‘মিঞাৰ দখলত থাকিব নোৱাৰিব অসমীয়াৰ মাটি’; মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

অবৈধ বাংলাদেশী মিঞাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। ভোটাৰ তালিকাত থাকিব নোৱাৰিব কোনো বাংলাদেশীৰ নাম ।

বাংলাদেশীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে,‘ভোটাৰ তালিকাত কোনো বাংলাদেশীৰ নাম থাকিব নোৱাৰিব।

কোনো মিঞাৰ দখলত অসমৰ মাটি থাকিব নোৱাৰিব। সন্দেহজনক লোকৰ নাম ভোটাৰ তালিকাত দেখিলেই খবৰ দিয়ক। ৬,৭ আৰু ৮ নং প্ৰ-পত্ৰ পূৰণ কৰি দিব পাৰিব অভিযোগ।

এই অভিযোগ পালেই জাননী জাৰি কৰা হ’ব।উপযুক্ত তথ্য প্ৰমাণ দিব নোৱাৰিলেই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ব। ইমানেই নহয় কোনো মৃত লোকৰ নাম তালিকাত থাকিব নোৱাৰিব।

লগতে পঢ়ক: ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ’ব… গুৱাহাটীত গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ

অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ । এটা এটাকৈ অবৈধ বাংলাদেশীক অসমৰ পৰা খেদি পঠিওৱা হ’ব বুলি হুংকাৰ গৃহমন্ত্ৰীৰ ।

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গৰজি উঠিল গৃহমন্ত্ৰী অমিত শ্বাহ । সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমবাসীক সম্বোধন কৰি এক বিশেষ আহ্বান জনায় । তেওঁ অহা বছৰৰ বিধানসভা নিৰ্বাচনত ৰাইজক নিজৰ ভোটাধিকাৰ বিচাৰ-বিবেচনাৰে প্ৰয়োগ কৰিবলৈ আহ্বান জনায় । ৰাজ্যখনত অনুপ্ৰৱেশৰ সমস্যাৰ বিৰুদ্ধে দৃঢ় স্থিতি লোৱা আৰু অসমৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়া চৰকাৰ এখন ৰাইজে নিৰ্বাচন কৰিব লাগে বুলি উল্লেখ কৰে শ্বাহে ।

কি ক’লে গৃহমন্ত্ৰীয়ে ?

গৃহমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে বিগত দশকত অসমত অভূতপূৰ্ব অগ্ৰগতি দেখা গৈছে । তেওঁ কয়, “ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দহ বছৰ আৰু কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এঘাৰ বছৰত অসমে অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে ।”

গুৱাহাটীত শ্বাহে কয়, “অহা বছৰৰ মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত এনে এখন চৰকাৰ নিৰ্বাচন কৰক যিয়ে অনুপ্ৰৱেশ ৰোধ কৰিব আৰু অসমৰ প্ৰগতিৰ বাবে কাম কৰিব ।” তেওঁ আৰু কয়, “বিগত ১০ বছৰত বিজেপি চৰকাৰৰ নেতৃত্বত অসমত বহু উন্নয়ন হৈছে । বিজেপিক আৰু পাঁচ বছৰৰ আশীৰ্বাদ দিয়ক, প্ৰতিজন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি উভতাই পঠিওৱা হ’ব ।” লগতে অসমত এটাও অবৈধ বাংলাদেশী নাথাকিব বুলি উল্লেখ কৰে তেওঁ ।

কংগ্ৰেছক আক্ৰমণ গৃহমন্ত্ৰীৰ-

অসমত অনুপ্ৰৱেশৰ সমস্যাৰ বাবে কংগ্ৰেছ দলক জগৰীয়া কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে, “ভোটৰ লোভত কংগ্ৰেছে অনুপ্ৰৱেশক উৎসাহিত কৰিছিল, যিটোৱে আজি অসমৰ পৰিচয়ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।”

শ্বাহে জোৰ দি কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে এতিয়া ৰাজ্যখনৰ “সাংস্কৃতিক আৰু অৰ্থনৈতিক নৱজাগৰণ”ৰ বাবে কাম কৰি আছে । এই অনুষ্ঠানত উদ্বোধন কৰা জ্যোতি-বিষ্ণু আন্তঃৰাষ্ট্ৰীয় কলা মন্দিৰ ৰাজ্যখনৰ উন্নয়নৰ প্ৰতীক বুলিও তেওঁ কয় ।

লগতে পঢ়ক : এঞ্জেল চাকমা হত্যাকাণ্ড… মুখ্যমন্ত্রী ধামীক ব্যৱস্থা গ্ৰহণৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