পৰাজিত হ’লেও জিনিলে হৃদয়, ওচলোত নৰৱে ফুটবল দলক অভূতপূৰ্ব আদৰণি

পৰাজিত হৈয়ো জিনিলে হৃদয়, ওচলোত নৰৱে ফুটবল দলক অভূতপূৰ্ব আদৰণি

নৰৱেৰ ৰাজধানী ওচলোত এক লাখতকৈও অধিক সমৰ্থক একত্ৰিত হৈ নিজৰ প্ৰিয় খেলুৱৈসকলক ৰাজকীয় আদৰণি জনায় ফিফা বিশ্বকাপ ২০২৬-ত নৰৱেৰ স্মৰণীয় অভিযান কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰ’ল । ইংলেণ্ডৰ বিৰুদ্ধে অতিৰিক্ত সময়ত ২-১ গ’লত পৰাজিত হৈ দলটোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হয় যদিও নিজ দেশত খেলুৱৈসকলক নায়কৰ

নৰৱেৰ ৰাজধানী ওচলোত এক লাখতকৈও অধিক সমৰ্থক একত্ৰিত হৈ নিজৰ প্ৰিয় খেলুৱৈসকলক ৰাজকীয় আদৰণি জনায়

ফিফা বিশ্বকাপ ২০২৬-ত নৰৱেৰ স্মৰণীয় অভিযান কোৱাৰ্টাৰ ফাইনেলতে থমকি ৰ’ল । ইংলেণ্ডৰ বিৰুদ্ধে অতিৰিক্ত সময়ত ২-১ গ’লত পৰাজিত হৈ দলটোৰ বিশ্বকাপ জিকাৰ সপোন ভংগ হয় যদিও নিজ দেশত খেলুৱৈসকলক নায়কৰ দৰে আদৰণি জনোৱা হৈছে । সোমবাৰে নৰৱেৰ ৰাজধানী ওচলোত এক লাখতকৈও অধিক সমৰ্থক একত্ৰিত হৈ নিজৰ প্ৰিয় খেলুৱৈসকলক ভব্য আদৰণি জনায় আৰু সমগ্ৰ দেশজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

ৰাজপ্ৰসাদত ৰজাৰ সৈতে সাক্ষাৎ

বিশ্বকাপৰ পৰা বিদায় লৈ ওচলোত উপস্থিত হোৱাৰ লগে লগে নৰৱে ফুটবল দলটোক পৰম্পৰাগত ‘ৱাটাৰ কেনন চালুট’ প্ৰদান কৰা হয় । ইয়াৰ পিছতে চহৰখনত এক বিশাল ৰোড শ্ব’ আয়োজন কৰা হয় । দলটোৰ খেলুৱৈসকলে প্ৰথমে ৰাজপ্ৰসাদত ৰজা হাৰাল্ডৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় । ইয়াৰ পিছতে খেলুৱৈসকলে প্ৰসাদৰ বাৰাণ্ডাৰ পৰা সমবেত হাজাৰ হাজাৰ সমৰ্থকক অভিবাদন জনায় ।

এই আনন্দৰ মুহূৰ্ততে ক্ৰাউন প্ৰিন্স হাকনে নিজে ড্ৰাম বজাই দলৰ পৰম্পৰাগত শ্লোগান “ভাইকিং ৰ’ (Viking row)”-ৰ নেতৃত্ব দিয়ে । অৱশ্যে, এক জৰুৰী বিমান ধৰিবলগীয়া হোৱা বাবে দলৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ড আৰু মিডফিল্ডাৰ চাণ্ডাৰ বাৰ্গে এই উদযাপনত উপস্থিত থাকিব নোৱাৰিলে ।

“বাহিৰত থকাটো ভাল, ঘৰত থকাটোৱেই শ্ৰেষ্ঠ”

নৰৱেৰ ৰাষ্ট্ৰীয় ফুটবল দলে তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলত এই ঐতিহাসিক আদৰণিৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ কেপচনত তেওঁলোকে নৰৱেৰ জনপ্ৰিয় প্ৰবাদ— “Borte bra, hjemme best” (বাহিৰত থকাটো ভাল, ঘৰত থকাটোৱেই শ্ৰেষ্ঠ)— বুলি উল্লেখ কৰিছে । সমগ্ৰ দেশে দলটোৰ এই অভূতপূৰ্ব প্ৰদৰ্শনক লৈ গৌৰৱ অনুভৱ কৰিছে ।

অভাৰহেড কেবল আৰু এক ব্যংগাত্মক সংযোগ!

ওচলোৰ মাজেৰে যোৱা মুকলি বাছৰ পেৰেডটোত ইমানেই ভিৰ হৈছিল যে আৰক্ষীয়ে সমৰ্থকৰ ভীৰ আঁতৰাই বাছখন কিছুসময় পিছহুহকাই আনিবলগীয়া হৈছিল । কেৱল এয়াই নহয়, ৰাস্তাৰ কম ওখ অভাৰহেড কেবলৰ (বিদ্যুৎ বা সংযোগকাৰী তাঁৰ) বাবে বাছখন স্তব্ধ হৈ পৰে আৰু ওপৰৰ ডেকত থকা খেলুৱৈসকল বহিবলৈ বাধ্য হয় ।

এই কেবলৰ ঘটনাটোক লৈ ছচিয়েল মিডিয়াত চৰ্চা আৰম্ভ হৈছে । আচলতে ইংলেণ্ডৰ বিৰুদ্ধে মেচখনৰ পিছত প্ৰশিক্ষক চলবাক্কেনে অভিযোগ কৰিছিল যে জুড বেলিংহামৰ সমতা স্থাপনকাৰী গ’লটোৰ ঠিক আগে আগে বলটোৱে ষ্টেডিয়ামৰ কেমেৰা কেবলত খুন্দা খাইছিল । অৱশ্যে ফিফাই এই দাবী বাৰে বাৰে নাকচ কৰি আহিছে ।

সকলো বাধা-বিঘিনি নেওচি অৱশেষত পেৰেডটো চিটি হ’ল স্কোৱাৰত উপস্থিত হয়, য’ত ধৈৰ্য্যৰে বাট চাই থকা হাজাৰ হাজাৰ সমৰ্থকে খেলুৱৈসকলৰ সৈতে নৰৱেৰ এই ঐতিহাসিক বিশ্বকাপ যাত্ৰাক উদযাপন কৰে ।

লগতে পঢ়ক : ফুটবল বিশ্বকাপৰ ৯৬ বছৰ: অলিম্পিকৰ পৰা মণ্টেভিডিঅ’ৰ ফাইনেললৈ ৰোমাঞ্চকৰ কাহিনী!