‘মনত ৰাখিব…’ভোটগ্ৰহণৰ দিনা দিল্লীবাসীলৈ প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ আবেদন

আজি (৫ ফেব্ৰুৱাৰী) দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে সম্পূৰ্ণ শক্তিৰে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে ।

আজি পুৱা ৭ বজাৰ পৰা দিল্লীৰ সকলো ভোটকেন্দ্ৰতে ভোটগ্ৰহণ আৰম্ভ হৈছে । সন্ধিয়া ৬ বজালৈ ভোটদান কৰিব পাৰিব ৰাইজে । ইফালে ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৰাইজক বিশেষ আহ্বান জনাইছে ।

প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰীৰ আহ্বান-

ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, “আজি দিল্লী বিধানসভাৰ নিৰ্বাচনত সকলো আসনৰ বাবে ভোটদান কৰা হ’ব । ভোটাৰসকলক মই গণতন্ত্ৰৰ এই উৎসৱত সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰি নিজৰ বহুমূলীয়া ভোটদান কৰিবলৈ আহ্বান জনাইছো । এই উপলক্ষে প্ৰথমবাৰৰ বাবে ভোট দান কৰা সকলো যুৱ বন্ধুবৰ্গলৈ মই মোৰ বিশেষ শুভেচ্ছা জনাইছো। মনত ৰাখিব – প্ৰথমে ভোট দিয়ক, তাৰ পিছত জলপান !”

একে সময়তে গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “দিল্লী বিধানসভা নিৰ্বাচনত ভোট দিবলৈ যোৱা মোৰ ভাতৃ-ভগ্নীসকললৈ আহ্বান জনাইছো যে মিছা প্ৰতিশ্ৰুতি, প্ৰদূষিত যমুনা, সুৰাৰ দোকান, ভঙা ৰাস্তা আৰু লেতেৰা পানীৰ বিৰুদ্ধে ভোট দিয়ক । জনকল্যাণৰ এক শক্তিশালী ৰেকৰ্ড আৰু দিল্লীৰ উন্নয়নৰ বাবে এক স্পষ্ট দৃষ্টিভংগী থকা এখন চৰকাৰ সৃষ্টি কৰিবলৈ আজি উৎসাহেৰে ভোট দিয়ক । আপোনাৰ এটা ভোটই দিল্লীক পৃথিৱীৰ আটাইতকৈ উন্নত ৰাজধানী গঢ়ি তুলিব পাৰে । প্ৰথমে ভোট দিয়ক, তাৰ পিছত জলপান খাওক ।”

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়েও ভোটদানৰ বাবে আবেদন জনায়-

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পূষ্কৰ সিং ধামীয়েও ৰাইজক ভোটদানৰ আহ্বান জনাই কয় যে, “মই অনুৰোধ কৰিছো যে দিল্লীৰ সকলো জনসাধাৰণে ঘৰৰ পৰা ওলাই আহি বৃহৎ সংখ্যক ভোটদান কৰক আৰু দিল্লীত দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ সমাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছো ।”

ইফালে নতুন দিল্লী বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সন্দীপ দীক্ষিতে কয় যে, “প্ৰতিটো নিৰ্বাচন গুৰুত্বপূৰ্ণ । এতিয়া মই ভোট দিবলৈ যাম । আশা কৰোঁ সকলোৱে ওলাই আহি ভোট দিব ।”

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ত্ৰিবেণী সংগমত কৰিব স্নান; গৃহমন্ত্ৰীক আদৰিবলৈ সাজু মুখ্যমন্ত্ৰী যোগী

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহা মহা কুম্ভৰ আয়োজন কৰা হৈছে। ইতিমধ্যে কোটি কোটি লোক প্ৰয়াগৰাজত উপস্থিত হৈছে।

তথ্য অনুসৰি, এতিয়ালৈকে ১৩ কোটিৰো অধিক লোকে মহাকুম্ভত অংশগ্ৰহণ কৰিছে আৰু ত্ৰিবেণী সংগমত গা ধুইছে।

