নিৰ্বাপিত হ’ল ভাৰতৰ আশা… ‘হোমবাউণ্ড’ৰ অস্কাৰ যাত্ৰাত যতি
কোটি কোটি ভাৰতীয় চিনে প্ৰেমীক হতাশ কৰি অস্কাৰৰ দৌৰৰ পৰা বাহিৰ হ’ল “হোমবাউণ্ড” । লগে লগে পুনৰ এবাৰ ভাৰতৰ অস্কাৰ লাভৰ আশা নিৰ্বাপিত হয় ।
২০২৬ বৰ্ষৰ অস্কাৰৰ বাবে প্ৰকাশ পালে চূড়ান্ত মনোনয়ন তালিকা । এইবাৰ একাডেমী বঁটাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বিশ্বৰ বিভিন্ন প্ৰান্তৰ কেইখনমান শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিয়ে । কিন্তু ভাৰতৰ পৰা নিৰ্বাচন হোৱা “হোমবাউণ্ড” য়ে এই মনোননত স্থান লাভ কৰাত ব্যৰ্থ হয় । চূড়ান্ত ৰাউণ্ডত ছবিখন অস্কাৰৰ মনোনয়নৰ পৰা বাহিৰ হয় ।
একাডেমী অৱ মোচন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সে (AMPAS) প্ৰতি বছৰে অস্কাৰৰ আয়োজন কৰে । এইবাৰ অস্কাৰৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হৈছিল “হোমবাউণ্ড” । কিন্তু এই মনোনয়নে ভাৰতৰ বাবে কঢ়িয়াই আনিলে হতাশা । কিয়নো “হোমবাউণ্ড”য়ে মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় আৰু ছবিখনৰ অস্কাৰ যাত্ৰা ইমানতে সমাপ্ত হয় । ইফালে “চিনাৰ্ছ”-এ ১৬টা মনোনয়ন লাভ কৰি অস্কাৰত ইতিহাস সৃষ্টি কৰে । “ফ্ৰেংকেনষ্টাইন” আৰু “ৱান বেটল আফটাৰ অনাদাৰ”য়েও আধিপত্য বিস্তাৰ কৰে । উল্লেখ্য চলিত বৰ্ষৰ ১৫ মাৰ্চত অনুষ্ঠিত হ’ব অস্কাৰ ।
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ দৌৰত আছিল “হোমবাউণ্ড”-
৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে ভাৰতৰ আশা “হোমবাউণ্ড”ত স্থিৰ আছিল । শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ দৌৰত আছিল “হোমবাউণ্ড”। অৱশ্যে মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় ছবিখনে । “কান্তাৰা চেপ্তাৰ ১”, “তনভি দ্য গ্ৰেট”, “মহাৱতাৰ নৰসিংহ”, “টুৰিষ্ট ফেমিলি” আদি ছবিকো শ্ৰেষ্ঠ ছবিৰ ৰিমাইণ্ডাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু এই ছবিসমূহেও অস্কাৰৰ কোনো মনোনয়ন লাভ কৰাত ব্যৰ্থ হয় । এনেদৰে ভাৰতৰ অস্কাৰ লাভৰ আশা আকৌ পুনৰ এবাৰ নিৰ্বাপিত হয় ।
“হোমবাউণ্ড”ক অতিক্ৰমি স্থান নিশ্চিত কৰে এইসমূহ ছবিয়ে-
“হোমবাউণ্ড”ৰ উপৰিও শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ছবিৰ বাবে মনোনীত হোৱা আন ছবিসমূহৰ ভিতৰত আছে “দ্য ছিক্ৰেট এজেণ্ট” (ব্ৰাজিল), “ইট ৱাজ জাষ্ট এ এক্সিডেণ্ট” (ফ্ৰান্স), “চেন্টিমেণ্টেল ভেল্যু” (নৰৱে), “চিৰাট” (স্পেইন), আৰু “দ্য ভইচ অৱ হিন্দ ৰজাব” (টিউনিছিয়া)।
লগতে পঢ়ক : মুক্তিৰ পূৰ্বেই ৰেকৰ্ড বৰ্ডাৰ ২ৰ; প্ৰথমদিনাই পিছ পেলাব ধুৰন্ধৰৰ অভিলেখ