নিশিতা গোস্বামী

‘জুবিন দাৰ সৈতে কি হৈছিল মই একোৱেই গম নাপাওঁ’; CIDৰ কাৰ্যালয়ত নিশিতা গোস্বামীৰ বিস্ফোৰক মন্তব্য

CIDৰ কাৰ্যালয়ত নিশিতা গোস্বামীৰ বিস্ফোৰক মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত CID এ তলব কৰিছে অভিনেত্ৰী নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। CIDৰ কাৰ্যালয়ত উপস্থিত হৈ অভিনেত্ৰী নিশিতা গোস্বামীয়ে এক মন্তব্য দিছে। তেওঁ কৈছে যে, জুবিন দাৰ লগত যি হ’ল তাৰ বাবে মোৰ বহুত দুখ

CIDৰ কাৰ্যালয়ত নিশিতা গোস্বামীৰ বিস্ফোৰক মন্তব্য

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত CID এ তলব কৰিছে অভিনেত্ৰী নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। CIDৰ কাৰ্যালয়ত উপস্থিত হৈ অভিনেত্ৰী নিশিতা গোস্বামীয়ে এক মন্তব্য দিছে।

তেওঁ কৈছে যে, জুবিন দাৰ লগত যি হ’ল তাৰ বাবে মোৰ বহুত দুখ লাগিছে। আজি CIDৰ কাৰ্যালয়ত মই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ আহিছো। মই ছিংগাপুৰত অনুস্থিত হোৱা নৰ্থ-ইষ্ট ফেষ্টিভেললৈ যোৱাটো সঁচা।

কিন্তু মই অনুষ্ঠানটোৰ সৈতে জড়িত নাছিলো। তাত উপস্থিত হোৱাৰ পিছত জুবিনদাৰ সৈতে মোৰ কথা হোৱা নাছিল।

তেওঁৰ লগত কি হৈছিল সেই কথাও মই একোৱে গম পোৱা নাছিলো। আপোনালোকে যেনেকৈ খবৰটো পাইছে ময়ো তেনেকৈয়ে ৫ মিনিটৰ আগত খবৰটো পাইছিলো।

এই ঘটনাৰ লগত যিহেতু মোৰ নামতো ওলাই আছে সেয়ে মোক প্ৰশাসনে মাতিছে আৰু মই আহিছো। কিন্তু তাত মই গল্ডিদাক এবাৰো লগ নাপালো। যিটো কথাৰ বাবে এতিয়া মোৰ বেয়া লাগিছে। মই যদি কথা পাতিলো হয় তেন্তে তেওঁক যাব নিদিলো হেতেন।

আনহাতে শ্যামকানু মহন্তক লৈ পাছতহে কথা ক’ম বুলি কলে নিশিতা গোস্বামীয়ে। তেওঁ আৰু কয় বেমাৰী মানুহ এজনক এনেকৈ লৈ যোৱাটো অসাৱধানতাৰ কাম আছিল। শ্যামকানু মহন্তই জুবিনদাক তেনেকৈ লৈ যাব নালাগিছিল।  

লগতে পঢ়ক: ‘জুবিন গাৰ্গক পণ্য সামগ্ৰী বুলি কৈছিল’; সৃজনী ভাস্ব মহন্তৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