ঈদত কোৰবানীৰ পৰা বিৰত থকাৰ আহ্বান: বিভিন্ন ঈদগাহ সমিতিক আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ঈদত কোৰবানীৰ পৰা বিৰত থকাৰ আহ্বান: বিভিন্ন ঈদগাহ সমিতিক আদৰণি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আগন্তুক পবিত্ৰ ঈদ-উল-আজহা (বকৰী ঈদ)ৰ সময়ত মুছলিম সম্প্ৰদায়ৰ লোকসকলক গৰু কুৰবানীৰ পৰা বিৰত থাকিবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাইছে হোজাই, ধুবুৰী, বঙাইগাঁও আৰু উধৰবন্ধ আদি অঞ্চলৰ ঈদ কমিটিসমূহে ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিৰ পৰিৱেশ অধিক সৱল কৰাৰ লক্ষ্যৰে এক অভূতপূৰ্ব তথা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ কেইবাখনো

আগন্তুক পবিত্ৰ ঈদ-উল-আজহা (বকৰী ঈদ)ৰ সময়ত মুছলিম সম্প্ৰদায়ৰ লোকসকলক গৰু কুৰবানীৰ পৰা বিৰত থাকিবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাইছে হোজাই, ধুবুৰী, বঙাইগাঁও আৰু উধৰবন্ধ আদি অঞ্চলৰ ঈদ কমিটিসমূহে

ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি আৰু শান্তিৰ পৰিৱেশ অধিক সৱল কৰাৰ লক্ষ্যৰে এক অভূতপূৰ্ব তথা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে অসমৰ কেইবাখনো ঈদগাহ আৰু কবৰস্থান সমিতিয়ে । আগন্তুক পবিত্ৰ ঈদ-উল-আজহা (বকৰী ঈদ)ৰ সময়ত মুছলিম সম্প্ৰদায়ৰ লোকসকলক গৰু কুৰবানীৰ পৰা বিৰত থাকিবলৈ আনুষ্ঠানিকভাৱে আহ্বান জনাইছে হোজাই, ধুবুৰী, বঙাইগাঁও আৰু উধৰবন্ধ আদি অঞ্চলৰ ঈদ কমিটিসমূহে । ধৰ্মীয় আৱেগক সন্মান জনাই লোৱা এই সিদ্ধান্তক ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনাইছে ।

মুখ্যমন্ত্ৰীৰ আদৰণি আৰু প্ৰশংসা-

এই ইতিবাচক পদক্ষেপক ভূয়সী প্ৰশংসা কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম ‘X’ (পূৰ্বৰ টুইটাৰ)ত এটা পোষ্ট শ্বেয়াৰ কৰে । তেওঁ উল্লেখ কৰে :

“অসমৰ সংখ্যাগৰিষ্ঠ সনাতন ধৰ্মৱলম্বী সমাজৰ আৱেগ-অনুভূতিক সন্মান জনোৱাৰ এই প্ৰয়াসক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ । এনে স্বেচ্ছামূলক কাৰ্যই ৰাজ্যখনত শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ অধিক দৃঢ় কৰিব । মই আশা কৰোঁ আন আন সমিতিসমূহেও অনুৰূপ আহ্বান জনাব । মই সকলো ঈদ সমিতিক আগবাঢ়ি আহিবলৈ আৰু এইবাৰৰ ঈদ সম্পূৰ্ণৰূপে গো-কুৰবানী মুক্ত কৰিবলৈ আহ্বান জনাইছোঁ ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াক ৰাজ্যখনৰ সামাজিক-ধৰ্মীয় গাঁথনি শক্তিশালী কৰাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ বুলিও অভিহিত কৰে ।

আইনী বাধ্যবাধকতা আৰু ধুবুৰী ঈদগাহ সমিতিৰ জাননী-

যোৱা ২৩ মে’ত ধুবুৰী টাউন ঈদগাহ সমিতিয়ে জাৰি কৰা এক আনুষ্ঠানিক জাননীত ৰাজ্যৰ বৰ্তমানৰ আইন অনুসৰি গো-কুৰবানীৰ সৈতে জড়িত কঠোৰ আইনী শাস্তিৰ বিষয়ে ৰাইজক সজাগ কৰি দিয়ে । সমিতিৰ বিবৃতিত স্পষ্টকৈ কোৱা হৈছে :

  • গো-সুৰক্ষা আইন : অসম চৰকাৰে ইতিমধ্যে ‘অসম গো-সুৰক্ষা আইন’ কাৰ্যকৰী কৰিছে, যাৰ অধীনত গো-কুৰবানী দিয়াটো আইনীভাৱে সম্পূৰ্ণ নিষিদ্ধ ।
  • কঠোৰ শাস্তিৰ ব্যৱস্থা : এই আইন উলংঘা কৰিলে জামিনবিহীন ধাৰা প্ৰয়োগ হ’ব । দোষী সাব্যস্ত হ’লে সৰ্বনিম্ন ৩ বছৰৰ পৰা সৰ্বাধিক ৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে গধুৰ জৰিমনা ভৰিব লাগিব পাৰে ।

ইছলাম ধৰ্মত গৰু কুৰবানী বাধ্যতামূলক নহয় : সমিতি

ধৰ্মীয় দিশটো স্পষ্ট কৰি ধুবুৰী ঈদগাহ সমিতিয়ে উল্লেখ কৰে যে ইছলাম ধৰ্মত গৰু কুৰবানী দিয়াটো কোনো কাৰণতে বাধ্যতামূলক নহয় । অসমত গৰু পৰম্পৰাগতভাৱে সহজে উপলব্ধ যদিও, ইছলামিক ন্যায়শাস্ত্ৰই কুৰবানীৰ বাবে আন বিকল্প কৰাৰ সম্পূৰ্ণ অনুমতি দিয়ে । গতিকে এই নিষেধাজ্ঞাই ধৰ্মীয় কৰ্তব্য পালনত কোনো বাধাৰ সৃষ্টি নকৰে ।

ছচিয়েল মিডিয়াৰ বাবে কঠোৰ নিৰ্দেশনা-

অতীতৰ কিছুমান স্পৰ্শকাতৰ ঘটনা আৰু “অজ্ঞাত দুষ্কৃতিকাৰী”ৰ দ্বাৰা শান্তি বিঘ্নিত কৰাৰ প্ৰয়াসৰ কথা মনত ৰাখি সমিতিসমূহে এক মান্য পৰিচালন প্ৰক্ৰিয়া (SOP) বা নিৰ্দেশাৱলী জাৰি কৰিছে । সমাজত পাৰস্পৰিক বিশ্বাস আৰু সন্মান বজাই ৰাখিবলৈ তলত দিয়া কথাবোৰত গুৰুত্ব দিয়া হৈছে :

  • ফটো-ভিডিঅ’ শ্বেয়াৰ কৰাত নিষেধাজ্ঞা : বলি দিয়া জন্তু বা মাংসৰ কোনো ফটো অথবা ভিডিঅ’ ছচিয়েল মিডিয়াত বা মুকলিকৈ শ্বেয়াৰ কৰিব নোৱাৰিব, যাতে সনাতন ধৰ্মৱলম্বী লোকসকলৰ আৱেগত আঘাত নালাগে ।
  • সজাগতা : যিকোনো ধৰণৰ উচতনিমূলক কাৰ্যৰ পৰা বিৰত থাকিবলৈ সমাজৰ সকলো শ্ৰেণীৰ লোককে আহ্বান জনোৱা হৈছে ।

দেশজুৰি প্ৰস্তুতি

চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি অহা ২৭ মে’ত বকৰী ঈদ উদযাপন কৰাৰ সম্ভাৱনা আছে । কেৱল অসমে নহয়, উৎসৱৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যই পশু কুৰবানী, ছচিয়েল মিডিয়াৰ ব্যৱহাৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু আইন-শৃংখলা নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে । অসমৰ এই সমিতিসমূহৰ স্বতঃস্ফূৰ্ত সিদ্ধান্তই সমগ্ৰ দেশতে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : দিল্লীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