এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে ভাৰতে ৰাছিয়াৰ পৰা শীঘ্ৰেই ক্ৰয় কৰিব বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰ

এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম ভাৰতে শীঘ্ৰেই ৰাছিয়াৰ পৰা এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ সাজু হৈছে । এই চুক্তিৰ মূল্য প্ৰায় ১০,০০০ কোটি বুলি জানিব পৰা গৈছে । ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ ব্যৱস্থাই ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে নিজৰ ফলপ্ৰসূতা প্ৰমাণ কৰিছে । চাৰিদিনীয়া

এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম

ভাৰতে শীঘ্ৰেই ৰাছিয়াৰ পৰা এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেমৰ বাবে বৃহৎ সংখ্যক ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিবলৈ সাজু হৈছে । এই চুক্তিৰ মূল্য প্ৰায় ১০,০০০ কোটি  বুলি জানিব পৰা গৈছে । ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ ব্যৱস্থাই ইতিমধ্যে পাকিস্তানৰ বিৰুদ্ধে নিজৰ ফলপ্ৰসূতা প্ৰমাণ কৰিছে । চাৰিদিনীয়া সংঘাতৰ সময়ত এই শত্তিশালী ব্যৱস্থাই ৩০০ কিলোমিটাৰ দূৰত্বৰ পৰা পাঁচৰ পৰা ছয়খন পাকিস্তানী যুদ্ধ বিমান আৰু এখন চোৰাংচোৱা বিমান ধ্বংস কৰে । বায়ুসেনাই ইয়াক গেম চেঞ্জাৰ বুলি অভিহিত কৰিছে ।

জানিব পৰা মতে বায়ুসেনাই নিজৰ বায়ু প্ৰতিৰক্ষা ক্ষমতা আৰু অধিক শক্তিশালী কৰাৰ বাবে এই ক্ষেপণাস্ত্ৰ ক্ৰয় কৰিব বিচাৰিছে । এই চুক্তি সন্দৰ্ভত ভাৰত আৰু ৰাছিয়াৰ মাজত আলোচনা চলি আছে । ২৩ অক্টোবৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা অধিগ্ৰহণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব, য’ত এই প্ৰস্তাৱৰ ওপৰত আলোচনা হ’ব পাৰে ।

ভাৰতে এতিয়া নিজৰ বায়ুসেনাত আৰু এছ-৪০০ স্কোৱাড্ৰন সংযোজন কৰাৰ পৰিকল্পনা কৰিছে । ইতিমধ্যে ৰাছিয়াৰ পৰা তিনিটা অপাৰেচনেল স্কোৱাড্ৰন লাভ কৰিছে । চতুৰ্থ স্কোৱাড্ৰন ডেলিভাৰী হোৱাৰ ঠিক আগতেই ৰুছ-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল । বাকী দুটা স্কোৱাড্ৰনৰ ডেলিভাৰী ক্ষিপ্ৰতাৰে কৰিবলৈ ৰাছিয়াক অনুৰোধ জনাইছে ভাৰতে ।

ইফালে এছ-৫০০ এয়াৰ ডিফেন্স চিষ্টেম সন্দৰ্ভতো দুয়োখন দেশৰ মাজত আলোচনা চলি আছে । ভাৰতে নিজৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ ক্ষমতা আৰু অধিক বৃদ্ধিৰ বাবে ৰাছিয়াৰ পৰা নতুন এয়াৰ টু এয়াৰ মিছাইল ক্ৰয় কৰাৰ বিকল্পও বিবেচনা কৰিছে ।

লগতে পঢ়ক : আই এন এছ বিক্ৰান্তত নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