‘চুক্তি চূড়ান্ত হোৱা নাই, যদি সকলো সম্ভৱ নহয় তেন্তে পুনৰ যুদ্ধ হ’ব’; জি-৭ সন্মিলনত ট্ৰাম্পৰ ভাবুকি
ইৰাণৰ সৈতে সম্ভাব্য চুক্তি সন্দৰ্ভত এক ভয়ংকৰ বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিৰ সৈতে হোৱা বৈঠকত ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই।
ইৰাণৰ সৈতে চলি থকা আলোচনাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শান্তি চুক্তি সন্দৰ্ভত এক ডাঙৰ সংকেত দিছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাতাহ আল-চিচিৰ সৈতে হোৱা এক দ্বিপাক্ষিক বৈঠকৰ সময়ত তেওঁ কয় যে ইৰাণৰ সৈতে জড়িত বৰ্তমানৰ বুজাবুজিৰ চুক্তিপত্ৰখন (MOU) এতিয়াও চূড়ান্ত ৰূপত নাই। যদি তেওঁ এই চুক্তিখন পছন্দ নকৰে, তেন্তে আমেৰিকা সামৰিক কাৰ্যপন্থাৰ পথলৈ উভতি যাব পাৰে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে হোৱা আলোচনাৰ পিছত এটা অতি শক্তিশালী চুক্তি প্ৰস্তুত কৰা হৈছে। অৱশ্যে, তেওঁ ইয়াৰ লগতে কয় যে ইয়াৰ চূড়ান্ত ৰূপ কি হ’ব, সেই বিষয়ে এতিয়ালৈকে কোনেও সম্পূৰ্ণৰূপে নাজানে। তেওঁ দাবী কৰে যে অধিকাংশ লোকেই এই চুক্তিক লৈ সুখী হোৱা যেন দেখা গৈছে।
তেওঁ লগতে কয় যে এই চুক্তিৰ বিকল্প সমগ্ৰ বিশ্বতে অৰ্থনৈতিক অৱনতি, অস্থিৰতা আৰু মন্দাৱস্থা হ’ব পাৰে। কিছুমান লোকে বিশ্বত মন্দাৱস্থা চাব বিচাৰে। ট্ৰাম্পৰ মতে যিসকল লোকে বিশ্বত মন্দাৱস্থা চাব বিচাৰে, তেওঁলোক মূৰ্খ। তেওঁলোকে বিশ্ব অৰ্থনীতি আৰু স্থিৰতাৰ গুৰুত্ব বুজি নাপায়।
ট্ৰাম্পে কয়, “নম্বৰ ৱান, ষ্ট্ৰেইট (জলপ্ৰণালী) কেতিয়াও নোখোলিব।” অৱশ্যে তেওঁ কোনটো সাগৰীয় পথৰ কথা কৈছিল, সেই বিষয়ে স্পষ্ট কৰা নাছিল। ইয়াৰ উপৰিও ট্ৰাম্পে আমেৰিকাৰ ফালৰ পৰা ইৰাণত কৰিবলগীয়া বৃহৎ বিনিয়োগৰ খবৰো খাৰিজ কৰে, য’ত ৩০০ বিলিয়ন ডলাৰৰ কথা কোৱা হৈছে। তেওঁ কয় যে এনে বাতৰি সম্পূৰ্ণ মিছা। আমেৰিকাই এই চুক্তিৰ অংশ হিচাপে কোনো ধৰণৰ ৩০০ বিলিয়ন ডলাৰৰ বিনিয়োগ কৰা নাই।
ইৰাণৰ সৈতে হোৱা আলোচনাৰ স্থিতি স্পষ্ট কৰি ট্ৰাম্পে কয় যে বৰ্তমানৰ MOU এতিয়াও চূড়ান্ত হোৱা নাই। তেওঁ কয় যে যদি তেওঁ চূড়ান্ত চুক্তিখন পছন্দ নকৰে, তেন্তে আমেৰিকা যুদ্ধৰ পথলৈ উভতি যাব পাৰে। তেওঁ কয় যে তেনে পৰিস্থিতিত সামৰিক কাৰ্যপন্থাৰ বিকল্পটো উন্মুক্ত হৈ থাকিব।
জি-৭ (G7) সন্মিলনত ট্ৰাম্পৰ এই বক্তব্যক ইৰানৰ বাবে পোনপটীয়া সতৰ্কবাণী বুলি গণ্য কৰা হৈছে। এফালে আমেৰিকাই চুক্তিৰ সম্ভাৱনাক মুকলি কৰি ৰাখিব বিচাৰিছে, আনফালে আকৌ এই বাৰ্তাও দিছে যে তেওঁলোকে নিজৰ কৌশলগত স্বাৰ্থৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰে। আব্দেল ফাতাহ আল-চিচিৰ সৈতে হোৱা এই বৈঠখনে স্পষ্ট কৰি দিছে যে ইৰানৰ ক্ষেত্ৰত আমেৰিকাৰ নীতি এতিয়াও কূটনীতি (ডিপ্ল’মেচী) আৰু চাপ সৃষ্টি কৰাৰ দুমুখীয়া ফৰ্মূলাৰে আগবাঢ়িছে।
লগতে পঢ়ক: স্লোভাকিয়াৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী