গৰমৰ দিনত কেনেদৰে যতন ল’ব চুলিকোচাৰ; ঘৰতে কৰক এই কাম

প্ৰখৰ ৰ’দ, অনবৰতে বাহিৰ হোৱা ঘাম, আৰ্দ্ৰতাৰ অভাৱ আৰু আন বহুতো কাৰকৰ বাবে পুৰুষ-মহিলা সকলোৱে চুলিৰ সমস্যাত ভোগে ৷ বহু সময়ত চুলিৰ যত্ন ল’বলৈ পাৰ্লাৰলৈ গৈ বিভিন্ন নামী দামী হেয়াৰ স্পা লোৱাৰ বাবে বহুত সময় আৰু ধন খৰচ হয়। ইয়াৰ বিপৰাতে ঘৰতে চুলিৰ যত্ন ল’ব

প্ৰখৰ ৰ’দ, অনবৰতে বাহিৰ হোৱা ঘাম, আৰ্দ্ৰতাৰ অভাৱ আৰু আন বহুতো কাৰকৰ বাবে পুৰুষ-মহিলা সকলোৱে চুলিৰ সমস্যাত ভোগে ৷

বহু সময়ত চুলিৰ যত্ন ল’বলৈ পাৰ্লাৰলৈ গৈ বিভিন্ন নামী দামী হেয়াৰ স্পা লোৱাৰ বাবে বহুত সময় আৰু ধন খৰচ হয়। ইয়াৰ বিপৰাতে ঘৰতে চুলিৰ যত্ন ল’ব পাৰে।  ঘৰত কেনেদৰে ল’ব চুলিৰ যতন জানো আহক

১) নিয়মিতভাৱে সপ্তাহত কমেও দুবাৰকৈ তেল লগাব লাগে।চুলিৰ গুৰি মজবুত কৰিবলৈ ‘Hot Oil Treatment’ ৰ সংমিশ্ৰণ লগাব লাগে।

২) চুলিৰ ৰুক্ষতা দূৰ কৰাত আলমণ্ড অইল, মৌ আৰু দৈ পেক অতি ফলপ্ৰসূ। নেমুৰ ৰস আৰু কণীৰ কুহুম মিহলাইও প্ৰয়োগ কৰিব পাৰে। এই পেকে হেৰাই যোৱা চুলিখিনি ঘূৰাই আনিব পাৰে।

৩) অত্যাধিক গৰমে চুলিৰ আমাৰ শৰীৰৰ লগতে চুলিৰ পৰা সকলো আৰ্দ্ৰতা নোহোৱা কৰিব পাৰে। সেয়েহে গোটেই দিনটো নিজকে সঠিকভাৱে হাইড্ৰেটেড কৰি ৰাখিব।

৪)গৰম দিন বুলিয়েই নহয়, আন সময়টো চুলি শুকোৱাবলৈ টাৱেলেৰে চুলিকোচা মচিব নালাগে। এনে কৰিলে চুলিৰ আৰ্দ্ৰতা হ্ৰাস পায় আৰু সহজে চুলি সৰে।