একে সময়তে, এতিয়া ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও মহাকুম্ভত অংশ লবলৈ গৈ আছে।অমিত শ্বাহে সোমবাৰে প্ৰয়াগৰাজত উপস্থিত হ’ব আৰু গংগা, যমুনা ,সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত স্নান কৰিব।

গৃহমন্ত্ৰী অমিত শ্বাহে মহাকুম্ভলৈ যোৱা কথাটো সামাজিক মাধ্যমত জানিবলৈ দিছে।গৃহমন্ত্ৰী গৰাকীয়ে লিখিছে যে ” সমগ্ৰ বিশ্বক সমতা আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰা সনাতন ধৰ্মৰ মহাকুম্ভ, মহাকুম্ভ কেৱল তীৰ্থস্থান নহয় দেশৰ বৈচিত্ৰ্য, বিশ্বাস আৰু জ্ঞান পৰম্পৰাৰ এক সংগম। কাইলৈ প্ৰয়াগৰাজৰ মহাকুম্ভত গা ধুবলৈ আৰু উপাসনা কৰিবলৈ আৰু শ্ৰদ্ধেয় সাধুসকলক লগ কৰিবলৈ উৎসাহিত হৈছোঁ। “

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সোমবাৰে প্ৰয়াগৰাজ ভ্ৰমণ কৰিব।মুখ্যমন্ত্ৰী যোগীয়ে বিষয়াসকলৰ সৈতে মৌনী অমাৱস্যাৰ পূৰ্বে এখন প্ৰয়োজনীয় বৈঠকো অনুষ্ঠিত কৰিব।

মুখ্যমন্ত্ৰী যোগীয়ে গ্ৰাউণ্ড জিৰোৰ পৰিস্থিতিৰ বুজ ল’ব। ইয়াৰ লগতে মুখ্যমন্ত্ৰী যোগীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই কাৰ্যসূচীত উপস্থিত থাকিব।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভে প্ৰয়াগৰাজত বিশাল জনসমাগম কৰিছে। ২৬ জানুৱাৰী, তাৰিখলৈকে, মহা কুম্ভত প্ৰায় ১৩ কোটিৰো অধিক লোকে স্নান কৰিছে।

ইয়াৰ উপৰিও, ২৯ জানুৱাৰীত ৭ ৰ পৰা ৮ কোটি লোক প্ৰয়াগৰাজ মহাকুম্ভলৈ যাব পাৰে।  মহাকুম্ভ ২০২৫ ত প্ৰায় ৪০ কোটিতকৈও অধিক লোক উপস্থিত থাকিব বুলি আশা কৰা হৈছে।

দৰিদ্ৰ পৰিয়ালত জন্ম হোৱা স্বত্বেও প্ৰধানমন্ত্ৰী মোডীয়ে কেতিয়াও ভেদ-ভাৱ কৰা নাই; অমিত শ্বাহৰ বিস্ফোৰক মন্তব্য

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। তেওঁ কৈছে যে দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা স্বত্বেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও কোনো নেতিবাচকতা পোষণ কৰা নাছিল।

তেওঁ দৰিদ্ৰতাক সহানুভূতিলৈ পৰিৱৰ্তন কৰিছিল আৰু জনসাধাৰণৰ কল্যাণৰ বাবে অক্লান্ত পৰিশ্ৰম কৰিছিল। শ্বাহে কয় যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোডীয়ে গৃহ, শৌচালয়, পানী, গেছ আৰু বিদ্যুৎ সংযোগ, সুলভ মূল্যত ঔষধ আৰু বিনামূলীয়া ৰেচনৰ দৰে বিভিন্ন সুবিধা প্ৰদান কৰি কোটি কোটি দৰিদ্ৰ লোকৰ জীৱন সলনি কৰিছিল।

গুজৰাট ভ্ৰমণলৈ অহা শ্বাহে মেহছানা জিলাৰ মোডীৰ গৃহভূমি ভাদনগৰত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ পিছত এক সমাৱেশক সম্বোধন কৰি এই ভাষণ দিয়ে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে এখন পুনৰ্বিকশিত বিদ্যালয়, য’ত মোডীয়ে প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।

তেওঁ লগতে কয় যে “মনোবিজ্ঞানত, এইটো শিকোৱা হয় যে দৰিদ্ৰতা আৰু বঞ্চনাত ডাঙৰ হোৱা শিশু এটা নেতিবাচকতাৰ দ্বাৰা চালিত হয়।

এনে শিশুৱেও ধ্বংসাত্মক চিন্তা ধাৰণ কৰে আৰু তেওঁলোকে প্ৰতিশোধৰ অনুভূতিৰে ডাঙৰ হয়। কিন্তু, চাহ বিক্ৰেতাৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা মোডীজীয়ে তেওঁৰ দৰিদ্ৰতাক প্ৰয়োজনীয় লোকসকলৰ প্ৰতি সহানুভূতিলৈ ৰূপান্তৰিত কৰিছিল ’’ ।

“যেতিয়া সেই দৰিদ্ৰ শিশুটোৱে ৰাজ্যৰ (মুখ্যমন্ত্ৰী হিচাপে) আৰু তাৰ পিছত দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল, তেতিয়া তেওঁৰ মনত কেতিয়াও কোনো নেতিবাচকতা নাছিল। তেওঁ সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে কাম কৰিছিল, যাতে আন কোনো শিশুৱে তেওঁ সন্মুখীন হোৱা দৰিদ্ৰতাৰ সন্মুখীন নহয়’’ বুলিও তেওঁ মন্তব্য কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে জীৱনৰ প্ৰাৰম্ভিক বছৰবোৰত প্ৰতিকূলতাৰ সন্মুখীন হোৱা স্বত্বেও কেৱল ঈশ্বৰৰ কৃপা আৰু প্ৰতিভাশালী আত্মা থকা শিশুৱেহে কোনো নেতিবাচকতাৰ কথা মনত নপৰাকৈ সমগ্ৰ সমাজৰ কল্যাণৰ কথা ভাবিব পাৰে। ১৮৮৮ চনত নিৰ্মাণ কৰা বিদ্যালয়খন এতিয়া “প্ৰেৰণা কমপ্লেক্স” হিচাপে পুনৰ বিকশিত কৰা হৈছে, যাক শ্বাহে উদ্বোধন কৰিছিল।

বিজেপিৰ প্ৰাক্তন সভাপতিজনে কৈছিল যে মোডীয়ে ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা শিক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিল।

“তেওঁৰ প্ৰচেষ্টাৰ বাবে, তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ সময়ত শিশুৰ ড্ৰপআউটৰ হাৰ ৩৭ শতাংশৰ পৰা ২০১৪ চনত মাত্ৰ এক শতাংশলৈ হ্ৰাস পাইছে।  তেওঁ গুজৰাটৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাবোৰ জানিবলৈ আৰ এছ এছৰ প্ৰচাৰক (পূৰ্ণ-সময়ৰ স্বেচ্ছাসেৱক) হিচাপে ৰাজ্যখনৰ প্ৰতিটো কোণলৈ ভ্ৰমণ কৰিছিল। মুখ্যমন্ত্ৰী হোৱাৰ পিছত, তেওঁ সেই সকলোবোৰ সমস্যা এটা এটাকৈ সমাধান কৰিছে। ’’

‘২০২৫ জয়েৰে আৰম্ভ হ’ব’…দিল্লী নিৰ্বাচন সন্দৰ্ভত মহাৰাষ্ট্ৰত অমিত শ্বাহৰ ভৱিষ্যদ্বাণী

