৮ বছৰৰ অপেক্ষাৰ অন্ত: অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান
অৱশেষত আদালতে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে। নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০জনক দোষী সাব্যস্ত কৰে।
৮ বছৰীয়া দীঘলিয়া অপেক্ষাৰ অন্তত অৱশেষত অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান দিলে আদালতে। নগাওঁ জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে।আদালতে ৰায়দান দিয়ে যদিও ২৪ এপ্ৰিলত হে ২০দোষীৰ শাস্তি ঘোষণা কৰিব।
২০১৮ চনৰ ৮ জুনত কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যেৱাৰ সময়তে সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ডটো।ডকমকাৰ পাণজুৰি গাঁৱত নিশা উভতি অহাৰ সময়ত নীলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকৰ আক্ৰমণৰ বলি হৈছিল।দেশ জোকাৰি যোৱা এই নিৰ্মম হত্যাকাণ্ড ৮ বছৰ ধৰি গোচৰ চলি আছিল।আৰক্ষীয়ে ঘটনাৰ ৪৮ ঘণ্টাৰ পিছতে ৪৮জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছিল।
লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত নিহত প্ৰধান শিক্ষক