বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান

বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক বিজেপিয়ে ৰাজ্যখনৰ বানপীড়িত সকলৰ বাবে ১২ টোকি টকাৰ সাহাৰ্যৰ অভিযান আৰম্ভ কৰিছে বুলি উল্লেখ কৰে। বৰ্তমান চলি থকা বান ৰাহাত কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ বিজেপি কৰ্মীসকলক বানাক্ৰান্ত লোকসকলৰ বাবে সাহায্য অভিযানত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক বিজেপিয়ে ৰাজ্যখনৰ বানপীড়িত সকলৰ বাবে ১২ টোকি টকাৰ সাহাৰ্যৰ অভিযান আৰম্ভ কৰিছে বুলি উল্লেখ কৰে।

বৰ্তমান চলি থকা বান ৰাহাত কাৰ্যসূচী সম্পৰ্কে উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ অসমৰ বিজেপি কৰ্মীসকলক বানাক্ৰান্ত লোকসকলৰ বাবে সাহায্য অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। দেওবাৰে আজাৰাত মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি,  অসম ৰাজ্যিক বিজেপিয়ে ৰাজ্যখনৰ বানপীড়িত ২ লাখ মহিলাক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক বস্ত্ৰ বিতৰণৰ বাবে ১২ কোটি টকাৰ এক সাহায্য পদক্ষেপ আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে ২০০০ টকাতকৈ কম বৰঙণি আগবঢ়াব বিচৰা দলীয় কৰ্মী আৰু সমৰ্থকসকলক নিজৰ নিজৰ স্থানীয় বিধায়কসকলৰ হাতত অনুদান তুলি দিবলৈ অনুৰোধ জনায়, আনহাতে ২০০০ টকাতকৈ অধিক দান কৰাসকলে পোনপটীয়াকৈ দলটোৰ নিৰ্ধাৰিত বেংক একাউণ্টত ধন জমা কৰিব পাৰিব, যাৰ সবিশেষ সামাজিক মাধ্যমত প্ৰকাশ কৰা হ’ব।

অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ বিজেপি কৰ্মীসকলে এই পদক্ষেপলৈ সমৰ্থনৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ আশা প্ৰকাশ কৰে যে অহা চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত লক্ষ্যভিত্তিক ১২ কোটি টকা সংগ্ৰহ কৰা হ’ব, যাৰ ফলত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত পৰিয়ালসমূহৰ ওচৰত ক্ষিপ্ৰতাই সাহায্য পোৱাটো সম্ভৱ হৈ উঠিব। মুখ্যমন্ত্ৰীয়ে কয়, এই অভিযানৰ জৰিয়তে বানত ক্ষতিগ্ৰস্ত আই-মাতৃ আৰু শিশুসকলৰ কাষত থিয় হোৱাৰ লগতে সমাজৰ সকলো স্তৰৰ লোকে এই সাহায্য কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