আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা আৰু নাই…
বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান। দীৰ্ঘদিন ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী।উন্নত চিকিৎসাৰ বাবে কেইবাদিন ধৰি চেন্নাইৰ এখন হাস্পতালৰ ICU ত ভৰ্তি হৈ আছিল বাঁহীবাদক গৰাকী।
২২ অক্টোবৰত চেন্নাইলৈ লৈ যোৱা গৈছিল বাঁহীবাদক গৰাকী। কিন্তু চিকিৎসাধীন অৱস্থাতে আজি পুৱা ৬:১৫বজাত ৰেলা হাস্পতালত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ।
তেওঁৰ মৃত্যু সমগ্ৰ সাংস্কৃতিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। শিল্পী গৰাকীৰ বিয়োগত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।
লগতে পঢ়ক: মাতৃহাৰা হ’ল বলিউডৰ অভিনেতা পংকজ ত্ৰিপাঠী…