স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে দেওবাৰে (১২ জানুৱাৰী, ২০২৫) মহাৰাষ্ট্ৰৰ শিৰডীত মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ অধিৱেশনৰ আয়োজন কৰা হয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে । ইয়াৰ মাজতে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তেওঁ ভৱিষ্যদ্বাণী কৰে ।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে । ২০২৪ চনত মহাৰাষ্ট্ৰত বৃহৎ জয়েৰে বছৰটোৰ অন্ত পৰিল আৰু ২০২৫ চনৰ নতুন বছৰটো দিল্লীত জয়েৰে আৰম্ভ হ’ব ।” অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে কৰ্মীসকলক সম্বোধন কৰে ।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেক আক্ৰমণ কৰি অমিত শ্বাহে বিজেপি কৰ্মীসকলক কয়, “উদ্ধৱ থাকৰেই আমাক বিশ্বাসঘাতকতা কৰিছিল আৰু আপোনালোকে (বিজেপি কৰ্মী) তেওঁক তেওঁৰ স্থান দেখুৱাইছিল ।”  ইয়াৰ সমান্তৰালকৈ শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক লক্ষ্য কৰি তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰকৃত এন চি পি আৰু প্ৰকৃত শিৱসেনাই জয়লাভ কৰিছে । ৰাজ্যবাসীয়ে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিলে । বংশবাদী ৰাজনীতি আৰু শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ প্ৰতাৰণাক মহাৰাষ্ট্ৰৰ জনসাধাৰণে নাকচ কৰিছে । এই নিৰ্বাচনে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক তেওঁলোকৰ প্ৰকৃত স্থান দেখুৱাই দিলে ।”

‘বিৰোধী মিত্ৰতা পতনৰ পথত’

বিৰোধী মিত্ৰজোঁট ইণ্ডি ব্লকক আক্ৰমণ কৰি তেওঁ কয়, ‘ইণ্ডি মিত্ৰজোঁটৰ স্থিতি কি ?  উদ্ধৱ আৰু শিৱসেনাই পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । দিল্লীত কি হ’ল ?  মমতা আৰু লালুৱে আক্ৰমণ কৰি থাকে । এই অহংকাৰী মিত্ৰতা ছিন্নভিন্ন হ’বলৈ আৰম্ভ কৰিছে ।” একে সময়তে মহাৰাষ্ট্ৰবাসীক প্ৰশংসা কৰি তেওঁ কয়, “মই মোৰ মৰমৰ ভগ্নীসকল আৰু কৃষকসকলক বিশেষ ধন্যবাদ জনাইছো ।”

‘জোৱানৰ বলিদান অথলে নাযায়’…বিজাপুৰ নক্সাল আক্ৰমণৰ পিছত অমিত শ্বাহৰ প্ৰতিশ্ৰুতি, শোক প্ৰকাশ

ছত্তীশগড়ৰ বিজাপুৰত নক্সালবাদী আক্ৰমণৰ ঘটনাত শোক প্ৰকাশ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে । অমিত শ্বাহে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নক্সালক দেশৰ পৰা নিৰ্মূল কৰাৰ প্ৰতিজ্ঞা কৰি কয় যে জোৱানসকলৰ বলিদান অথলে নাযায় । শ্বাহে কয় যে আই ই ডি বিস্ফোৰণত ডি আৰ জি জোৱানৰ বলিদানৰ খবৰ পাই মই গভীৰ দুখ পাইছোঁ । বীৰ জোৱান সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ।

শ্বাহে আৰু কয় যে এই দুখক শব্দৰে প্ৰকাশ কৰাটো অসম্ভৱ, কিন্তু মই আপোনালোকক আশ্বস্ত কৰিছো যে আমাৰ জোৱানসকলৰ ত্যাগ অথলে নাযায় । আমি ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ভাৰতত নক্সালবাদৰ অন্ত পেলাম । উল্লেখ্য যে যোৱা দুবছৰত ৰাজ্যখনৰ নিৰাপত্তা বাহিনীক মাওবাদীয়ে কৰা এইটোৱেই আছিল আটাইতকৈ ডাঙৰ আক্ৰমণ আৰু ২০২৫ চনৰ প্ৰথমটো আক্ৰমণ ।

সোমবাৰে বিজাপুৰৰ কুট্ৰু পথত নক্সালবাদীয়ে নিৰাপত্তাৰক্ষীৰ বাহনত আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । এই ঘটনাত এজন চালক আৰু ৮গৰাকী জোৱান শ্বহীদ হয় । লগতে আন কেইবাগৰাকী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে । বাহনখনত যাত্ৰা কৰা মুঠ জোৱানৰ সংখ্যাৰ তথ্য এতিয়াও পোৱা হোৱা নাই । জানিব পৰা মতে নক্সাল অভিযানৰ পৰা উভতি আহি আছিল নিৰাপত্তাৰক্ষীৰ দলটো । এই সময়ছোৱাতে কুট্ৰু পথত নক্সালবাদীয়ে তেওঁলোকক এম্বুছ কৰি আই ই ডি বিস্ফোৰণ সংঘটিত কৰে । চত্তিশগড়ত অবিৰত অভিযানৰ বাবে নক্সাল হতাশ হৈ পৰিছে যাৰ বাবে জোৱানক লক্ষ্য কৰি লৈছে ।

