ৰাম মন্দিৰৰ চুৰি সন্দৰ্ভত মন্তব্য কৰি বিপদত অনুৰাধা পৌড়ৱাল

ৰাম মন্দিৰত প্ৰসাদ চুৰি আৰু দেশৰ শিক্ষা ব্যৱস্থাৰ অৱস্থা সন্দৰ্ভত কৰা মন্তব্যৰ পিছত ট্ৰলিঙৰ সন্মুখীন হোৱা অনুৰাধা পৌড়ৱালে এটা ইনষ্টাগ্ৰাম পোষ্টত দীঘলীয়া স্পষ্টীকৰণ প্ৰকাশ কৰে।

ভজন সম্ৰাজ্ঞী অনুৰাধা পৌড়ৱাল বৰ্তমান তেওঁৰ এটা বক্তব্যক লৈ ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চাত আছে। ৰাম মন্দিৰত দানৰ ধন চুৰি আৰু দেশৰ শিক্ষা ব্যৱস্থাক লৈ তেওঁ দিয়া বক্তব্যৰ পিছত তেওঁক তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে। এতিয়া ক্ৰমান্বয়ে বাঢ়ি অহা বিতৰ্কৰ মাজতে গায়িকাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰি নিজৰ নীৰৱতা ভংগ কৰিছে। অনুৰাধা পৌড়ৱালে তেওঁৰ পোষ্টত লিখিছে যে তেওঁ নিজৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ মৰম আৰু সন্মানৰ বাবে কৃতজ্ঞ। তেওঁ কয় যে এজন ৰাজহুৱা জীৱন যাপন কৰা ব্যক্তি হিচাপে মানুহৰ বিশ্বাস তেওঁৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ লিখিছে যে তেওঁৰ কথাখিনিক এডিট কৰা আৰু বিভ্ৰান্তিকৰ ভিডিঅ’ৰ জৰিয়তে ভুলকৈ উপস্থাপন কৰা হৈছে, যাৰ ফলত তেওঁৰ বক্তব্যৰ আচল অৰ্থ সলনি হৈ পৰিল।

অনুৰাধা পৌড়ৱালাই কয়– “মোৰ কামৰ বাবেই মানুহে মোৰ কথা শুনে আৰু তাক গুৰুত্ব দিয়ে। মোৰ সদায় বিশ্বাস যে শিক্ষাই কোনো ব্যক্তি আৰু দেশৰ প্ৰগতিৰ আটাইতকৈ শক্তিশালী ভেটি। মই সদায় এই চিন্তাধাৰাৰ সৈতে থিয় দি থাকিম।”

তেওঁ লগতে কয়, “মই যি কৈছিলো, সেয়া কেৱল সেই ৰিপৰ্টবোৰ চাই নিজৰ চিন্তা প্ৰকাশ কৰিবলৈহে কৈছিলো, যিবোৰত উল্লেখ কৰা হৈছিল যে দেশত ৯৪ হাজাৰতকৈও অধিক বিদ্যালয় বন্ধ হৈ গৈছে আৰু প্ৰতিদিনে গড়ে ২৪ খনকৈ বিদ্যালয় বন্ধ হৈ আছে। এই কথাটোৱে মোক অতিশয় আচৰিত আৰু দুঃখিত কৰি তুলিছিল। ঠিক তেনেদৰে, শ্ৰী ৰাম লালা মন্দিৰৰ চুৰিৰ খবৰে মোক বহুত আঘাত দিছিল। এই দুয়োটা কথাই মোক ভিতৰি বিচলিত কৰি তুলিছিল।”

“প্ৰতিগৰাকী ভাৰতীয়ৰ দৰে মইও মোৰ দেশক লৈ গৌৰৱ কৰো আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ বিশ্বাস যে যিকোনো দেশৰে আটাইতকৈ ডাঙৰ শক্তি তাৰ ধন-সম্পত্তি নহয়, বৰঞ্চ তাৰ লৰা-ছোৱালীয়ে পোৱা শিক্ষাহে। আমাৰ বিদ্যালয়সমূহেই ভাৰতৰ ভৱিষ্যতৰ ভেটি, গতিকে সেইবোৰ দুৰ্বল নহয়, অধিক শক্তিশালী হোৱা উচিত। মই যিবোৰ কথা কৈছিলো, সেইবোৰ কেৱল শিক্ষা আৰু দেশৰ ভৱিষ্যতক লৈ মোৰ চিন্তা প্ৰকাশ কৰিবলৈহে আছিল বুলি তেওঁ কয়।”

