, কাৰণ এই যুগটো উৎপাদন যুগৰ পৰা সম্পূৰ্ণ পৃথক । ডিজিটেল সামগ্ৰী এতিয়া কেৱল সামগ্ৰী নহয়, এতিয়া তথ্যৰ উৎস হৈ পৰিছে ।

বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে বৈদেশিক নীতি হৈছে এক মিশ্ৰণ য’ত পুৰণি আৰু নতুন দুয়োটা প্ৰত্যাহ্বান অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁ কয়, ‘আমি বহু পুৰণি সমস্যাৰ সন্মুখীন হৈছো, ইয়াৰে বহু সমস্যা এতিয়াও আছে । আমাৰ সীমান্ত সুৰক্ষাও এটা গুৰুতৰ বিষয় আৰু আমি এতিয়াও এক গুৰুতৰ ৰূপৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি আছো । ইয়াৰ সমান্তৰালকৈ আজিৰ প্রয়োজন অনুযায়ী ৰাষ্ট্রীয় উন্নয়নৰ বাবে বৈদেশিক নীতি ৰূপায়ণ কৰিবলগীয়া হৈছে ৷

লগতে তেওঁ কয় যে যোৱা দহ বছৰত ভাৰতৰ বৈদেশিক নীতিত অৰ্থনৈতিক কূটনীতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । প্ৰধানমন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে যেতিয়াই কোনো দেশ ভ্ৰমণ কৰে তেতিয়াই তেওঁলোকৰ এজেণ্ডাত প্ৰযুক্তি, পুঁজি, সহযোগিতা, বিনিয়োগ আৰু উত্তম পদ্ধতিৰ ডাঙৰ স্থান থাকে । এতিয়া ই বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ।

বাহৰেইনত উপস্থিত এছ জয়শংকৰ, মনমা ডায়লগত কৰিব অংশগ্ৰহণ; পৰ্যালোচনা কৰিব দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ

ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে মনামা ডায়লগত অংশগ্ৰহণৰ বাবে বাহৰেইনৰ মানামাত উপস্থিত হৈছে । বাহৰেইনৰ বৈদেশিক মন্ত্ৰীয়ে তেওঁক আদৰণি জনায় । বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক্সত এটা পোষ্টত এই সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰিছে । তেওঁ লিখিছে, ‘আজি সন্ধিয়া মনমাত উপস্থিত হৈ মই বৰ আনন্দিত হৈছো । মোৰ ভাতৃ বৈদেশিক মন্ত্ৰী ড° আব্দুল্লাতিফ বিন ৰছিদ আল জৈনীক লগ পাই আনন্দিত হৈছো । কাইলৈ ​​মনমা ডায়লগত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহী । মোৰ বিশ্বাস যে আমাৰ উচ্চ যুটীয়া আয়োগ অতি উৎপাদনশীল হ’ব ।‘

দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পৰ্যালোচনা কৰা হ’ব-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে বাহৰেইন ভ্ৰমণ কৰিছে । ৮ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ তেওঁ বাহৰেইনত থাকিব, য’ত তেওঁ বাহৰেইনৰ বৈদেশিক মন্ত্ৰী আব্দুল্লাতিফ বিন ৰছিদ আল জৈনীৰ সৈতে চতুৰ্থ ভাৰত-বাহৰেইন উচ্চ যুটীয়া আয়োগৰ সহ-অধ্যক্ষতা কৰিব । এই মন্ত্ৰীসভাৰ বৈঠকত দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় পৰ্যালোচনা কৰা হ’ব আৰু ভাৰত আৰু বাহৰেইনৰ মাজত বহুমাত্ৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব ।

মনমা ডায়লগৰ ২০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব-

অহা ৮ ডিচেম্বৰত বাহৰেইনত অনুষ্ঠিত হ’বলগীয়া আই আই এছ এছ মানামা ডায়লগৰ ২০ সংখ্যক সংস্কৰণতো অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । এইবাৰৰ মানামা আলোচনাৰ বিষয়বস্তু হৈছে ‘আঞ্চলিক সমৃদ্ধি আৰু নিৰাপত্তা গঢ় দিয়াত মধ্যপ্ৰাচ্যৰ নেতৃত্ব’ । ভাৰত আৰু বাহৰেইনৰ মাজত আন্তৰিক ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ যোগাযোগৰ বৈশিষ্ট্যপূৰ্ণ উৎকৃষ্ট দ্বিপাক্ষিক সম্পৰ্ক আছে ।

দুয়োখন দেশৰ মাজত কেইবাটাও উচ্চ পৰ্যায়ৰ বাৰ্তালাপ অনুষ্ঠিত হৈছে যি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ ঘনিষ্ঠতা প্ৰতিফলিত কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বাহৰেইন ভাৰতৰ সৈতে অধিক অৰ্থনৈতিক সম্পৰ্ক বিচাৰিবলৈ আগ্ৰহী কিয়নো বাহৰেইনে বৰ্ধিত ভাৰতীয় অৰ্থনীতিৰ গুৰুত্ব আৰু সম্ভাৱনাক স্বীকৃতি দিয়ে আৰু সাম্প্ৰতিক সময়ত ভাৰত ইয়াৰ লুক ইষ্ট নীতিত এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । 

