ড্ৰাগছৰ গোচৰত নাম সাঙোৰ অৰীৰ; মুম্বাই আৰক্ষীয়ে প্ৰেৰণ কৰিলে চমন

ড্ৰাগছৰ গোচৰত নাম সাঙোৰ অৰীৰ

বলীউডত ড্ৰাগছৰ গোচৰটো পূৰ্ণগতিত চলি আছে।এই গোচৰত কেইবাজনো চেলিব্ৰিটি জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ মুম্বাই আৰক্ষীৰ এণ্টি-নাৰ্কটিকছ চেলে এটা ডাঙৰ ড্ৰাগছ ছিণ্ডিকেট উদঙাই দিছিল,যিয়ে ডুবাইত থকা আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ অংশীদাৰ চেলিম ডোলাই ইয়াক পৰিচালনা কৰিছিল।

খবৰ অনুসৰি এইবাৰ ড্ৰাগছৰ গোচৰত অৰীৰ নামো সাঙোৰ খাই পৰিছে।অৰী পেছাত ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ।মুম্বাই আৰক্ষীয়ে তেওঁক ২৫২ কোটি টকাৰ ড্ৰাগছ গোচৰত চমন জাৰি কৰিছে ।

ড্ৰাগছ গোচৰৰ সৈতে জড়িত অৰী ২০ নৱেম্বৰ বৃহস্পতিবাৰে এণ্টি নাৰ্কটিকছ চেলত হাজিৰ হ’ব লাগিব।পুৱা ১০ বজাত ঘাটকোপাৰ ইউনিটলৈ গৈ নিজৰ বক্তব্য দিব লাগিব অৰীয়ে।

লগতে পঢ়ক: ফাইনেলৰ পূৰ্বে পুনৰ বিতৰ্কত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা; আন এজন বিচাৰকৰ পদত্যাগ