‘যদি প্ৰধানমন্ত্ৰীৰ আম্বেদকাৰৰ প্ৰতি সন্মান আছে তেন্তে আজি নিশাৰ ভিতৰতে পদচ্যুত কৰক অমিত শ্বাহক’ মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য

সংবিধানৰ জনৰ বি আৰ আম্বেদকাৰ সন্দৰ্ভত মন্তব্য কৰি শ’ল ঠেকত কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে বাবা চাহেব ভীমৰাও আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে।

তেওঁ কৈছে যে “অমিত শ্বাহে বাবা চাহেব ভীমৰাও আম্বেদকাৰক অপমান কৰিছে”। তেওঁ লগতে বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে “যদি কোনোবাই বাবাচাহেব আম্বেদকাৰৰ বিৰুদ্ধে কিবা কৈছিল, তেন্তে প্ৰধানমন্ত্ৰীয়ে তাৎক্ষণিক ব্যৱস্থা ল’ব লাগিছিল”।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে  “এই লোকসকলে সংবিধানত বিশ্বাস নকৰে। প্ৰধানমন্ত্ৰী মোডীৰ নীৰৱতা অমিত শ্বাহৰ বক্তব্যৰ সৈতে সন্মত হোৱাৰ ইংগিত। যদি প্ৰধানমন্ত্ৰী মোডীৰ বাবাচাহেব আম্বেদকাৰৰ প্ৰতি সন্মান আছে, তেন্তে তেওঁ আজি নিশাৰ বিতৰত অমিত শ্বাহক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা উচিত। “

কংগ্ৰেছ সভাপতিগৰাকীয়ে লগতে কয় যে “প্ৰধানমন্ত্ৰী মোডীয়ে অমিত শ্বাহক তেওঁৰ বক্তব্য ভুল বুলি ক’ব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বক্তব্য ৰক্ষা কৰি আছিল”। খাৰ্গে বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে সদায় দলিত আৰু তেওঁলোকৰ নায়কসকলক অপমান কৰা আৰু সংবিধানক উপেক্ষা কৰে।

দৰাচলতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মঙলবাৰে কৈছিল যে “কংগ্ৰেছে আম্বেদকাৰৰ নাম লোৱাটো এটা ফেশ্বন কৰি তুলিছে।যদি তেওঁলোকে আম্বেদকাৰৰ সলনি ইমান বাৰ ঈশ্বৰৰ নাম ল’লেহেঁতেন, তেন্তে তেওঁ সাতটা জীৱনৰ বাবে স্বৰ্গ লাভ কৰিলেহেঁতেন।”

‘আম্বেদকাৰৰ নাম লোৱাটো ফেশ্বন…’ বক্তব্যক লৈ হুলস্থুল, অমিত শ্বাহক তীব্ৰ আক্ৰমণ কংগ্ৰেছৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ৰাজ্যসভাত সংবিধান সন্দৰ্ভত বিতৰ্কৰ সময়ত ড০ বি আৰ আম্বেদকাৰক লৈ কংগ্ৰেছক আক্ৰমণ কৰে । এই সময়ছোৱাত, অমিত শ্বাহৰ এটা মন্তব্যক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু বিৰোধীয়ে অমিত শ্বাহৰ বিৰুদ্ধে ড০ আম্বেদকাৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ ফলত বুধবাৰে সংসদত হুলস্থূল অব্যাহত থাকে আৰু বিৰোধীৰ হুলস্থূলৰ বাবে সদনৰ কাৰ্যক্ৰম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা নগ’ল । ইফালে বিজেপিয়ে কংগ্ৰেছৰ অভিযোগ নাকচ কৰিছে আৰু দলটোক অমিত শ্বাহৰ ভাষণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত পোষ্ট কৰা আৰু সস্তীয়া ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ।

