ধূৰন্ধৰৰ সফলতাৰ পিছত মাচুল বৃদ্ধি অক্ষয় খান্নাৰ; পৰিচালকে ক’লে- ভুল সিদ্ধান্ত

ধূৰন্ধৰৰ সফলতাৰ পিছত মাচুল বৃদ্ধি কৰিছে অক্ষয় খান্নাই।

ধূৰন্ধৰ ছবিখনৰ দুৰ্দান্ত সফলতাই অক্ষয় খান্নাৰ তাৰকাত্ব বৃদ্ধি কৰিছে।ৰেহমান ডাকাইটৰ চৰিত্ৰত তেওঁ উৎকৃষ্ট অভিনয় কৰিছে। ছবিখনৰ সফলতাই সকলোকে উন্মাদ কৰি তুলিছিল।

ইয়াৰ মাজতে খবৰ আহিছে যে,অভিনেতা অক্ষয় খান্নাই দৃশ্যম ৩ ছবিখনৰ বাবে মাচুল বৃদ্ধি কৰিছে।জানিব পৰা মতে,তেওঁ ছবিখনৰ বাবে ২১ কোটি টকা দাবী কৰিছে।অৱশ্যে এই কথা এতিয়াও নিশ্চিত হোৱা নাই।

ফলত মাচুল আৰু সৃষ্টিশীল পাৰ্থক্যৰ বাবে অক্ষয় খান্নাই ছবিখন নকৰাৰ সিদ্ধান্ত লৈছে।ধূৰন্ধৰৰ সফলতাৰ পিছত অভিনেতা গৰাকীৰ মাচুল বৃদ্ধিক ভুল সিদ্ধান্ত বুলি অভিহিত কৰিছে চলচ্চিত্ৰ পৰিচালক মনোজ দেশাই।

এটা বাৰ্তালাপত মনোজ দেশাই কৈছে যে,জানিব পৰা মতে ধূৰন্ধৰৰ সফলতাৰ পিছত অক্ষয়ে মাচুল বৃদ্ধি কৰে।যাৰ বাবে তেওঁ দৃশ্যম ৩ ছবিখনৰ পৰা আঁতৰি আছিল।যিটো মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে এইটো ভুল সিদ্ধান্ত।

যেতিয়াই কোনো তাৰকাই সফলতা লাভ কৰে-যদিও ৩-৪ মিনিটৰ গীতৰ জৰিয়তে হয়-তেওঁলোকে শান্ত হৈ অলপ অপেক্ষা কৰিব লাগিব।অৱশ্যে এয়া মোৰহে মতামত। অক্ষয় নিঃসন্দেহে নিজৰ অধিকাৰৰ মাষ্টৰ; তেওঁ যি বিচাৰে তাকে কৰিব পাৰে।

লগতে পঢ়ক: কেটৰীনা আৰু বিকি কৌশলে শ্বেয়াৰ কৰিলে পুত্ৰৰ প্ৰথমখন ফটো; প্ৰকাশ কৰিলে নাম