অসম মালা ২.০: ৰাজ্যত প্ৰায় ১,০০০ কিলোমিটাৰ পথৰ দ্ৰুত উন্নয়ন
ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অসম মালা ২.০-ৰ অধীনত বৰ্তমানে সমগ্ৰ অসমতে প্ৰায় ১,০০০ কিলোমিটাৰ পথ নিৰ্মাণাধীন অৱস্থাত আছে
সমগ্ৰ অসমতে যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা, বাণিজ্য বৃদ্ধি কৰা আৰু নাগৰিকৰ সহজ জীৱন ধাৰণ তথা সহজ ব্যৱসায়িক পৰিৱেশ সুনিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পথ আৰু দলং আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এক ব্যাপক প্ৰচেষ্টা হাতত লৈছে । এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।
সোমবাৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত কৰা এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ‘অসম মালা ২.০’-ৰ অধীনত বৰ্তমানে সমগ্ৰ অসমতে প্ৰায় ১,০০০ কিলোমিটাৰ পথ নিৰ্মাণাধীন অৱস্থাত আছে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিজৰ পোষ্টটোত উল্লেখ কৰে, “যোগাযোগৰ উন্নতি, বাণিজ্যৰ প্ৰসাৰ আৰু সহজ জীৱন ধাৰণ তথা সহজ ব্যৱসায়িক পৰিৱেশ সুনিশ্চিত কৰিবলৈ অসমে এক ব্যাপক পথ নেটৱৰ্ক গঢ়ি তুলিছে । কেৱল অসম মালা ২.০-ৰ অধীনতেই অসমৰ গাঁও আৰু চহৰসমূহৰ অভ্যন্তৰত প্ৰায় ১,০০০ কিলোমিটাৰ পথৰ কাম বিভিন্ন পৰ্যায়ত অগ্ৰগতিৰ পথত আছে ।” চৰকাৰী তথ্য অনুসৰি, এই বিশেষ পদক্ষেপৰ অংশ হিচাপে অসমৰ ২৭ টাতকৈও অধিক জিলাত মুঠ ৯৯৬.৭ কিলোমিটাৰ পথৰ উন্নয়ন সাধন কৰা হৈছে ।
ইফালে, আন এক সুকীয়া পোষ্টত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰে যে মুখ্যমন্ত্ৰীৰ সবল নেতৃত্বত ৰাজ্যৰ কেইবাটাও ডাঙৰ দলং প্ৰকল্পৰ কামো বৰ্তমান দ্ৰুতগতিত আগবাঢ়িছে । ইয়াৰ মূল লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যতে যিকোনো বতৰতে চলিব পৰা এক নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা গঢ়ি তোলা ।
প্ৰকাশিত তথ্য অনুসৰি, ইতিমধ্যে বহুকেইটা গুৰুত্বপূৰ্ণ দলং প্ৰকল্পৰ কাম উল্লেখনীয়ভাৱে আগবাঢ়িছে :
-মাজুলী আৰু লখিমপুৰ সংযোগকাৰী সুৱণশিৰি আৰু লুইত দলং: এই বৃহৎ প্ৰকল্পৰ কাম ইতিমধ্যে ৬১ শতাংশ সম্পূৰ্ণ হৈছে ।
–পাগলাদিয়া দলং (বাক্সা): এই দলংখনৰ নিৰ্মাণ কাৰ্য ৬৫ শতাংশ সম্পূৰ্ণ হৈ উঠিছে ।
ঘূণাসুঁতি দলং (লখিমপুৰ): এই প্ৰকল্পৰ কাম বৰ্তমান ৪৫ শতাংশ সম্পূৰ্ণ হৈছে ।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, এই বৃহৎ দলংসমূহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত জিলাসমূহৰ মাজত ভ্ৰমণৰ সময় যথেষ্ট হ্ৰাস পাব । ইয়াৰ উপৰিও এই প্ৰকল্পসমূহে আঞ্চলিক যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে সমগ্ৰ অসমতে ব্যৱসায়, বাণিজ্য তথা সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ এক নতুন সুযোগৰ দ্বাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক : ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ; কোন মন্ত্ৰীয়ে পালে কি দপ্তৰৰ দায়িত্ব