পহিলা ব’হাগৰ পৰাই অসমীয়া ভাষাত আৰম্ভ হ’ল সকলো চৰকাৰী কাম-কাজ…
আজি পহিলা ব’হাগৰ দিনাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ঘোষণা অনুসৰি ১ ব’হাগৰ দিটোৰ পৰাই ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে । এই সন্দৰ্ভত ৰাজনৈতিক (খ) বিভাগে জাৰি কৰিছে অধিসূচনা । অধিসূচনা অনুসৰি এতিয়াৰে পৰা ইংৰাজীৰ লগতে অসমীয়া ভাষাতে চৰকাৰী কাম-কাজ চলিব । লগে লগে বি টি আৰত বড়ো আৰু বৰাক উপত্যকাত ইংৰাজীৰ লগতে বাঙালী ভাষাত এই নিৰ্দেশ প্ৰযোজ্য হ’ব ।
অধিসূচনা অনুসৰি… ‘অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসম আইন নং XXXIII)ৰ ধাৰা ৭ আৰু ধাৰা ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিম্নলিখিত নিৰ্দেশনাসমূহ প্ৰস্তুত কৰা হৈছে –
১/ সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ’ব । ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ’ব ।
২/ বৰাক উপত্যকাৰ জিলাসমূহত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বাঙালী ভাষা ব্যৱহাৰ কৰা হ’ব ।
৩/ বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ’ব ।
৪/ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়মাৱলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্রিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বাঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব ।
৫/ পুৰণি আইন, নীতি, নথিপত্রসমূহ, বিধি আৰু অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বাঙালী) অনুবাদ কৰিব লাগিব । এই অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ’ব ।
৬/ অৱশ্যে, দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ’লে অথবা আইনী ব্যাখ্যাৰ প্রয়োজন হ’লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্রাধান্য দিয়া হ’ব ।
৭/ আনহাতে, ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব ।
৮/ উল্লেখিত বিষয়সমূহৰ উপৰিও, মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব ।
৯/ যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে, ইংৰাজী সংস্কৰণে প্রাধান্য পাব ।
১০/ ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে “অনুবাদ ভাষিনী” এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে, বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগিব ।
এই অধিসূচনাখন ১৫ এপ্রিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব ।‘
আজি পহিলা ব’হাগৰ দিনাই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ঘোষণা অনুসৰি ১ ব’হাগৰ দিটোৰ পৰাই ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ বাওধ্যতামূলক কৰা হৈছে । এই সন্দৰ্ভত ৰাজনৈতিক (খ) বিভাগে জাৰি কৰিছে অধিসূচনা । অধিসূচনা অনুসৰি এতিয়াৰে পৰা ইংৰাজীৰ লগতে অসমীয়া ভাষাতে চৰকাৰী কাম-কাজ চলিব । লগে লগে বি টি আৰত বড়ো আৰু বৰাক উপত্যকাত ইংৰাজীৰ লগতে বাঙালী ভাষাত এই নিৰ্দেশ প্ৰযোজ্য হ’ব ।