সমগ্ৰ বিষয়টো কি-

দৰাচলতে, সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত অমিত শ্বাহে ৰাজ্যসভাত কৈছিল যে ‘ই এতিয়া এক ফেশ্বন হৈ পৰিছে’ । আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ । ইমানখিনি ঈশ্বৰৰ নাম লোৱা হ’লে আপুনি সাতটা জন্মৰ বাবে স্বৰ্গ লাভ কৰিলেহেঁতেন । আম্বেদকাৰৰ নাম এশবাৰ লওক, কিন্তু আম্বেদকাৰৰ বিষয়ে কংগ্ৰেছ দলৰ অনুভূতি কি সেয়া মই আপোনাক ক’ম ।’

শ্বাহে কয় যে, “ড০ আম্বেদকাৰে দেশৰ প্ৰথম মন্ত্ৰীসভাৰ পৰা কিয় পদত্যাগ কৰিছিল ?  অনুসূচীত জনজাতি, অনুচ্ছেদ ৩৭০ আৰু দেশৰ বৈদেশিক নীতিৰ প্ৰতি অসন্তুষ্টি ৰখাৰ বাবে তেওঁ পদত্যাগ কৰে । এই সন্দৰ্ভত বি চি ৰয়ে পণ্ডিত নেহৰুলৈ এখন পত্ৰ লিখিছিল যে যদি আম্বেদকাৰ আৰু ৰাজাজীয়ে মন্ত্ৰীসভা ত্যাগ কৰে তেন্তে কি হ’ব ?  ইয়াৰ প্ৰত্যুত্তৰত পণ্ডিত নেহৰুৱে লিখিছিল যে ৰাজাজীৰ প্ৰস্থানে কিছু প্ৰভাৱ পেলাব, কিন্তু আম্বেদকাৰৰ প্ৰস্থানে একো কৰিব নোৱাৰে । শ্বাহে কংগ্ৰেছক আম্বেদকাৰৰ বিষয়ে এই মতামত ৰখাৰ অভিযোগ কৰিছিল । তেওঁ কয় যে, আজি আম্বেদকাৰৰ পৰ্যাপ্ত অনুগামী আছে আৰু সেয়েহে তেওঁলোকে আম্বেদকাৰ-আম্বেদকাৰ কৰি আছে । কংগ্ৰেছ নেতাসকলে আজিকালি ভোট বেংকৰ বাবে বাৰে বাৰে আম্বেদকাৰৰ নাম আহ্বান কৰে ।

আম্বেদকাৰক অপমান কৰাৰ অভিযোগ কংগ্ৰেছৰ-

কংগ্ৰেছে অমিত শ্বাহৰ এই বক্তব্যক আম্বেদকাৰক অপমান বুলি অভিহিত কৰিছে । এই বিষয়ত অমিত শ্বাহৰ পদত্যাগৰ দাবী জনাইছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই । অমিত শ্বাহৰ এই মন্তব্যক লৈ বুধবাৰে সংসদত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় । হাতত আম্বেদকাৰৰ ছবি লৈ বিৰোধী দলৰ সাংসদসকলে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । কংগ্ৰেছ নেতা মণিকম ঠাকুৰে অমিত শ্বাহৰ এই মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰি আজি সংসদত স্থগিত ৰখাৰ প্ৰস্তাৱ আনিব বুলি কয় । মণিকম ঠাকুৰে কয় যে আম্বেদকাৰৰ ওপৰত মন্তব্য কৰি অমিত শ্বাহে সংবিধান নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাক ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছে । কংগ্ৰেছৰ সাংসদগৰাকীয়ে অমিত শ্বাহে নিজৰ বক্তব্যৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগে বুলি দাবী জনায় ।

