ছচিয়েল মিডিয়া এপ ব্যৱহাৰ সন্দৰ্ভত ভাৰতীয় সেনাই নিজৰ জোৱানসকলৰ বাবে এক নতুন নীতি জাৰি কৰিছে…
সামাজিক মাধ্যম বা ছচিয়েল মিডিয়া এপ ব্যৱহাৰ সন্দৰ্ভত ভাৰতীয় সেনাই নিজৰ জোৱানসকলৰ বাবে এক নতুন নীতি জাৰি কৰিছে । ইয়াত স্পষ্ট কৰা হৈছে যে সেনা জোৱানসকলে কেনেকৈ ছচিয়েল মিডিয়া এপ ব্যৱহাৰ কৰিব পাৰিব । তথ্য অনুসৰি ইনষ্টাগ্ৰামৰ দৰে এপ এতিয়া কেৱল তথ্য চোৱা আৰু নিৰীক্ষণৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব । জোৱানসকলে ইনষ্টাগ্ৰামত মন্তব্য বা মতামত শ্বেয়াৰ কৰিব নোৱাৰিব । ইফালে স্কাইপ, হোৱাটছএপ, টেলিগ্ৰাম আৰু চিগনেলৰ দৰে এপত সাধাৰণ আৰু অসংবেদনশীল তথ্য শ্বেয়াৰ কৰাৰ অনুমতি দিয়া হৈছে ।
কিন্তু এনে তথ্য চিনা-পৰিচয় থকা ব্যক্তিৰ সৈতেহে ভাগ-বতৰা কৰিব পাৰিব । ব্যৱহাৰকাৰীয়ে যিজন ব্যক্তিলৈ তথ্য প্ৰেৰণ কৰিছে তেওঁক সঠিকভাৱে চিনাক্ত কৰাটো ব্যৱহাৰকাৰীৰ দায়িত্ব । তদুপৰি ইউটিউব, এক্স, কোৰা, ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্ম কেৱল তথ্য বা শিক্ষামূলক উদ্দেশ্যৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব । এই প্লেটফৰ্মসমূহ কেতিয়াও ব্যক্তিগত বিষয়বস্তু আপলোড কৰাৰ বাবে নহয় ।
আনহাতে লিংকডইন কেৱল ৰিজিউম আপলোড কৰিবলৈ বা চাকৰি/কৰ্মচাৰীৰ তথ্য লাভ কৰিবলৈহে ব্যৱহাৰ কৰিব পাৰিব । সেনা বিষয়াসকলে কয় যে এই পদক্ষেপ সৈনিকৰ সুৰক্ষা আৰু স্পৰ্শকাতৰ তথ্যৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ।
লগতে পঢ়ক : ওড়িশাত নিহত শীৰ্ষ মাওবাদী গণেশ উইকেসহ ৬ নক্সালবাদী… মূৰৰ দাম আছিল ১ কোটি









