কি পালো কি হেৰুৱালো; আকৌ উভতি চাওঁ ২০২৫ বছৰটোলৈ

কি পালো কি হেৰুৱালো; আকৌ উভতি চাওঁ আহক ২০২৫ বছৰটোলৈ

আকৌ যাবলৈ হ’ল এটা বছৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ হ’ব নতুন এটা বছৰ। এই বছৰটোত কি পালো কি হেৰুৱালো। ৰোমন্থন কৰো ২০২৫ক… চাওতে চাওতে আকৌ এটা বছৰ বাগৰিল। মাজত মাত্ৰ কেইটামান ঘন্টা, দুৱাৰদলিত ৰৈ আছে এটা ইংৰাজী নতুন বছৰ ।নিশা ১২ বজাৰ লগে

আকৌ যাবলৈ হ’ল এটা বছৰ। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আৰম্ভ হ’ব নতুন এটা বছৰ। এই বছৰটোত কি পালো কি হেৰুৱালো। ৰোমন্থন কৰো ২০২৫ক…

চাওতে চাওতে আকৌ এটা বছৰ বাগৰিল। মাজত মাত্ৰ কেইটামান ঘন্টা, দুৱাৰদলিত ৰৈ আছে এটা ইংৰাজী নতুন বছৰ ।নিশা ১২ বজাৰ লগে লগে ইতিহাসে সামৰি ল’ব এই পুৰণি বৰ্ষটো ।

২০২৫ক বিদায় দি আকোঁৱালি ল’ব ২০২৬ক।লুইতৰ বুকুৱে বাগৰি গ’ল বহু পানী।২০২৫বৰ্ষটো অসমবাসীৰ বাবে এক বিষাদৰ বছৰ হৈয়ে ৰ’ল

হাঁহি ধেমালিৰে প্ৰতিজন অসমীয়াৰে নতুন বছৰটো হৈ পৰক সম্বাৱনাৰ বতৰ ।কিন্তু বেদনা পাহৰি আকৌ এবাৰ আমি কম প্ৰণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক ।

ফ্লেছ বেক কৰি যদিহে আমি বছৰটোলৈ চাওঁ কি পালো কি পালো হেৰুৱালো , তাৰ তুলনাত হেৰুৱাৰ সংখ্যাই অধিক । ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি ধৰ্মেন্দ্ৰ, চৈয়দ চাদুল্লা, গায়ত্ৰী হাজৰিকা, দীপক শৰ্মা, ৰাজীৱ শদিয়া, ৰামচৰণ ভঁড়ালী , ফাইলাও বসুমতাৰী, প্ৰতিথযশা সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱা ,হেমন্ত দত্ত , জ্ঞানদা কাকতি, তিমথী দাস হাঞ্চে, পোপ ফ্ৰান্সিছ,শেফালি জাৰিৱালাকে ধৰি বহু স্বনামধন্য শিল্পী, সাহিত্যিক সাংবাদিকক হেৰুৱালে ।

বেদনাগধুৰ এই ২০২৫ বৰ্ষটোতে আকৌ বহু স্বীকৃতিও কঢ়িয়াই আনিলে।ভাৰতৰ মহিলা ক্ৰিকেট টীমটোৱে জয় কৰিছিল মহিলাৰ এদিনীয়া বিশ্বকাপৰ খিতাপ। য’ত আছিল অসম কন্যা উমা ছেত্ৰী।

ছিমু দাস , জিছান আহমেদকলৈ গৌৰাৱান্বিত হৈছে ৰাজ্যবাসী  ।ভাৰতে আঠ বছৰৰ ব্যৱধানৰ অন্তত মাৰ্চ মাহত তৃতীয়বাৰৰ বাবে আই চি চি চেম্পিয়নছ ট্ৰফী জয় কৰে। তাৰ মাজতে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে হিটমেন ৰোহিত শৰ্মা আৰু  বিৰাট কোহলিয়ে।

ইয়াৰ উপৰিও মহাকুম্ভ মেলা–২০২৫, আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ, মহাকুম্ভ মেলাৰ অমৃত স্নানত পদপিষ্ট হৈ ৪০ জন লোকৰ কৰুণ মৃত্যু, নৃত্যৰ যাদুৰে ব্ৰিটেইন গট টেলেন্টৰ মঞ্চত জিলিকি উঠে অসম কন্যা বিনীতা চেত্ৰী,মহাকাশলৈ উৰা মাৰিছিল শুভাংশু শুক্লা, পেহেলগাম কাণ্ড, অপাৰেচন সেন্দূৰকে আদি কৰি বহু ঘটনাই সাঁচ বহুৱালে সকলোৰে মনত।

 গ্ৰহাণুৰ অনুসন্ধান আৰু গৱেষণাৰ বাবে নাছাৰ পৰা স্বীকৃতি লাভ কৰিছে জিছান আহমেদে । এই ক্ষণত আপুনি মই সকলোৱে পাৰ হোৱা প্ৰতিটো পল পাহৰি , শতৰুক চিনি থৈ , নতুন অভিজ্ঞতা বুটলি নতুন এটা বছৰ , নতুন সময়ক আদৰি লওঁ আহক ।

লগতে পঢ়ক: নিউজিলেণ্ডৰ অকলেণ্ডত নতুন বছৰ উদযাপন; আতচবাজীৰ চমক

শেহতীয়া প্ৰৱন্ধসমূহ