বিজেপিৰ প্ৰত্যাক্ৰমণ-

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে আজি ৰাজ্যসভাত কংগ্ৰেছক প্ৰত্যুত্তৰ দি কয় যে কালি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আম্বেদকাৰ জীয়াই থকাৰ সময়ত কংগ্ৰেছে কেনেদৰে অপমান কৰিছিল । কংগ্ৰেছে তেওঁক ইমান বছৰ ভাৰত ৰত্ন নিদিলে আৰু ষড়যন্ত্ৰৰ অংশ হিচাপে ১৯৫২ চনৰ নিৰ্বাচনত তেওঁক পৰাস্ত কৰিলে । মই এজন বৌদ্ধ আৰু বাবা চাহেবে দেখুওৱা পথ অনুসৰণ কৰা ব্যক্তি । এই দেশত বাবা চাহেবে ১৯৫১ চনত আইন মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল । ৭১ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে বৌদ্ধ ধৰ্মাৱলম্বী মোক দেশৰ আইন মন্ত্ৰী কৰি তুলিলে ।

প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ’ব  ইউনিফৰ্ম চিভিল কোড, অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

ৰাজ্যসভাত সংবিধান সন্দৰ্ভত আলোচনাৰ অন্তিম দিনটোত গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । ইয়াৰ মাজতে তেওঁ ইউনিফৰ্ম চিভিল কোড (UCC)ৰ বিষয়তো কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে । ইউনিফৰ্ম চিভিল কোড (ইউ চি চি) আৰু মুছলিম পাৰ্চনেল ল’ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে স্পষ্ট কৰি দিব লাগে যে দেশত সমান আইন থাকিব লাগে নে নাই । শ্বাহে কয় যে কংগ্ৰেছে মুছলিম পাৰ্চনেল ল’ ৰ লগতে হিন্দু সংহিতা বিধেয়কখন কাৰ্যকৰী কৰিছিল যদিও ইয়াক সাধাৰণ আইন বুলি নামাকৰণ কৰি কংগ্ৰেছে তুষ্টিকৰণ আৰম্ভ কৰিছিল । তেওঁ কয় যে বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাবে পৃথক আইন অনাৰ অৰ্থ কি ?

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে উচ্চতম ন্যায়ালয়ে কেইবাবাৰো ইউ চি চি অনাৰ কথা কৈছে যদিও কংগ্ৰেছে ইয়াক এৰাই চলিছিল । দিগ্বিজয় সিঙৰ বক্তব্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে নিজেই এই সন্দৰ্ভত কাম বন্ধ কৰি আহিছে । সমাজৰ বৃহৎ পৰিৱৰ্তনৰ বাবে আইনৰ ন্যায়িক ব্যাখ্যা আৰু পৰামৰ্শ বিবেচনা কৰা হ’ব বুলিও শ্বাহে কয় । উত্তৰাখণ্ডত ইউ চি চি ৰূপায়ণৰ বাবে বিজেপিৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰি তেওঁ কয় যে বিজেপিয়ে প্ৰতিখন ৰাজ্যতে ইয়াক কাৰ্যকৰী কৰিব ।

আম্বেদকাৰৰ ধাৰণা গ্ৰহণ কৰাটো প্ৰয়োজনীয়-শ্বাহ

আলোচনাত ড০ আম্বেদকাৰৰ কথা উল্লেখ কৰি শ্বাহে কয় যে তেওঁৰ নাম লোৱাতকৈ তেওঁৰ ধাৰণা গ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ । লগতে আম্বেদকাৰৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ আৰু পণ্ডিত নেহৰুৰ পত্ৰৰ কথাও উল্লেখ কৰে । একে সময়তে কেশৱানন্দ ভাৰতী গোচৰৰ উদাহৰণ দি শ্বাহে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।

গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, বিজেপি আৰু কংগ্ৰেছ দুয়ো সংবিধানত পৰিৱৰ্তন কৰিছিল যদিও বিজেপিয়ে গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সংশোধনী কৰাৰ বিপৰীতে কংগ্ৰেছে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে সংশোধনী কৰিছিল । ইয়াৰ দ্বাৰা দলৰ চৰিত্ৰ উন্মোচিত হয় । সংবিধান জোকাৰি মিছা কথা কৈ কংগ্ৰেছ দলৰ নেতাসকলে এক ঘৃণনীয় প্ৰচেষ্টা চলাইছিল । কংগ্ৰেছক কাকা কালেলকাৰৰ প্ৰতিবেদন দমন কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কংগ্ৰেছক সংৰক্ষণ বিৰোধী বুলিও অভিযোগ উত্থাপন কৰে ।

‘৫৪ বছৰীয়া যুৱ নেতা…’ : সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত ৰাহুল গান্ধীক সমালোচনা অমিত শ্বাহৰ

সংবিধান সন্দৰ্ভত আলোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাৰ কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে ৫৪ বছৰীয়া যুৱ নেতাই আমি সংবিধান সলনি কৰিম বুলি কৈ থাকে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ‘মোহাব্বতৰ দোকান’ সন্দৰ্ভতো সমালোচনা কৰি শ্বাহে কয় যে আমি প্ৰতিখন গাঁৱতে মোহাব্বতৰ দোকান খোলা সকলৰ বহু ভাষণ শুনিছো ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে তেওঁক লক্ষ্য কৰি কয় যে, “এতিয়া কিছুমান ৰাজনীতিবিদ আহিছে, যিয়ে নিজকে ৫৪ বছৰ বয়সত ডেকা বুলি কয় ।” ইফালে সিফালে ঘূৰি ফুৰে আৰু শাসকীয় দলে সংবিধান সলনি কৰিব বুলি কয় । মই তেওঁলোকক ক’ব বিচাৰো যে সংবিধান সলনি কৰাৰ ব্যৱস্থাটো সংবিধানৰ ৩৬৮ নং অনুচ্ছেদতেই আছে ।“

১৬ বছৰৰ শাসনত ২২টা সংশোধনীঃ শ্বাহ

তেওঁ কয় যে বিজেপিয়ে ১৬ বছৰীয়া শাসনকালত ২২ বাৰ সংবিধান সংশোধন কৰিছে । তেওঁ আৰু কয় যে কংগ্ৰেছে ৫৫ বছৰ শাসন কৰিছিল আৰু এই সময়ছোৱাত সংবিধানত ৭৭ বাৰ পৰিৱৰ্তন (সংবিধান সংশোধন) কৰিছিল ।

গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে সংবিধান সংশোধনীত কোনে দেশৰ নাগৰিকৰ কল্যাণৰ বাবে সংশোধনী কৰিলে আৰু কোনে নিজৰ ক্ষমতা ৰক্ষাৰ বাবে পৰিৱৰ্তন কৰিলে সেয়া গুৰুত্বপূৰ্ণ ।

মোহাব্বত কোনো দোকানত বিক্ৰী কৰা বস্তু নহয়: শ্বাহ

ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীৰ ‘মোহাব্বত কি দোকান’ৰ বক্তব্য সন্দৰ্ভত তেওঁ কয়, “মোহাব্বত কি দোকানৰ বহু শ্লোগান আমি শুনিছো । প্ৰতিখন গাঁৱতে মোহাব্বত কি দোকান খোলাৰ উচ্চাকাংক্ষা থকা লোকৰ বহু ভাষণো আমি শুনিছো । মই তেওঁলোকক কওঁ যে মোহাব্বত দোকানত বিক্ৰী কৰা বস্তু নহয়,  মোহাব্বত প্ৰচাৰ কৰিবলগীয়া বস্তু নহয়, মোহাব্বত হৃদয়ত ৰাখিব পৰা আৱেগ, আনক অনুভৱ কোৱা এটা মুহূৰ্ত ।”

মিছা কৈ জনাদেশ লাভ কৰাৰ কুৎসিত প্ৰয়াস : অমিত শ্বাহ

শ্বাহে কয়, “সংবিধানক কেৱল শব্দত নহয়, কাৰ্যত সন্মান কৰা উচিত । এইবাৰ নিৰ্বাচনত এটা অদ্ভুত দৃশ্য দেখা গ’ল । সাধাৰণ সভাত কোনেও সংবিধান কঢ়িয়াই নিয়া নাছিল । কিন্তু কংগ্ৰেছ নেতাসকলে সংবিধান জোকাৰি আৰু মিছা কৈ জনাদেশ লাভ কৰাৰ এক কুৎসিত প্ৰয়াস কৰিছিল । সংবিধান জোকৰাৰ বিষয় নহয়, ই বিশ্বাসৰ বিষয়, ই শ্ৰদ্ধাৰ বিষয় ।“