ইৰাণ যুদ্ধৰ মাজতে চীন সন্দৰ্ভত ভাৰত চৰকাৰৰ বৃহৎ সিদ্ধান্ত…

কেন্দ্ৰীয় কেবিনেটে চীনৰ পৰা অহা এফডিআই অৰ্থাৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ চৰ্তত কেইবাটাও শিথিলতাৰ অনুমোদন জনাইছে।

পশ্চিম এছিয়াত চলি থকা সংকটৰ মাজতে ভাৰত চৰকাৰে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে।কেন্দ্ৰীয় কেবিনেটে চীনৰ পৰা অহা এফডিআই অৰ্থাৎ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ চৰ্তত কেইবাটাও শিথিলতাৰ অনুমোদন জনাইছে।এই সিদ্ধান্তৰ পিছত ভাৰতত চীনৰ প্ৰত্যক্ষ বিনিয়োগৰ পথ মুকলি হৈছে।

২০২০ চনত ডaকলাম সংঘাতৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত এক বৃহৎ বিভাজনৰ সৃষ্টি হৈছিল।এই কাৰণতে ভাৰত চৰকাৰে চীনৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক আৰু চীনৰ বিনিয়োগ সন্দৰ্ভত বহু চৰ্ত আৰোপ কৰিছিল। অৱশ্যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যই ১৩০ বিলিয়ন ডলাৰৰ অভিলেখ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: পাকিস্তানত তেল সংকট; বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ৰ বাবে শ্বাহবাজ শ্বৰীফৰ নিৰ্দেশনা