আজি আৰক্ষী স্মৃতি দিৱস; প্ৰধানমন্ত্ৰীৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে জনালে শ্ৰদ্ধাঞ্জলি
আজি আৰক্ষী স্মৃতি দিৱস
শ্বহীদ আৰক্ষী জোৱানসকলক স্মৰণ কৰি আজি সমগ্ৰ দেশতে আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে । এই দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ সাহসী তথা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে বীৰ জোৱানসক স্মৰণ কৰি কয়,’ আৰক্ষী স্মৃতি দিৱসত আমি আমাৰ আৰক্ষী জোৱানসকলৰ সাহসক প্ৰণাম জনাইছো আৰু কৰ্তব্য পালনত তেওঁলোকে কৰা পৰম ত্যাগক স্মৰণ কৰিছোঁ । তেওঁলোকৰ অটল সমৰ্পণে আমাৰ দেশ আৰু জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিছে । সংকটৰ সময়ত আৰু প্ৰয়োজনৰ মুহূৰ্তত তেওঁলোকৰ সাহস আৰু দায়বদ্ধতা প্ৰশংসনীয় ।‘
ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে নতুন দিল্লীৰ চাণক্যপুৰীস্থিত ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতিসৌধত অনুষ্ঠিত আৰক্ষী স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰৰ সেৱাৰ বাবে প্ৰাণ আহুতি দিয়া সাহসী আৰক্ষী জোৱানসকলক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ৰাজনাথ সিঙে কয় যে সেনাই ৰাষ্ট্ৰক সুৰক্ষা দিয়াৰ বিপৰীতে আৰক্ষীয়ে সমাজখনক ৰক্ষা কৰে । সেনাই ভাৰতৰ ভৌগোলিক অখণ্ডতাক ৰক্ষা কৰাৰ বিপৰীতে আৰক্ষীয়ে ভাৰতৰ সামাজিক অখণ্ডতাক ৰক্ষা কৰে ।
তেওঁ লগতে কয় যে যদি জনসাধাৰণে ৰাতি শান্তিৰে শুব পাৰে তেন্তে তেওঁলোকৰ আত্মবিশ্বাস আছে যে সেনা সীমান্তত আছে আৰু প্ৰতিটো ৰাস্তাতে আৰক্ষী সষ্টম হৈ আছে । এই আত্মবিশ্বাসেই হৈছে নিৰাপত্তাৰ চূড়ান্ত সংজ্ঞা । এই আত্মবিশ্বাসেই হৈছে ৰাষ্ট্ৰীয় স্থিতিশীলতাৰ প্ৰথম চৰ্ত । আজি দেশৰ নাগৰিক আত্মবিশ্বাসী যে যদি তেওঁলোকৰ কিবা বেয়া হয় তেন্তে তেওঁলোকৰ কাষত আৰক্ষী থিয় দিব । এই আস্থাই আমাৰ দেশৰ স্থিতিশীলতাৰ ভেটি ।
আনহাতে আজি আৰক্ষী স্মৃতি দিৱসত সাহসী, বীৰ আৰক্ষী জোৱানসকল স্মৰণ কৰি তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত এক পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয়,’আৰক্ষী স্মৃতি দিৱসত আমি আমাৰ আৰক্ষী বাহিনীৰ অদম্য সাহসক প্ৰণাম জনাইছো আৰু মা ভাৰতীক ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ত্যাগক স্মৰণ কৰিছোঁ । তেওঁলোকৰ অবিৰত সেৱাই আমাৰ ৰাজ্যসমূহক আৰু আমাৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখে ।‘
লগতে পঢ়ক : ইতিহাস ৰচি জাপানৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত ছানাই তাকাইচি; শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে