‘ভাৰত আমাৰ ভূমি আছিল, ই আমাৰ ভূমি আৰু ইনশাআল্লাহ, ই আমাৰ ভূমি হৈয়েই থাকিব’; ওৱেচিয়ে পাকিস্তানীক দিলে সকিয়নী

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যুদ্ধৰ সন্দৰ্ভত শেহতীয়াকৈ পাকিস্তানী নেতাসকলক লক্ষ্য কৰি এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে তীব্ৰ সমালোচনা কৰিছে যে, ‘পাকিস্তানে আজে-বাজে কথা কয়, তেওঁলোকে ইছলাম কি নাজানে। জনা হ’লে ইমান গুৰুতৰ অপৰাধ সংঘটিত নকৰিলোহেঁতেন’।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি বিহাৰৰ বাহাদুৰগঞ্জত ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয়, ‘এই সন্ত্ৰাসবাদীয়ে বিবাহৰ মাত্ৰ ৬ দিনৰ পিছতেই হিমাংশীৰ স্বামীক হত্যা কৰিছিল’।

‘তেওঁলোকে আমাৰ ছোৱালীজনীৰ জীৱন ধ্বংস কৰিলে।তথাপিও তেওঁলোকৰ দুখতো, হিমাংশীয়ে কৈছিল যে তেওঁ নিবিচাৰে যে এই ট্ৰেজেডীৰ কাৰণে আমাৰ দেশত মুছলমান বা কাশ্মীৰীৰ প্ৰতি ঘৃণাৰ সৃষ্টি হোৱাটো’।

‘আশা কৰো কেন্দ্ৰীয় চৰকাৰে তেওঁৰ কথা মনত ৰাখিব।সেই সকল লোকেই ঘৃণে বিয়পাইছে, যিয়ে সন্ত্ৰাসবাদীক সন্তুষ্টি দিছে’।

‘ভাৰতে একত্ৰিত হোৱাৰ সময় আহি পৰিছে আৰু ভয় বা পক্ষপাতিত্বৰ দ্বাৰা বিভাজিত নহয়, শক্তিৰ সৈতে মিলি সন্ত্ৰাসবাদী শক্তিক পৰাস্ত কৰাৰ সময় আহি পৰিছে।’

চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানক ব্যৰ্থ দেশ বুলি অভিহিত কৰি ওৱাইছিয়ে তীব্ৰ সমালোচনা কৰে।উচটনিমূলক বক্তব্য দিয়াৰ বাবে পৰিচিত পাকিস্তান সেনাৰ মুৰব্বী জেনেৰেল অসীম মুনিৰক প্ৰত্যাহ্বান জনাই ওৱাইছিয়ে কৈছে যে, ‘ভাৰতীয় মুছলমানসকলে ১৯৪৭ চনত বিভাজনৰ সময়ত ইয়াত থাকিবলৈ সিদ্ধান্ত লৈছিল’।

‘মই তেওঁক (অসীম মুনীৰ) ক’ব বিচাৰো যে আমি ১৯৪৭ চনত সিদ্ধান্ত লৈছিলো যে আমি ভাৰত এৰি নাযাওঁ, আমি (মহম্মদ আলী) জিন্নাৰ বাৰ্তা নাকচ কৰিলোঁ’।

‘ভাৰত আমাৰ ভূমি আছিল, ই আমাৰ ভূমি আৰু ইনশ্বা আল্লাহ, ই আমাৰ ভূমি হৈয়েই থাকিব।গতিকে পাকিস্তানৰ সেইসকল লোকে আজে বাজে কথা কৈছে, মই তেওঁলোকক ক’ব বিচাৰো যে আপোনালোকে ইছলাম কি নাজানে, আপুনি ইছলামৰ শিক্ষাৰ পৰা বঞ্চিত’।

‘ৱাকফ মোৰ দেশৰ কথা,কিন্তু পেহেলগামত যিটো হ’ল…’; পাকিস্তানৰ শাসকসকলক তীক্ষ্ণ সমালোচনা আছাদুদ্দিন ওৱেইছিৰ

AIMIM ৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছীয়ে পুনৰ তীব্র সমালোচনা কৰিছে পাকিস্তানক।তেওঁ কৈছে যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ মানৱতাৰ হত্যা কৰাৰ দৰে আৰু এই আক্ৰমণৰ বাবে মোডী চৰকাৰে পাকিস্তানক উপযুক্ত উত্তৰ দিয়া উচিত।লগতে তেওঁ কয় যে ৱাকফ মোৰ দেশৰ ভিতৰৰ এটা বিষয়।

আছাদুদ্দিন ওৱেইচিয়ে এটা সাক্ষাৎকাৰত কৈছিল যে, ‘মই নৰেন্দ্ৰ মোদীক চৰকাৰক কওঁ যে ‘আমি তেওঁলোকৰ ঘৰত (পাকিস্তান) প্ৰৱেশ কৰি তাতেই বহিব লাগে।২০১৯ চনত আমাৰ এক সুন্দৰ সুযোগ আছিল’।

‘যেতিয়া আমি লঞ্চিং পেডটো বা সেই ভূমি দখল কৰিব লাগিব, য’ৰ পৰা আমাৰ দেশলৈ সন্ত্ৰাসবাদী সকল আহে। মোৰ বিশ্বাস এইবাৰ যদি আমি তেওঁলোকৰ ঘৰত সোমাওঁ তেন্তে আমি তাতেই বহি ল’ব লাগে’।

PoK সম্পৰ্কীয় এটা প্ৰশ্নত তেওঁ কয় যে ই ভাৰতৰ এটা অংশ আৰু এয়া সংসদৰ সংকল্প হয়।ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰ সৈতে জড়িত এটা প্ৰশ্ন সোধাত তেওঁ কয়, ‘ৱাকফৰ বিষয়টো দেশৰ আভ্যন্তৰীণ বিষয় হয় আৰু মোৰ দেশৰ সংবিধানে মোক সংসদ ভৱনত থিয় দি সেই আইনখনৰ বিৰোধিতা কৰাৰ অধিকাৰ দিছে’।

‘আৰু মই এই কাম কৰি আছো। সেই আইনৰ বিৰোধিতা কৰা মানে দেশৰ বিৰোধিতা কৰা নুবুযায়। পেহেলগামত যি হ’ল, পাক পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদী সকলে দেশৰ ভিতৰলৈ আহি আমাৰ দেশৰ নাগৰিকক হত্যা কৰিলে, তাৰ প্ৰতি আমি প্ৰত্যুত্তৰ দিম’।

তেওঁ লগতে কয় যে, ‘ভাৰত আৰু পাকিস্তানৰ মাজত থকা পাৰ্থক্যটো হৈছে,ভাৰতত এতিয়াও গণতন্ত্ৰ আছে।পাকিস্তানত একনায়কত্ববাদ আছে। তাত সেনাবাহিনীৰ লগতে পাঁচ-ছয়টা পৰিয়ালে সমগ্ৰ দেশখন নিয়ন্ত্ৰণ কৰে/।

‘আধা ঘণ্টা নহয় আধা শতিকা পিছ পৰি আছা তোমালোক’; পাৰমাণৱিক বোমাক লৈ পাকিস্তানক তীক্ষ্ণ সমালোচনা ওৱেইছিৰ

কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ পৰিস্থিতি যুদ্ধৰ দৰে হৈ পৰিছে।পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে বহু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

হতাশাত এতিয়া পাকিস্তানৰ এজন মন্ত্ৰীয়ে আনকি ভাৰতক পাৰমাণৱিক অস্ত্ৰৰে ভাবুকিও দিছে।যাৰ বাবে এতিয়া এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে পাকিস্তানক তীব্ৰ ধমক দিছে।

আছাদুদ্দিন ওৱেছিয়ে কৈছে যে, পাকিস্তান ভাৰতৰ পৰা ডেৰ শতিকা পিছ পৰি আছে।মহাৰাষ্ট্ৰৰ পাৰভানীত এখন ৰাজহুৱা সভাত ভাষণ দি ওৱাইছিয়ে এই মন্তব্য কৰিছে।হায়দৰাবাদৰ সাংসদগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে পাকিস্তানক কঠোৰভাৱে লক্ষ্য কৰি লৈছিল।

তেওঁ পাকিস্তানী নেতাৰ ভাবুকিও নাকচ কৰিছে।তেওঁ কৈছে যে, ‘আপুনি ভাৰতৰ পৰা মাত্ৰ আধা ঘণ্টা নহয়, আধা শতিকা পিছ পৰি আছে।আপোনাৰ দেশৰ বাজেট আমাৰ সামৰিক বাজেটৰ সমানো নহয়’।

ওৱেছিয়ে কয় যে,‘পাকিস্তানে বাৰে বাৰে কয় যে তেওঁলোকৰ হাতত পাৰমাণৱিক বোমা আছে। মনত ৰাখিব যদি আপুনি আন দেশলৈ গৈ নিৰীহ মানুহক হত্যা কৰে, তেন্তে কোনো দেশেই মনে মনে নাথাকিব’।

তেওঁ লগতে কয় যে, আপোনালোকে কোন ধৰ্মৰ কথা কৈছে,এই কাৰ্য্যই দেখুৱাইছে যে আপোনালোক আইছিছৰ উত্তৰাধিকাৰী।

ওৱাইচিয়ে কয় যে ‘পাকিস্তানে বহু বছৰ ধৰি ভাৰতক লক্ষ্য কৰি সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি আহিছে।তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি ভাৰতে পাকিস্তান বায়ুসেনাৰ অৱৰোধ বলবৎ কৰিবলৈ আৰু আমাৰ নৈতিক হেকাৰ ব্যৱহাৰ কৰি তেওঁলোকৰ ইণ্টাৰনেট হেক কৰিবলৈ অনুমতি দিয়ে।

তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক অৰ্থনৈতিকভাৱে দুৰ্বল কৰাৰ পদক্ষেপ ল’ব লাগে বুলি দাবী জনায়’।