“ব্ৰিকছৰ মুদ্ৰাৰ বাবে কোনো প্ৰস্তাৱ নাই”: ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ সতৰ্কবাণীৰ পিছত ক’লে এছ জয়শংকৰে

কাটাৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নতুন মুদ্ৰা প্ৰৱৰ্তনৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই । জয়শংকৰে দোহা ফ’ৰামত অংশগ্ৰহণৰ বাবে কাটাৰলৈ গৈছে । ভাৰত, ৰাছিয়া আৰু চীনৰ দৰে ডাঙৰ উদীয়মান অৰ্থনীতিকে ধৰি ব্ৰিকছৰ সদস্য দেশসমূহক নতুন মুদ্ৰা সৃষ্টি নকৰিবলৈ বা ডলাৰৰ ঠাইত আন কোনো মুদ্ৰা সমৰ্থন নকৰিবলৈ ট্ৰাম্পে সকীয়নি জনোৱাৰ এসপ্তাহৰ পিছত জয়শংকৰে এই মন্তব্য প্ৰদান কৰিছে  ।

ব্ৰিকছৰ সদস্যসকলে ডি-ডলাৰাইজেচন নীতি আৰম্ভ কৰিলে বা আমেৰিকান ডলাৰৰ পৰা আঁতৰি গ’লে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে ।

ব্ৰিকছৰ দেশসমূহ ব্ৰিকছৰ মুদ্ৰাৰ ওপৰত আগবাঢ়ি গ’লে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ সন্দৰ্ভত শেহতীয়াকৈ ট্ৰাম্পে দিয়া সতৰ্কবাণীৰ কথা উল্লেখ কৰি জয়শংকৰে কয়, ‘মই সঠিকভাৱে নাজানো ইয়াৰ আঁৰৰ কাৰণ কি আছিল (ট্ৰাম্পৰ মন্তব্য), কিন্তু আমি সদায় তেনেকৈয়ে কৈ আহিছো ভাৰত কেতিয়াও ‘ডি-ডলাৰাইজেচন’ৰ পক্ষপাতী হোৱা নাই,(সংৰক্ষিত মুদ্ৰা, বিনিময়ৰ মাধ্যম হিচাপে আমেৰিকান ডলাৰৰ ওপৰত দেশসমূহৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা)। বৰ্তমান ব্ৰিকছৰ মুদ্ৰাৰ কোনো প্ৰস্তাৱ নাই ।‘ তেওঁ লগতে কয় যে ব্ৰিকছ দেশসমূহৰ স্থিতি (ব্ৰিকছৰ মুদ্ৰাৰ বিষয়ত) একে নহয় ।

জয়শংকৰে কয়, ‘আমাৰ পূৰ্বৰ ট্ৰাম্প প্ৰশাসনৰ সৈতে ভাল সম্পৰ্ক আছিল, অতি কঠিন সম্পৰ্ক আছিল, হয় কিছুমান বিষয় আছিল, বেছিভাগেই বাণিজ্য সম্পৰ্কীয় বিষয় আছিল । কিন্তু বহু বিষয় আছিল যিবোৰৰ ওপৰত ট্ৰাম্প অতি আন্তঃৰাষ্ট্ৰীয় আছিল আৰু প্ৰকৃততে  ট্ৰাম্পৰ কাৰ্যকালত কোৱাড পুনৰুজ্জীৱিত হৈছিল ।‘

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ব্যক্তিগত সম্পৰ্কৰ কথাও উল্লেখ কৰে, যিয়ে দুয়োখন দেশৰ মাজত শক্তিশালী দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি তোলাত অৰিহণা যোগাইছে ।

তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত ব্যক্তিগত সম্পৰ্ক আছে… ব্ৰিকছৰ মন্তব্যৰ ক্ষেত্ৰত যিমানদূৰলৈকে আমি কৈছো যে ভাৰত কেতিয়াও ডি-ডলাৰাইজেচনৰ পক্ষত নাই, ব্ৰিকছৰ মুদ্ৰা থকাৰ কোনো লাভ নাই ‘ব্ৰিকছে বিত্তীয় লেনদেনৰ বিষয়ে আলোচনা নকৰে… আমেৰিকা আমাৰ আটাইতকৈ ডাঙৰ ব্যৱসায়িক অংশীদাৰ, ডলাৰ দুৰ্বল কৰাৰ প্ৰতি আমাৰ কোনো আগ্ৰহ নাই ।’

LACত শান্তি পুনৰুদ্ধাৰৰ পিছত সীমান্ত বিবাদ নিষ্পত্তিৰ ওপৰত গুৰুত্ব আৰোপ, লোকসভাত তথ্য দিলে জয়শংকৰে

লোকসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ভাৰত-চীন সীমান্ত বিবাদৰ বিষয়ে তথ্য প্ৰদান কৰি কয় যে এল এ চি (LAC )ৰ পৰিস্থিতি স্বাভাৱিক । বৰ্তমান সময়ত শান্তি পুনৰুদ্ধাৰৰ প্ৰচেষ্টা চলি আছে । বৈদেশিক মন্ত্ৰীয়ে আৰু কয় যে দুয়োখন দেশ সীমান্তৰ পৰিস্থিতি উন্নত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁ কয় যে কোনো পক্ষই পৰিস্থিতিৰ সৈতে খেলিমেলি নকৰে আৰু সকলো সমস্যা কেৱল সন্মতিৰে সমাধান কৰা হ’ব । চীনৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে সীমান্তৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছতহে চীনৰ সৈতে আলোচনা কৰা হৈছে ।

এল এ চি পুনৰুদ্ধাৰৰ বাবে সেনাক কৃতিত্ব : বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে এল এ চিত শান্তি পুনৰুদ্ধাৰৰ সম্পূৰ্ণ কৃতিত্ব সেনাক দিয়া হৈছে । তেওঁ আৰু কয় যে কূটনৈতিক পদক্ষেপৰ বাবে সীমান্তৰ পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে কয় যে ভাৰত আৰু চীনে একপক্ষীয়ভাৱে স্থিতি সলনি নকৰিবলৈ সন্মত হৈছে আৰু দুয়োখন দেশৰ মাজত পুৰণি চুক্তি মানি চলিব । সীমান্তত শান্তি অবিহনে, ভাৰত-চীন সম্পৰ্ক স্বাভাৱিক হৈ থাকিব নোৱাৰে ।

‘সীমান্ত সমস্যা সমাধানৰ বাবে কেইবা দশকৰ আলোচনা’-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে লোকসভাত কয়, “মই ভাৰত-চীন সীমান্ত অঞ্চলৰ শেহতীয়া কিছুমান উন্নয়ন আৰু আমাৰ সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত সেইবোৰৰ প্ৰভাৱৰ বিষয়ে সদনক অৱগত কৰিব বিচাৰো । সদনে জানে যে ২০২০ চনৰ পৰা আমাৰ সম্পৰ্ক অস্বাভাৱিক হৈ আছে, যেতিয়া চীনৰ কাৰ্যকলাপৰ পিছত সীমান্ত অঞ্চলত শান্তি আৰু সম্প্ৰীতি বিঘ্নিত হৈছিল । তেতিয়াৰ পৰা আমাৰ অবিৰত কূটনৈতিক সংযোগক প্ৰতিফলিত কৰা শেহতীয়া পৰিঘটনাই আমাৰ সম্পৰ্ক কিছু উন্নত পথত আগুৱাই লৈ গৈছে । সীমান্ত সমস্যা সমাধানৰ বাবে ভাৰত আৰু চীনে কেইবা দশক ধৰি আলোচনাত মিলিত হৈ আহিছে । সীমা বিবাদ নিষ্পত্তিৰ বাবে এক ন্যায্য, যুক্তিসংগত আৰু পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য কাঠামোত উপনীত হ’বলৈ দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰা হয় । সদস্যসকলে মনত পেলাব যে ২০২০ চনৰ এপ্ৰিল-মে’ মাহত চীনৰ পক্ষই পূব লাডাখত এল এ চিত বৃহৎ সংখ্যক সৈন্য সংগঠিত কৰাৰ পিছত কেইবাটাও স্থানত আমাৰ বাহিনীৰ সৈতে মুখামুখি হৈছিল । এই পৰিস্থিতিয়ে টহলদাৰী কাম-কাজতো বাধাৰ সৃষ্টি কৰিছিল । লজিষ্টিক প্ৰত্যাহ্বান আৰু প্ৰচলিত Covid পৰিস্থিতিৰ মাজতো তেওঁলোকে দ্ৰুত আৰু ফলপ্ৰসূভাৱে সঁহাৰি জনাবলৈ সক্ষম হোৱাটো আমাৰ সশস্ত্ৰ বাহিনীৰ কৃতিত্বৰ বিষয় ।“

দুয়োখন দেশৰ সেনাবাহিনী বিবাদিত এলেকাৰ পৰা আঁতৰি আহিল-

উল্লেখ্য যে ২১ অক্টোবৰৰ পৰা ভাৰত আৰু চীনৰ সেনাই বিবাদিত পূব লাডাখৰ দেপছাং আৰু ডেমচোক অঞ্চলৰ পৰা নিজ নিজ সা-সম্পত্তি উলিয়াই আনিবলৈ আৰম্ভ কৰিছিল আৰু নৱেম্বৰ মাহৰ আগতেই সেয়া সম্পূৰ্ণ হৈছিল । ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত সংঘটিত হোৱা মাৰাত্মক সংঘৰ্ষৰ পিছত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক যথেষ্ট অৱনতি ঘটিছিল । এই সংঘৰ্ষ দশক দশক ধৰি দুয়োপক্ষৰ মাজত হোৱা আটাইতকৈ ভয়াৱহ সামৰিক সংঘাত ।