অভিষেক শৰ্মাক পিছ পেলাই শীৰ্ষত ঈশান কিষাণ; টি-২০ৰ ৰেংকিঙৰ ১ নম্বৰ বেটছমেন
নিজৰ সতীৰ্থ অভিষেক শৰ্মাক চেৰ পেলাই ঈশান কিষাণে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বিশ্বৰ ১ নম্বৰ বেটছমেন হিচাপে পৰিগণিত হৈছে।
শেহতীয়া আইচিচি টি-২০ ৰেংকিঙত এক অদ্ভুত সালসলনি পৰ্যবেক্ষণ কৰা হৈছে, যাৰ ফলত ক্ৰিকেট জগত আৰু অনুৰাগী উভয়ে আচৰিত হৈ পৰিছে।টিম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটছমেন ঈশান কিষাণে প্ৰথমবাৰৰ বাবে বিশ্বৰ ১ নম্বৰ টি-২০ বেটছমেন হিচাপে পৰিগণিত হৈছে।
যুৱ বেটছমেন ঈশান কিষাণে টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত নিজৰে সতীৰ্থ অভিষেক শৰ্মাক পিছ পেলাই নম্বৰ-১ বেটছমেনৰ খিতাপ দখল কৰিছে। আক্ৰমণাত্মক বেটিং আৰু অনবদ্য প্ৰদৰ্শনৰ বলত ক্ৰিকেটাৰ গৰাকীয়ে এই সফলতা অৰ্জন কৰিছে, যাৰ ফলত ভাৰতীয় দলৰ বেটিং লাইন-আপ অধিক শক্তিশালী দেখা গৈছে।
এই বাঁওহতীয়া বেটছমেনগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে দীৰ্ঘদিনৰ বিৰতিৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছিল, যেতিয়া তেওঁ ২০২৫/২৬ ছিজনত ঝাৰখণ্ডক প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ জয় কৰাইছিল। ৰেংকিঙৰ শীৰ্ষত ঈশান কিষাণৰ এই আৰোহণ ২০২৬ চনৰ টি-২০ বিশ্বকাপত তেওঁৰ দুৰ্দান্ত প্ৰদৰ্শনৰ ফল, আনহাতে অভিষেক শৰ্মাৰ প্ৰদৰ্শন তুলনামূলকভাৱে ম্লান আছিল।
ভাৰত বনাম আয়াৰলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত কিষাণে মাত্ৰ ১ আৰু ১২ ৰানহে সংগ্ৰহ কৰে, তথাপিও তেওঁ অভিষেকক পিছ পেলাই ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। আনহাতে, অভিষেক শৰ্মাই দুখন মেচত ৪৯ আৰু ০ ৰান কৰে।ঈশান কিষাণে ২০২৬ চনৰ টি-২০ বিশ্বকাপত প্ৰায় ২০০ ষ্ট্ৰাইক ৰেটেৰে ৩১৭ ৰান সংগ্ৰহ কৰিছিল, য’ত কলম্বোত পাকিস্তানৰ বিৰুদ্ধে খেলা মেচ বিজয়ী ইনিংছটোও অন্তৰ্ভুক্ত আছিল। বৰ্তমান ঈশান কিষাণৰ ৰেটিং পইণ্ট ৮৭৬, আনহাতে অভিষেকৰ ৮৬৯ পইণ্ট আছে। শীৰ্ষ ১০ গৰাকী খেলুৱৈৰ ভিতৰত থকা আন ভাৰতীয় বেটছমেনসকলৰ ভিতৰত তিলক বাৰ্মা (পঞ্চম) আৰু সূৰ্যকুমাৰ যাদৱ (অষ্টম) স্থানত আছে।
২০২৬ বৰ্ষত ঈশান কিষাণে ১৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ৫৪৫ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১০৩ ৰান। এই সময়ছোৱাত তেওঁ ৪ টা অৰ্ধশতক আৰু ১ টা শতক অৰ্জন কৰিছে। আইপিএল ২০2৬ ত সুন্দৰ প্ৰদৰ্শন কৰাৰ পিছত তেওঁ আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দলত নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে আৰু নম্বৰ-৩ বেটছমেন হিচাপে তেওঁ এগৰাকী বিশ্বাসযোগ্য খেলুৱৈ প্ৰমাণিত হৈছে। আনহাতে, টি-২০ বিশ্বকাপত অভিষেক শৰ্মাৰ প্ৰদৰ্শন আশাপ্ৰদ নাছিল। তেওঁ মাত্ৰ দুটা ভাল ইনিংছ খেলিছিল— এটা জিম্বাবুৱেৰ বিৰুদ্ধে ছুপাৰ-৮ ৰ মেচত আৰু আনটো ফাইনেলত। আইপিএলত ভাল প্ৰদৰ্শন কৰা স্বত্বেও আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাত তেওঁ বিশেষ চমক দেখুৱাব নোৱাৰিলে।
লগতে পঢ়ক: এছিয়ান গেমছ ২০২৬-ৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা; নেতৃত্বত হৰমনপ্ৰীত