দুখ প্ৰকাশ কৰি তেওঁ আগলৈ কয়– “মোৰ দেশ আৰু দেশৰ নেতৃত্বৰ ওপৰত মোৰ সম্পূৰ্ণ সন্মান আৰু বিশ্বাস আছে। ভাৰত সদায় এখন শক্তিশালী গণতন্ত্ৰ হৈ আহিছে। মোৰ বিশ্বাস যে প্ৰতিজন নাগৰিকৰে সন্মানসহকাৰে নিজৰ মত প্ৰকাশ কৰাৰ অধিকাৰ আছে। ভাল চিন্তাৰ আদান-প্ৰদান আৰু ভিন্ন মতামতসমূহে গণতন্ত্ৰক শক্তিশালী কৰে আৰু দেশৰ প্ৰগতিত সহায় কৰে।”

“কিন্তু মোৰ এই কথাত বৰ দুখ লাগিছে যে মোৰ বক্তব্যটোক কাটি-কুটি আৰু ভুলকৈ উপস্থাপন কৰা হৈছে। কিছুমান মানুহে মোৰ কথাৰ প্ৰসংগ সলনি কৰি তাক চাঞ্চল্যৰূপ দিয়াৰ চেষ্টা কৰিছে। মই তেনে কোনো সমলক (Content) সমৰ্থন নকৰো। মই সকলো লোককে হাত জোৰ কৰি অনুৰোধ জনাওঁ যে আপোনালোকে তেনে লোকক প্ৰশ্ৰয় নিদিব, যিসকলে কেৱল ভাইৰেল হোৱা বা চাঞ্চল্য সৃষ্টি কৰাৰ বাবে কাৰোবাৰ কথা বিকৃত কৰি উপস্থাপন কৰে।”

আচলতে, কেইদিনমান পূৰ্বে অনুৰাধা পৌড়ৱালে এক বাৰ্তালাপৰ সময়ত দেশৰ শিক্ষা ব্যৱস্থা আৰু ভাৰত ‘বিশ্বগুৰু’ হোৱাৰ দাবীক লৈ নিজৰ চিন্তা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ৰিপৰ্টসমূহ চাই তেওঁ দুঃখিত হৈছে যে দেশত ৯৪ হাজাৰতকৈও অধিক স্কুল বন্ধ হৈ গৈছে, অৰ্থাৎ গড়ে প্ৰতিদিনে ২৪ খনকৈ স্কুল বন্ধ হৈছে। তেওঁৰ মতে, যদি শিশুসকলৰ শিক্ষা দুৰ্বল হয়, তেন্তে ভাৰতৰ ভৱিষ্যতো প্ৰভাৱিত হ’ব।

এই একেটা বাৰ্তালাপতে অনুৰাধা পৌড়ৱালে অযোধ্যাৰ শ্ৰী ৰাম লালা মন্দিৰত দানৰ ধন চুৰি হোৱাৰ কথাও উল্লেখ কৰিছিল। তেওঁ কৈছিল যে যদি ইমান আস্থা থকা স্থানসমূহতো এনেধৰণৰ ঘটনাৰ খবৰ পোহৰলৈ আহে, তেন্তে ই চিন্তাজনক বিষয়। তেওঁ কয় যে যদি ভাৰতে সঁচাকৈয়ে ‘বিশ্বগুৰু’ হ’ব খোজে, তেন্তে আটাইতকৈ প্ৰথমে সেই মূল্যবোধ আৰু নীতিসমূহক শক্তিশালী কৰিব লাগিব, যাৰ ওপৰত এই সপোনটো টিকি আছে।

লগতে পঢ়ক: “তেওঁক মৰিবলৈ নিদিব”; সোণম ৱাংচুকক লৈ চিন্তিত বিশাল দাদলানী