আজি পৱিত্ৰ ঈদ-উল-ফিটৰঃ প্ৰধানমন্ত্ৰী মোদী-ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশবাসীক জনালে শুভেচ্ছা

সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো উলহ-মালহেৰে পালন কৰা হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ

মাহজোৰা ৰোজাৰ অন্তত আজি পৱিত্ৰ ঈদ । সমগ্ৰ বিশ্বৰ লগতে ভাৰত তথা অসমতো উলহ-মালহেৰে পালন কৰা হৈছে পৱিত্ৰ ঈদ-উল-ফিটৰ । পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে পুৱাৰে পৰা ঈদগাহ-মছজিদত অগণন ধৰ্মপ্ৰাণ লোকৰ সমাগম পৰিলক্ষিত হৈছে । বিশ্ব শান্তি আৰু সমৃদ্ধিৰ বাবে সমূহীয়া দোৱা-প্ৰাৰ্থনা কৰিছে সকলোৱে । ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ইজনে সিজনক জনাইছে ঈদৰ ওলগ । ভাতৃত্ববোধেৰে জিলিকিছে আজিৰ এই বিশেষ দিনটো ।

প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা-

পৱিত্ৰ ঈদ-উল-ফিটৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ঈদৰ শুভেচ্ছা জনায় । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “ঈদ-উল-ফিটৰ বহুত বহুত শুভকামনা”। তেওঁ কয়, “এই দিনটোৱে ভাতৃত্ববোধ আৰু দয়াৰ মনোভাৱক আৰু অধিক শক্তিশালী কৰক । সকলোৱে সুখী হওক আৰু সুস্থ থাকক ।”

ইফালে নৱৰোজ উপলক্ষেও প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসী শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কয় যে এই শুভ অনুষ্ঠানটোৱে সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত আগন্তুক বছৰটো সকলোৰে বাবে সমৃদ্ধিশালী হওক, তেওঁলোকৰ সকলো কামনা পূৰণ হওক, সকলোৱে সুস্থ হৈ থাকক তাৰেই কামনা কৰে । উল্লেখ্য যে, নৱৰোজ ​​পাৰ্চী সম্প্ৰদায়ৰ এক প্ৰধান উৎসৱ । নতুন বছৰৰ আৰম্ভণি হিচাপে এই উৎসৱ পালন কৰা হয় ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে জনালে শুভেচ্ছা-

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ঈদ উল-ফিটৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰা এক বাৰ্তাত তেওঁ সকলো নাগৰিককে বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ঈদৰ শুভেচ্ছা জনায় । ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে ঈদৰ উৎসৱে আমাক আত্মসংযম, সেৱা আৰু আনক সহায় কৰিবলৈ অনুপ্ৰাণিত কৰে ।

এই দিনটোত আমি আৰ্তজন আৰু দুৰ্বল জনৰ প্ৰতি দয়া আৰু সমৰ্থন দেখুৱাব লাগে বুলিও কয় তেওঁ । লগতে এই পবিত্ৰ অনুষ্ঠানটোতে সমাজ আৰু দেশক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈয়ো দেশবাসীক আহ্বান জনায় মুৰ্মুৱে ।

লগতে পঢ়ক : ২১ মাৰ্চত পৱিত্ৰ ঈদ-উল-ফিতৰ; কেন্দ্ৰীয় হিলাল কমিটীৰ ঘোষণা