আজিৰে পৰা আৰম্ভ আই পি এলৰ মহাৰণ; বিধ্বংসী ৰূপ ধাৰণ কৰিব বিৰাট কোহলীয়ে
আজিৰে পৰা আৰম্ভ হ’ব আই পি এলৰ হাই ভল্টেজৰ মেচ।আজি প্ৰথমখন মেচত ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ মুখামুখি হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)ৰ ১৯ সংখ্যক ছিজন শনিবাৰ (২৮ মাৰ্চ)ৰ পৰা আৰম্ভ হ’ব। এই ছিজনৰ আৰম্ভণিৰ খেলখনত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত হ’ব।এই খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব।
এই মেচত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি দৃঢ়তাৰে নিবদ্ধ হৈ থাকিব। কাৰণ তেওঁ বহুদিনৰ মূৰত খেলপথাৰত নামিব। এই মেচখনত যুৱ উইকেটকীপাৰ বেটছমেন ঈশান কিষানৰ অধিনায়কত্বও পৰীক্ষাত অৱতীৰ্ণ হ’ব।নিয়মীয়া অধিনায়ক পেট কামিন্স আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ঈশান কিষাণে উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ অধিনায়ক হিচাপে খেলিব।
গুৱাহাটীৰ বৰ্ষাপাৰাটো এতিয়া আই পি এলৰ ব্যাপক প্ৰস্তুতি চলিছে।গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৩খনকৈ মেচ অনুষ্ঠিত হ’ব।
লগতে পঢ়ক: গুৱাহাটীত হাই-প্ৰফাইল বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট, ছেপ্তেম্বৰত কোহলী-ৰোহিতৰ মেজিক