বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব জেনিফাৰ উইংগেট

বিবাহ বিচ্ছেদৰ ১২ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ব জেনিফাৰ উইংগেট 

দ্বিতীয় বিবাহক লৈ শিৰোনাম দখল কৰিছে জেনিফাৰ উইংগেটে । অভিনেত্ৰী গৰাকীৰ বিয়াক লৈ তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। টেলিভিছনৰ জনপ্ৰিয়া অভিনেত্ৰী জেনিফাৰ উইংগেটক লৈ এটা ভাল খবৰ ওলাইছে। অভিনেত্ৰী গৰাকী দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহ বিচ্ছেদৰ বাৰ বছৰৰ

দ্বিতীয় বিবাহক লৈ শিৰোনাম দখল কৰিছে জেনিফাৰ উইংগেটে । অভিনেত্ৰী গৰাকীৰ বিয়াক লৈ তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে।

টেলিভিছনৰ জনপ্ৰিয়া অভিনেত্ৰী জেনিফাৰ উইংগেটক লৈ এটা ভাল খবৰ ওলাইছে। অভিনেত্ৰী গৰাকী দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহ বিচ্ছেদৰ বাৰ বছৰৰ পাছত জেনিফাৰ পুনৰ বিবাহপাশত আবদ্ধ হ’ব।

জেনিফাৰে বিদেশী ব্যৱসায়ী প্ৰেমিক উইলিয়ামৰ সৈতে থকা সম্পৰ্কক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাব বিচাৰিছে। জেনিফাৰে দীৰ্ঘদিন ধৰি ইছমাইল উইলিয়ামৰ সৈতে ডেটিং কৰি আহিছে । এতিয়া বিয়াৰ পৰিকল্পনা সন্দৰ্ভত দম্পতীহালে আলোচনাত মিলিত হৈছে । জেনিফাৰেও বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

জানিব পৰা মতে, জেনিফাৰে প্ৰেমিক উইলিয়ামৰ সৈতে খ্ৰীষ্টান বিয়া পাতিব। ছেপ্টেম্বৰ–অক্টোবৰ বা ডিচেম্বৰ–জানুৱাৰী মাহৰ ভিতৰত এই বিয়া হোৱাৰ সম্ভাৱনা আছে।অৱশ্যে এই সন্দৰ্ভত জেনিফাৰ বা উইলিয়ামে এই বিবাহক লৈ কোনো ঘোষমা কৰা নাই।

উইলিয়ামৰ কথা ক’বলৈ গ’লে তেওঁ ছিংগাপুৰৰ এজন ব্যৱসায়ী। তেওঁ মনোৰঞ্জন উদ্যোগৰ নহয়; তেওঁ বিত্ত খণ্ডত কাম কৰে।উইলিয়ামে ডিজিটেল সম্পত্তি, প্ৰশিক্ষণ, আৰু বৈদেশিক মুদ্ৰাৰ বজাৰতো কাম কৰিছে। সংবাদ মাধ্যমৰ লাইমলাইটৰ পৰা আঁতৰি থকাটোৱেই তেওঁ পছন্দ কৰে।

অভিনেত্ৰীগৰাকীয়ে ২০১২ চনত কৰণ সিং গ্ৰ’ভাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও দুবছৰৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

লগতে পঢ়ক: ‘অৱশেষত এটা সপোনে প্ৰাণ পাই উঠিলে’: নতুন গজলটোক লৈ পাপনৰ আৱেগিক পোষ্ট

শেহতীয়া প্ৰৱন্ধসমূহ